ভালেই কৰিছিল ছানিয়া মিৰ্জাই


দো কচৰী, এক চামোচা, ইন মৰ্দ’ কা ক্যা ভৰ’ছা
এইটো দেশৰ সাম্প্ৰতিক সময়ৰ আটাইতকৈ প্ৰচলিত শ্ল’গান৷ কিন্তু ভাৰতীয় পুৰুষে নহয়, পাকিস্তানী ছোৱাইব মালিকেহে পুৰুষক বিশ্বাস কৰিব নোৱাৰা পৰিস্থিতি সৃষ্টি কৰিছে৷ মন গ’লেই বিয়া পতা হৈছে ছোৱাইব মালিকে৷ অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰাতকৈয়ো ঘনাই ছোৱাইব মালিকে পত্নী সলনি কৰি থকা হৈছে৷ ছানিয়া মিৰ্জাই যে ভালেই কৰিছিল সেইটো ছোৱাইবৰ কাণ্ডই প্ৰমাণ কৰিছে৷ এইবাৰ ছোৱাইবে আকৌ পাতিছে বিয়া৷ চাৰিনম্বৰ নিকাহ কৰি ছোৱাইব মালিকে পূৰ্বৰ পত্নীক তালাক দিছে৷ ছোৱাইবৰ নতুন পত্নীৰ নাম ৱেনিজা ছাত্তাৰ৷ ৱেনিজা পাকিস্তানৰ নৱপ্ৰজন্মৰ সবাতোকৈ প্ৰিয় অভিনেত্ৰীৰ অন্যতম৷
ছোৱাইব মালিকৰ এতিয়া বয়স হৈছে৷ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ছোৱাইব ৪৪ বছৰীয়া হৈছেগৈ৷ তথাপি ডেকা ল’ৰাৰ দৰে অনবৰতে নতুন মহিলাক প্ৰেমৰ জালত বন্দী কৰাটোৱেই ছোৱাইবৰ লক্ষ্য৷ তেওঁ যেতিয়া ছানিয়া মিৰ্জাৰ সৈতে নিকাহ কৰিবলৈ হায়দৰাবাদত উপস্থিত হৈছিল তেতিয়াও একেটা কন্দলেই লাগিছিল৷ ছানিয়া আৰু ছোৱাইবৰ বিয়াৰ পূৰ্বে আয়েশা ছিদ্দিকী নামৰ মহিলাগৰাকীয়ে কন্দা-কটা কৰিছিল৷ কাৰণ ২০০২ চনতে ছোৱাইবে আয়েশাক নিকাহ কৰিছিল৷ কিন্তু গোপন সম্পৰ্কক স্বীকৃতি দিয়া নাছিল ছোৱাইবে৷ আয়েশাক ৰামঠগন দি ছোৱাইবে ছানিয়াক নিকাহ কৰিবলৈ প্ৰস্তুতি চলাইছিল৷
পিছলৈ সেই সত্য মানি লোৱাৰ বাবে ছোৱাইব বাধ্য হ’ল৷ তেওঁ ইছলামিক নীতি অনুসৰি আয়েশাক তালাক দিয়াৰ পিছতহে ছানিয়াৰ সৈতে নিকাহ কৰিব পাৰিলে৷ উপায়ন্তৰ হৈ ছানিয়ায়ো মানি ল’লে ছোৱাইবৰ ধূৰ্তামী৷ কিন্তু ছানিয়াৰ সৈতেও ছোৱাইবে বেছিদিন সংসাৰ কৰিব নোৱাৰিলে৷ ইমান ধুনীয়া পত্নীক ৰামঠগন দি ছোৱাইবে আকৌ নতুন মহিলাৰ সন্ধান কৰিবলৈ ধৰিলে৷ ছোৱাইবে এইবাৰ জালত পেলালে ছানা জাৱেদ নামৰ পাকিস্তানী মডেলক৷ উৰ্দু টিভি চেনেলত এংকৰৰ কাম কৰা ছানাৰ সৈতে ছোৱাইবৰ পৰকীয়া প্ৰেমত ছানিয়া অতিষ্ঠ হ’ল৷ সেয়ে ছোৱাইবক তালাক দি ডুবাইলৈ গুচি গ’ল ছানিয়া৷
তেতিয়াও অকলে নাছিল ছোৱাইব৷ ছানিয়াৰ সৈতে তালাকৰ পিছতে ছোৱাইবে তিনি নম্বৰ বিয়া পাতিলে৷ ছানা জাৱেদক ছোৱাইবে আপোন কৰি ল’লে৷ মাজতে ছানাৰ সৈতে ছোৱাইবৰ ৰোমাঞ্চ তুংগত উঠিছিল৷ ক্ৰিকেট মেচৰ সময়ত ছোৱাইব আৰু ছানাক প্ৰায়ে একেলগেই দেখা গৈছিল৷ কিন্তু যাৰ চৰিত্ৰতে গণ্ডগোল আছে তেওঁ তিনি নম্বৰ পত্নীকো বেইমানী কৰিলে৷ ছোৱাইবে ছানা জাৱেদক বিয়া পতাৰ দুবছৰৰ পিছতে আৰম্ভ কৰিলে পৰকীয়া প্ৰেম৷ পাকিস্তানী অভিনেত্ৰী ৱেনিজা ছাত্তাৰৰ সৈতে ছোৱাইবৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰাত ছানা অতিষ্ঠ হৈছিল৷ তেতিয়াও ছানিয়াৰ দৰে পত্নী ছানাক ছোৱাইবে ঘৰৰ পৰা উলিয়াই দিলে৷
এইবাৰো গোপনে ৱেনিজা ছাত্তাৰক বিয়া পাতিলে ছোৱাইবে৷ খবৰ অনুসৰি দুয়োৰে গোপন নিকাহ সম্পন্ন হৈছে৷ পৰিয়ালৰ সদস্যৰ উপস্থিতিত চাৰি নম্বৰ বিয়াখন পাতিছে ছোৱাইব মালিকে৷ বৰ্তমান ৱেনিজাৰ সৈতে হানিমুন কৰিবলৈ বিদেশত আছে ছোৱাইব৷ কিন্তু চৰিত্ৰহীন ছোৱাইব কিমানদিন চাৰি নম্বৰ পত্নীৰ সৈতে থাকিব পাৰে সেইটো সন্দেহৰ কথা৷ ধুনীয়া ছোৱালী দেখিলেই ছোৱাইব মালিকৰ মন হৈ পৰে অস্থিৰ৷ তেওঁ প্ৰতিদিনে বিচাৰে নতুন মহিলাৰ সান্নিধ্য৷ সুন্দৰী মহিলাৰ সান্নিধ্য পাবলৈ ব্যাকুল ছোৱাইবে পত্নীক বেইমানী কৰে৷ ছোৱাইবৰ চৰিত্ৰ যে বেয়া সেইটো বিয়াৰ আগতেই জানিছিল ছানিয়া মিৰ্জাই৷