বিবাহিত পুৰুষৰ সৈতে হোটেলত ৰূম বুক

এই যুৱতীগৰাকীলৈ এবাৰ ভালকৈ চাওকচোন
দেখাত যুৱতীগৰাকী তেনেই আজলী
কাঁইট গুচাই মাছো খাব নজনাৰ নিচিনাকৈ আছে যুৱতীগৰাকী৷ কিন্তু আজলীৰ ভাওজুৰি আছে বুলিয়েই তেওঁক ইমান ভাল বুলি নাভাবিব৷ সতী সাৱিত্ৰীৰ দৰে থকা যুৱতীগৰাকী তলে তলে সাংঘাতিক৷ তেওঁৰ লক্ষ্য লৈছে চাকৰি কৰা বিবাহিত পুৰুষ৷ পইচা থকা বিবাহিত পুৰুষৰ সৈতে সম্পৰ্ক কৰি সংসাৰ ভঙাই তেওঁৰ উদ্দেশ্য৷ এইবাৰো এজন চহকী পুৰুষক যুৱতীগৰাকীয়ে জালত পেলাইছিলেই৷ কিন্তু অপাৰেশ্যন ছাক্সেছফুল নহ’ল৷ যুৱতীগৰাকীয়ে প্ৰেমিকৰ বুকুত সোমোৱাৰ সময়ত হোটেলৰ ৰূমত অভিযান চলিল৷ তেওঁক ধৰা পেলাই বিবাহিত প্ৰেমিকৰ পত্নী আৰু পৰিয়ালৰ লোকে কাণতলীয়া চৰ উপহাৰ দিলে৷
যুৱতীগৰাকী তেনেই কম বয়সৰ৷ কিন্তু কষ্ট কৰি পইচা ঘটিবলৈ তেওঁ বেয়া পায়৷ ওপৰতে ধন উপাৰ্জন কৰাৰ বুদ্ধি পাঙি তেওঁ বিবাহিত পুৰুষ বিচাৰি ফুৰিছিল৷ পত্নীয়ে শাৰিৰীক সুখ দিব নোৱাৰা পুৰুষ আছিল তেওঁৰ টাৰ্গেট৷ অৱশ্যে তেওঁ কোনো পুৰুষৰ সৈতে বেশ্যাৰ দৰে সম্পৰ্ক কৰা নাছিল৷ সেই লোকজনৰ সৈতে বিয়া হোৱাৰ বাবে প্ৰেম কৰাৰ অভিনয়হে কৰিছিল৷ এইবাৰো গুৱাহাটীৰে এজন ধনী লোক তেওঁৰ জালত পৰিল৷ সুন্দৰী যুৱতীৰ সৈতে ফে’চবুকত আৰম্ভ হোৱা সম্পৰ্কটো হোৱাটছএপলৈ গ’ল৷ লাহে লাহে দুয়ো ওচৰ চাপিল৷ শেষত যুৱতীগৰাকী প্ৰেমিকৰ সৈতে হোটেলৰ ৰূমত সোমালগৈ৷
এই যুৱতীগৰাকীয়ে তেওঁৰ সৈতে সম্পৰ্ক কৰা লোকজনৰ সবিশেষ জানিছিল৷ তথাপি বিয়া হ’ম বুলি দিছিল প্ৰতিশ্ৰুতি৷ তাৰ বিনিময়ত সুন্দৰী যুৱতীয়ে প্ৰেমিকৰ পৰা গিফট আদায় কৰি আছিল৷ আইফোনৰ বিনিময়ত বিবাহিত প্ৰেমিকক দিছিল শৰীৰৰ জুতি৷ গাভৰু শৰীৰৰ সোৱাদ পাই সেই লোকজনো উন্মনা হৈ পৰিছিল৷ কিন্তু তেওঁ যে তলে তলে এটা চক্কৰ চলাই আছে সেয়া জানিছিল পত্নীয়ে৷ সেয়ে স্বামী ঘৰৰ পৰা ওলোৱাৰ লগে লগে পত্নীৰ স্পায়িং আৰম্ভ হৈছিল৷ সেইটো গম নাপাই লোকজন হোটেলৰ ৰূমত ধৰা পৰিল৷ প্ৰেমিকাৰ সৈতে হোটেলত ধৰা পৰাৰ পিছত একো উত্তৰ দিব নোৱাৰা হৈ গ’ল বিশেষ লোকজন৷
তেওঁ তাৰ পৰা পলায়নৰ চেষ্টা কৰিলে৷ কিন্তু প্ৰেমিকক বুকুৰ উম দিবলৈ ইতিমধ্যে নিৰ্বস্ত্ৰ হোৱা প্ৰেমিকা পলাব নোৱাৰা হ’ল৷ ফলত প্ৰেমিকাই প্ৰেমিকৰ পত্নীৰ গতি-বিধি ধৰিব নোৱাৰা হ’ল৷ তথাপি তেওঁলোকে পাৰেমানে সাৱধানতা অৱলম্বন কৰিছিল৷ ঘৰৰ পৰা দূৰৰ হোটেললৈ প্ৰেমিকাক মাতি পঠিয়াইছিল বিবাহিত লোকজনে৷ তথাপি একো লাভ নহ’ল৷ তেওঁৰ পত্নীয়ে গিৰিয়েকৰ পিছা কৰি কৰি হোটেলত প্ৰৱেশ কৰিলে৷
সুখৰ সংসাৰখন ভাঙিবলৈ কিয় তই আহিছিল বুলি সেইগৰাকী যুৱতীক মাৰপিট কৰিলে প্ৰেমিকৰ পত্নীয়ে৷ মুখেৰে একো নামাতি তেওঁ সহ্য কৰি থাকিবলগীয়া হ’ল প্ৰহাৰ৷ যুৱতীগৰাকীক প্ৰেমিকৰ পত্নীয়ে মাৰিলে গোৰ৷ কিন্তু তেওঁ একো নামাতি দোষ যেন স্বীকাৰহে কৰিলে৷ শেষত যুৱতীগৰাকী তাৰ পৰা গুচি গ’ল৷ মোৰ গাত একো দোষ নাই বুলি দাবী কৰিলে ছোৱালীজনীয়ে৷ কিন্তু বিবাহিত পুৰুষক বিচাৰি ফুৰা ছোৱালীজনীৰ ভিডিঅ’ এইবাৰ ভাইৰেল হ’ল৷ গুৱাহাটীৰ হোটেলত হানী ট্ৰেপিঙৰ জালখন ফাদিল হ’ল৷