মহিলাৰ স্তন মাটিত লাগিলে ভূমিকম্প হয়
সেয়ে মহিলাই কেতিয়াত স্তন মাটিত লাগিব দিব নালাগে
ভূমিকম্প হোৱাৰ আন একো কাৰণ নাই৷ ভূগৰ্ভৰ টেক্টনিক প্লেটৰ বাবে ভূমিকম্প নহয়৷ ভূঁইকঁপ হোৱাৰ মূল কাৰণ হৈছে মহিলাসকল৷ যেতিয়া এগৰাকী মহিলাৰ স্তনৰ ভূমিৰ সৈতে সম্পৰ্ক হয় তেতিয়া ধৰণি কঁপি উঠে৷ মহিলাসকলে স্তন ভূমিত লগাই জোকাৰণিৰ সূচনা হয়৷ সেইবাবে কেতিয়াও মহিলাসকল মাটিত শুব নালাগে৷ মহিলা মাটিত শুলে ঘনাই ভূমিকম্প হৈয়েই থাকিব৷ কাৰণ মহিলা হৈছে মাতৃ৷ মাটিয়ে মাতৃৰ স্পৰ্শ সহ্য নকৰে৷ ফলত ধৰণী কঁপি যায়৷ এই পাণ্ডিত্যপূৰ্ণ ব্যাখ্যাটো কৰিছে এজন গেৰুৱা বসন ধাৰী সন্ন্যাসীয়ে৷ মহাপণ্ডিত সন্ন্যাসীজনৰ নাম অনিৰুদ্ধাচাৰ্য৷ তেওঁ বাৰানসীৰ আশ্ৰমত সদায় সহস্ৰাধিক শিষ্যক সম্বোধন কৰে৷ মগজুত গোটাই থোৱা জ্ঞানবোৰ বিলাই দিয়ে অনিৰুদ্ধাচাৰ্যই৷ সদায় প্ৰবচন দি তেওঁ ভক্তৰ সৈতে কৰে বাৰ্তালাপ৷ মুঠতে অনিৰুদ্ধাচাৰ্যই নজনা কথা একোৱেই নাই৷ তেওঁৰ লাখৰ ঘৰত ভক্ত আছে৷ কেবাহাজাৰ ভক্তই অনিৰুদ্ধাচাৰ্যৰ প্ৰবচন শুনিবলৈ দোকমোকালিতে আশ্ৰমত ভিৰ কৰে৷ বাবা অনিৰুদ্ধাচাৰ্যৰ আগমনৰ লগে লগে আশ্ৰমত হুলস্থূল হয়৷ তেওঁ প্ৰতিদিনে এঘণ্টা ভক্তৰ সৈতে বাৰ্তালাপ কৰে৷ মুঠতে একেবাৰে VIP ফেচিলিটীৰে বাবাই দিয়ে প্ৰবচন৷ আজি তেওঁ প্ৰবচন দি থাকোতে এজন ভক্তই ভূমিকম্পৰ বিষয়ে জানিব বিচাৰিলে৷ বাবা যিহেতু অন্তৰ্যামী সেয়ে দেশত ভূমিকম্প হোৱাৰ আশংকা আছে নেকি বুলি প্ৰশ্ন কৰিলে ভক্তই৷ সেই প্ৰশ্ন শুনি ৰৈয়েই থাকিব নোৱাৰিলে পৰমজ্ঞানী অনিৰুদ্ধাচাৰ্য৷ তেওঁ বৰ্ণনা কৰিলে পৃথিৱী আৰু নাৰীৰ সম্পৰ্ক৷ অনিৰুদ্ধাচাৰ্যৰ মতে ভূমিকম্পৰ বাবে দোষী হৈছে মহিলাসকল৷ এগৰাকী মহিলা সদায় সাৱধান হৈ থাকিব লাগে৷ তেওঁ কেতিয়াও স্তনেৰে ভূমি স্পৰ্শ কৰিব নালাগে৷ যদি কোনো মহিলাই ভূমিত স্তন লগাই তেন্তে ধৰিত্ৰী খঙাল হৈ পৰে৷ সেয়ে স্তনৰ পৰশ পোৱাৰ লগে লগে ধৰিত্ৰীয়ে গাটো কঁপাই দিয়ে৷ মহিলাৰ স্তনৰ স্পৰ্শ নহ’লে ধৰণী কেতিয়াও নকঁপে বুলি ডাঠি নিশ্চিতি প্ৰদান কৰিলে অনিৰুদ্ধাচাৰ্যই৷ তেওঁ সেয়ে মহিলা ভক্তসকলক সেৱা কৰাৰ সময়তো মাটিত স্তন লগোৱাৰ পৰা বিৰত থাকিবলৈ উপদেশ দিলে৷ মহিলাসকলে হাতজোৰ কৰি শুনিলে বাবা অনিৰুদ্ধাচাৰ্যৰ কথা৷ তেওঁ লোকে বাবাৰ কথামতে আজিৰ পৰা সাৱধানে সেৱা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে৷ অৱশ্যে ইমান জ্ঞান বিলায়েই বাবা সন্তুষ্ট নহ’ল৷ তেওঁ ক’লে যে বিজ্ঞানীয়ে কোৱাৰ দৰে ভূমিকম্পৰ আন কাৰণ নাই৷
অৰ্থাৎ মহিলাৰ স্তনৰ পৰশ পালেহে পৃথিৱী কম্পিত হয় বুলি বাবাই একদম ঘোষণাই কৰি দিলে৷ তেওঁ বাৰানসীৰ আশ্ৰমত এই প্ৰবচন দি থাকোতে কেবাহাজাৰ লোকে শুনি আছিল৷ কোনেও অনিৰুদ্ধাচাৰ্যৰ ব্যাখ্যা ভুল বুলি কোৱাৰ সাহস নকৰিলে৷ তেওঁ কথা কৈ থাকোতে সকলোৱে মূৰ দোৱাই শুনি থাকিল৷ বিজ্ঞানক ভুল বুলি কোৱাৰ সাহস কৰা বাবা কিছুদিন পূৰ্বে আমেৰিকাৰ পৰা উভতি আহিছে৷ চিকিৎসা কৰিবলৈ আমেৰিকা যোৱা বাবাই কিন্তু ভক্তক গোমূত্ৰ খোৱাৰহে উপদেশ দিয়ে৷ গোমূত্ৰৰে সকলো ৰোগৰ পৰা মুক্তি সম্ভৱ বুলি দাবী কৰে বাবাই৷ পিছে নিজৰ অসুখ হ’লে উন্নত চিকিৎসাৰ বাবে বিদেশলৈ যায়৷
এইজন মহাজ্ঞানী অনিৰুদ্ধাচাৰ্যই এইবাৰ মহিলাসকলৰ স্তনক ভূমিকম্পৰ বাবে জগৰীয়া কৰিলে৷ স্পষ্টকৈ ক’লে যে মহিলাসকলে যেতিয়াই স্তন ভূমিত লগাই তেতিয়াই ভূমিকম্পৰ সূচনা হয়৷ তাৰ আন কোনো কাৰণ নাই৷ নাৰীকুল সাৱধান হৈ থাকিলেই পৃথিৱীত কেতিয়াও ভূমিকম্প নহয় বুলি তেওঁ দাবী কৰিলে৷



