মিঞাৰ দখলত ডিব্ৰুগড়ৰ চাপৰি
কোচবিহাৰৰ পৰা অহা মুছলমানে পুতিছে খোপনি
বগীবিল ছানি ধৰিছে মিঞা বেদখলকাৰীয়ে৷ ব্ৰহ্মপুত্ৰৰ বিশাল বালিচৰত মিঞাই নিজৰ সাম্ৰাজ্য স্থাপন কৰিছে৷ খেতি কৰিবলৈ সাৰুৱা মাটি পাই মিঞাই তাতে ঘৰ নিৰ্মাণ কৰিছে৷ প্ৰথমে বগীবিলৰ চাপৰিত দুটা পৰিয়ালৰ পৰা বৰ্তমান হাজাৰোধিক পৰিয়ালে থিতাপি লৈছে৷ নামনি অসমৰ উপৰি পশ্চিমবংগৰ পৰাও বগীবিলৰ চাপৰিলৈ আহিছে মিঞা৷ সমীপৱৰ্তী লেঙাপথাৰ গাঁৱৰ পথাৰো মিঞাই ক্ৰমে দখল কৰিছে৷ বগীবিলৰ প্ৰায়বোৰ বালিচৰেই সম্প্ৰতি মিঞাৰ হাততে আছে৷ তাত প্ৰৱেশ কৰি খেতি কৰিবলৈ খিলঞ্জীয়াৰ সাহস নাই৷ বালিচৰত প্ৰৱেশ কৰিলে মাৰিব বুলি খিলঞ্জীয়াক ভাবুকি দিছে দখলদাৰী মিঞাই৷
১০ বছৰ আগলৈ বগীবিলৰ চাপৰিত মিঞাৰ অস্তিত্বই নাছিল৷ বগীবিলৰ বৃহত্তৰ এলেকাটো মিচিঙৰ দখলত আছিল৷ স্থানীয় লোকসকলে বগীবিলৰ বালি চাপৰিত খেতি কৰিছিল৷ তাৰোপৰি তাতে বনশাক বুটলি বিক্ৰীও কৰিছিল মিচিংসকলে৷ কিন্তু দলং নিৰ্মাণ কৰি থকা সময়ত চাপৰিত কেইটামান মিঞা পৰিয়াল বহিল৷ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে হাজাৰোধিক মিঞা পৰিয়ালে দখল কৰিলে বগীবিলৰ চাপৰি৷ এতিয়া সেই এলেকাটো সম্পূৰ্ণ মিঞা গাঁৱত পৰিণত হৈছে৷ পূৰ্বৰ দৰে ভূমিপুত্ৰ মিচিংসকল বগীবিলৰ বালি চাপৰিলৈ যাব নোৱাৰে৷ বনশাক বুটলিবলৈয়ো তাত প্ৰৱেশ কৰাটো বৰ্তমান বিপজ্জনক৷
পূৰ্বে নলটেঙা, পূৰৈশাক আদি বগীবিলৰ চাপৰিতে ছিঙিছিল স্থানীয় মিচিংসকলে৷ সেইবোৰ ডিব্ৰুগড়ৰ বজাৰত বিক্ৰী কৰা হৈছিল৷ বগীবিলৰ ঢেঁকীয়া আছিল বজাৰৰ অন্যতম সামগ্ৰী৷ বৰ্তমান বনশাক উছন কৰি মিঞাই চাপৰিত ঘৰ নিৰ্মাণ কৰিলে৷ বিভিন্ন শাক-পাচলিৰ খেতি কৰি উজনিৰ বজাৰখনো কাৰ্যত: দখল কৰিলে মিঞাই৷ আশ্বৰ্যকৰভাৱে বগীবিলৰ চাপৰি বেদখল কৰা বেছিভাগ মিঞা বঙাইগাঁও অথবা ধুবুৰীৰ নহয়৷ তেওঁলোক অসমৰ বাহিৰৰ মুছলমান৷ অসমীয়া ভাষা ক’ব নজনা মিঞা বেদখলকাৰীয়ে ঘৰ কোচবিহাৰত আছিল বুলি কয়৷ কিন্তু এতিয়া অসমৰ স্থায়ী নাগৰিক বুলি তেওঁলোকে দাবী কৰে৷
এই লোকসকলে কোচবিহাৰৰ পৰা আহি বগীবিলৰ মাটি দখল কৰিলে৷ তেওঁলোকৰ বাবে বগীবিলৰ বালি চাপৰিত আজিকালি থলুৱা মিচিংসকল সোমাব নোৱাৰা হ’ল৷ তাৰ পিছত মিঞাই লাহে লাহে লেঙা পথাৰ গাঁৱৰ কৃষিভূমিও দখল কৰিছে৷ বগীবিলৰ বেদখলকাৰী মিঞাই কমদামতে আধিখেতি কৰা বাবে অসমীয়া কৃষকে পথাৰ চমজাই দিছে৷ পূৰ্বে লেঙা পথাৰ গাঁৱৰ লোকসকলৰ খেতি কৰিছিল ভূমিপুত্ৰ মিচিংসকলে৷ কিন্তু মিঞাই বগীবিল দখল কৰাৰ পিছত তেওঁলোকে একো কাম নোপোৱা হ’ল৷ আনকি বালি চাপৰিত প্ৰৱেশ কৰাৰ সময়ত মিঞাই মিচিঙক আক্ৰমণো কৰিলে৷ সেয়ে চাপৰিলৈ ভয়তে মিচিং নোযোৱা হ’ল৷
এই মিঞা বেদখলকাৰীয়ে স্থানীয় যুৱতীকো বিয়া পাতিছে৷ ইছলাম উপাধিৰ এজন লোকে কোৱামতে তেওঁৰ পত্নী হৈছে ডিব্ৰুগড়ৰ গৰীয়া যুৱতী৷ সেই বেদখলকাৰীসকলৰ ৩০ শতাংশ কিছুদিনৰ ভিতৰতে ডিব্ৰুগড়ৰ জোঁৱাই হৈছে৷ মৰাণৰ গৰীয়া যুৱতীকো বগীবিলৰ বেদখলকাৰী কোচবিহাৰৰ মিঞাই বিয়া পাতিছে৷ আনকি হিন্দু যুৱতীও বগীবিলৰ মিঞা গাঁৱৰ বোৱাৰী হৈছে৷ সেয়ে বহিৰাগত বেদখলকাৰীৰ সাহস বাঢ়িছে৷ ক’ৰবাৰ পৰা আহি বগীবিলত গুণ্ডামী কৰিব পৰা হৈছে অসমীয়া ক’বই নজনা মিঞা৷



