বয়ফ্ৰেণ্ডৰ লগত OYO হোটেল যোৱা গাৰ্লফ্ৰেণ্ডৰ ব্যক্তিগত অধিকাৰ
কিন্তু প্ৰেমিকক বিশ্বাসৰ ফলত অসমীয়া যুৱতীৰ জিন্দেগী বৰ্বাদ
গুৱাহাটীৰ এখন OYO হোটেললৈ প্ৰেমিকে মাতি পঠিয়াইছিল এইগৰাকী ধুনীয়া ছোৱালীক৷ গুৱাহাটীৰে স্থায়ী বাসিন্দা ছোৱালীজনীয়ে আগপিছ একো নাভাবি ঘৰত ফাঁকি দিলে৷ উবেৰ ভাৰা কৰি প্ৰেমিকে এড্ৰেছ দিয়া OYO হোটেলখনত তেওঁ উপস্থিত হ’লগৈ৷ মেক-আপ আৰ্টিষ্ট হিচাপে কাম কৰা ছোৱালীজনী তেনেই কম বয়সীয়া৷ যৌৱনৰ বা লাগি তেওঁৰ মন কঁহুৱাৰ দৰে উৰি ফুৰিছে৷ সেয়ে প্ৰেমিকক বাধা দিবলৈ তেওঁৰ মন নগ’ল৷ যুৱতীগৰাকীয়ে OYO হোটেলত উপস্থিত হোৱাৰ লগে লগে ৰাজকীয় আদৰণি জনালে প্ৰেমিকে৷ কিন্তু সেই আদৰণিয়ে তেওঁৰ জীৱনটো ধ্বংস কৰিব পাৰে সেইটো ভাবিবলৈ ছোৱালীজনীয়ে সময়েই নাপালে৷ তেওঁ OYO হোটেলৰ বন্ধ কক্ষত প্ৰেমিকৰ সৈতে পাতিলে ফেমিলী প্লেনিঙৰ কথা৷ বিয়াৰ পিছতে হানিমুন কৰিবলৈ যাবলগীয়া ঠায়ো দুয়ো বাছনি কৰিলে৷ সিমানতে তেওঁলোকৰ ডিছকাছন শেষ নহ’ল৷
কুমলীয়া ছোৱালীজনীক প্ৰেমিকে যেন আহুদি কৰিলে৷ প্ৰেমিকৰ হাতৰ পৰশ পোৱাৰ পিছত উজ্জীৱিত হৈ উঠা যুৱতীগৰাকীয়ে প্ৰতিবাদ নকৰাকৈ খুলিলে বস্ত্ৰ৷ দেউতাকে মৰমেৰে ডাঙৰ কৰা যুৱতীগৰাকী প্ৰেমিকৰ কথামতে OYO হোটেলত উলংগ হৈ পৰিল৷ তেওঁ কিন্তু কামলীলাৰ দৃশ্য প্ৰেমিকে মোবাইলত আবদ্ধ কৰাটো গম পাইছিল৷ তাৰ পিছতো সুন্দৰীয়ে প্ৰতিবাদ নকৰিলে৷ ফেচিয়েল কৰি ধুনীয়া কৰা মুখ কেমেৰাত আবদ্ধ কৰিবলৈ তেওঁ প্ৰেমিকক দিলে সুযোগ৷ যুৱতীগৰাকী আৰম্ভণিৰ পৰা অন্তপৰ্যন্ত প্ৰেমিকৰ ভিডিঅ’ত ওলাল৷ তেওঁৰ নগ্ন অৱস্থা প্ৰেমিকৰ মোবাইলৰ গেলাৰীত সুৰক্ষিত হৈ থাকিল৷ OYO হোটেলত তিনিঘণ্টা অতিবাহিত কৰাৰ পিছতহে ৰূমৰ পৰা ওলাল প্ৰেমাস্পদ৷ নিয়ম পালন কৰি তেওঁলোকে চেক-আউট কৰিলে৷ কিন্তু তেতিয়ালৈ যুৱতীগৰাকীৰ ভৱিষ্যৎ ধ্বংস কৰিবলৈ গড্ডাৰ বয়ফ্ৰেণ্ডে লাভ কৰিছিল প্ৰমাণ৷
এই পৰিস্থিতি যে হ’ব তাৰ অনুমানেই কৰা নাছিল আজলী ছোৱালীজনীয়ে৷ প্ৰেমিকৰ এটা ফোনতে কাম-বন এৰি OYO হোটেলত সোমোৱা যুৱতীয়ে কিছুদিন পূৰ্বে এটা সিদ্ধান্ত লৈছিল৷ মন নিমিলাৰ বাবে তেওঁ বয়ফ্ৰেণ্ডৰ সৈতে কৰিছিল ব্ৰেক-আপ৷ সেইমতে ঘৰৰ পৰা ২৩ বছৰীয়া ছোৱালীজনীৰ বিবাহৰ আয়োজন কৰা হৈছিল৷ সকলো ঠিকেই চলি আছিল৷ এখন নতুন ঘৰৰ বোৱাৰী হৈ যোৱাৰ বাবে সাজু হৈছিল ধুনীয়া ছোৱালীজনী৷ আগৰ প্ৰেমিকৰ কথা তেওঁ প্ৰায় পাহৰিযেই পেলাইছিল৷ কিন্তু তেওঁ পূৰ্বে কৰা ভুলৰ পৰিণাম ভোগ কৰিবলগীয়া হ’ল৷ এক্স গাৰ্লফ্ৰেণ্ডৰ ঘৰত বিয়াৰ প্ৰস্তুতি চলি থাকোতেই ওলাল ভিডিঅ’৷
যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিকে OYO হোটেলৰ ভিডিঅ’টো টেলিগ্ৰাম চেনেলৰ জৰিয়তে ফাদিল কৰি দিলে৷ সেই ভিডিঅ’টোত সকলোৱে দেখিলে গুৱাহাটীৰ অসমীয়া যুৱতীৰ নগ্ন শৰীৰ৷ প্ৰেমিকৰ সৈতে তেওঁ যে OYO হোটেলত অভিসাৰ কৰিছিল সেয়া ভাবী স্বামীৰ পৰিয়ালেও গম পালে৷ ইয়াৰ পিছত বিয়াখন হোৱা অসম্ভৱ হৈ পৰিল৷ টেলিগ্ৰামৰ পিছত হোৱাটছএপ গ্ৰুপতো চিনেমাখন হৈ পৰিল ভাইৰেল৷ লগে লগে ছোৱালীজনীৰ দেউতাকে এডভান্স দি থোৱাৰ পিছতো পেণ্ডেলৰ বুকিং কেন্সেল কৰিবলগীয়া হ’ল৷ বিয়াৰ বাবে গ’ল্ড ফেচিয়েল কৰা কইনাৰ মূৰ ঘূৰাই গ’ল৷ এক্সৰ বাবে ঘৰৰ পৰা ওলাব নোৱাৰা হ’ল সুন্দৰী৷



