বিধায়ক হৈ কি কৰিছিল অতুল বৰাই

অতুল বৰা সম্প্ৰতি ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী
কিন্তু আমি ক’বলৈ ওলাইছোঁ ১৯৯৬ চনৰ কথা৷ তাৰো আগতে অতুল বৰা আছুৰ সভাপতি আছিল৷ ১৯৯৬ চনত নতুনৰ গোন্ধ পাইছে ৰাইজে। গোলাঘাট সমষ্টিৰ প্ৰাৰ্থী হৈছিল অতুল বৰা৷ আছুৰ পৰা যোৱা ডাঙৰ নেতা হিচাপে অতুল বৰাক ৰাইজে সমৰ্থন জনালে৷ সমষ্টিত বৈ যোৱা বতাহছাটিত এনে সুগন্ধি এটা বিয়পি গ’ল যে অতুল বৰাক সকলোৱেই সমৰ্থন কৰিবলৈ ধৰিলে৷ অতুল বৰা জিকিলেহে গোলাঘাটত অসমীয়া বৰ্তি থাকিব বুলি প্ৰচাৰ চলিল৷ মুঠতে অতুল বৰা হৈ পৰিল নায়কৰ দৰে৷
সিফালে গোলাঘাটৰে সৰুপথাৰ সমষ্টিৰ প্ৰাৰ্থী আছিল বিনোদ গোৱালা। তেতিয়া গোৱালা এতিয়াৰ ৰূপজ্যোতি কুৰ্মীৰ দৰেই আছিল। সমষ্টিৰ বৰবিয়া, তোলনী বিয়া, ভাওনা, সকাম, ন-খোৱা কোনো অনুষ্ঠান গোৱালাই নেৰে। গোৱালাৰ এটা ডাঙৰ গুণ আছিল বন্ধুত্ব। শ্ৰীকৃষ্ণই যেনেকৈ হস্তিনাপুৰলৈ গৈ দুৰ্যোধনৰ ৰাজ আতিথ্য গ্ৰহণ নকৰি দৰিদ্ৰ বিদুৰৰ ঘৰত অন্ন গ্ৰহণ কৰিছিল, তেনেকৈ গোৱালাই একোখন গাৱঁত সকলোৰে ঘৰত খবৰ-খাতি লৈ গাঁৱখনৰ একেবাৰে দীন-দুখীয়াজনৰ ঘৰত অন্ন গ্ৰহণ কৰিছিল। আলু পিতিকা, পঁইতাভাত যি পায় তাকে আনন্দমনেৰে খাইছিল৷ গতিকে সৰুপথাৰ সমষ্টিত বিনোদ গোৱালাৰ জনপ্ৰিয়তা আছিল তুংগত৷ ১৯৮৫ আৰু ১৯৯১ চনত গোৱালা ইতিমধ্যে বিধায়কো হৈছিল। তেতিয়া গোলাঘাট সমষ্টিৰ ৰাইজে পেটে-পেটে নগেন নেওগক বেয়া পাবলৈ আৰম্ভ কৰিছিল। সেইবাবেও নতুন ডেকা ল’ৰা অতুল বৰাক প্ৰাৰ্থী হিচাপে পায় ৰাইজে নোপোৱাই দি পালে। গোলাঘাটৰ ঘিলাধাৰীৰ অতুল সন্দিকৈৰ হাতী লৈ অতুল বৰাই প্ৰচাৰ চলালে। আৰু দুই এটা হাতী যোগাৰ কৰি অতুল বৰাৰ সমৰ্থনত ৰাইজে শোভাযাত্ৰা বাহিৰ কৰিলে। ঘৰৰ পৰা ৰাস্তালৈ ওলাই ৰাইজে নয়ন জুৰাই চালে সেই পৰিৱৰ্তনৰ বিশাল সমদল। কিন্তু ৰাইজে ভবাৰ দৰে তেতিয়াও সহজ-সৰল নাছিল অতুল বৰা৷
সেই সময়ত সৰুপথাৰ সমষ্টিৰ বিনোদ গোৱালাও পিছপৰি থকা নাছিল৷ তেতিয়াই ঊষা গৰঙাত অতুল বৰাৰ সমদলত পিছ দুৱাৰেদি সৰুপথাৰ সমষ্টিৰ কেইবাহাজাৰ মানুহ ঢোলে-দগৰে, হাতীয়ে-মাউতে লগ লাগিল। গোৱালাৰ বিশাল শক্তি আৰু অতুল বৰাৰ নতুন সন্মিলিত শক্তিয়ে সেইদিনা গোলাঘাট সমষ্টি দলদোপ-হেন্দোলদোপ কৰি তুলিলে। একেদিনাই অতুল বৰাৰ হাৱা-ছাটি ধুমুহাত পৰিণত হ’ল। তেতিয়াৰ পৰা এতিয়ালৈকে ইমান বিশাল নিৰ্বাচনী সমদল কোনেও দেখা নাই বুলি আজিও বুঢ়া-মেথাই কয়।
পিছে তেতিয়া নগেন নেওগো কম শক্তিশালী নাছিল। তথাপি বিধিৰ বিপাক ভোটগণনাৰ পূৰ্বেই নেওগক শিঙিজান পথাৰত আততায়ীয়ে নিধন কৰিলে। আততায়ীয়ে এই ঘৃণনীয় কামটোৰ নাম দিছিল অপাৰেশ্যন ঈগল। পিছলৈ ফলাফল ওলাল, ভবাধৰণেই অতুল বৰা জিকিল। সমষ্টিৰ আশী শতাংশ মানুহে বৰাক কোনোদিন দেখাই নাছিল৷ অতুল বৰা বিধায়ক হ’ল। বিধায়ক হৈ অতুল বৰাই নিজৰ জন্ম গাঁওখন আদৰ্শ গাঁও কৰিবলৈ মিশ্যন আৰম্ভ কৰিলে। দ-বৰাহী,বাম বৰাহী গাঁওৰ ৰাইজক লৈ এখন স্কুল খুলিলে। স্কুলৰ লগত আছিল পকী শৌচাগাৰ। কোনোৱে মাটি দানো দিলে।ৰাইজে কষ্ট কৰি স্কুলখন চলালে।
কিন্তু বিধায়কে মন-কাণ নিদিলে। তাৰ পিছত বৰা গৈ বোকাখাত পালেগৈ।তাতে ঘৰ-দুৱাৰ কৰি ব্যৱসায় ডাঙৰ কৰিলে। এদিন গৈ গণ পৰিষদৰ সভাপতি হ’ল।তাৰ পিছত পদুমৰ পাহিত ওলমি মন্ত্ৰী হ’ল। কিন্তু ১৯৯৬ চনত বৰাই প্ৰতিষ্ঠা কৰা নিজা আদৰ্শ গাঁওখনৰ কি হ’ল! স্কুলখনৰ কি হ’ল! ফটোত থকা এই জঁকাটোৱেই সেই আদৰ্শ গাঁৱৰ স্কুলখন। আৰু এই জঁকাটোৱেই যেন বৰ্তমান গণ পৰিষদ দলৰ অৱস্থা। অতুল বৰাই বিধায়ক হৈয়েই স্থাপন কৰা আদৰ্শ স্কুলখন পানী নিদিয়া ফুলৰ দৰে শুকাই গ’ল৷ কিন্তু স্কুলখনৰ খবৰ কৰিবলৈ আজিপৰ্যন্ত সময় উলিয়াব নোৱাৰিলে ৰাজ্যৰে প্ৰতাপী মন্ত্ৰী অতুল বৰাই৷