বগা সন্তান বিচাৰিলে খৰচ ৫ লাখ টকা

মানুহটো ক’লা হ’লেও সন্তান হ’ব লাগিব গাখীৰৰ দৰে বগা
সেইবাবে পইচা খৰচ কৰিছে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ চহকী লোকে
বগা সন্তানৰ পিতৃ হ’ব বিচাৰে নেকি? যদি আপুনিও সন্তানৰ বৰণ বগা হোৱাটো বিচাৰে তেনেহ’লে এটা উপায় আছে৷ অৱশ্যে বগা সন্তান জন্ম দিবলৈ কেইলাখমান টকা খৰচ কৰিব লাগিব৷ পইচা খৰচ কৰিলে আপুনি একো চিন্তা কৰাৰ দৰকাৰ নাই৷ তেতিয়া আপোনাৰ সন্তানৰ গাৰ বৰণ বগা হোৱাটো কনফাৰ্ম৷ আপোনাৰ হাতত বগা সন্তান তুলি দিয়াৰ দায়িত্ব গ্ৰহণ কৰিব এদল মহিলাই৷ আপুনি পছন্দৰ সংগী বাছনি কৰিলেই হ’ব৷ তাৰ পিছত সন্তান জন্ম হোৱাৰ পিছত আপুনি গ্ৰহণ কৰিব পাৰিব৷ এই সময়ছোৱাত আপুনি খৰচ কৰি থাকিব লাগিব ধন৷ বগা সন্তান জন্ম দিয়াৰ বাবে আছে ৫ৰ পৰা ৮ লাখ টকাৰ পেকেজ৷ সেইমতে আপুনিও যদি পইচা খৰচ কৰিব পাৰে তেনেহ’লে চিন্তাৰ কোনো কাৰণ নাই৷ আপোনাৰ সন্তানৰ বৰণ বগা কৰাৰ দায়িত্ব গ্ৰহণ কৰিব নেপালী মহিলাই৷ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপালৰ প্ৰায়ভাগ মহিলাৰে গাৰ বৰণ শুধ বগা৷ নেপালী মহিলাসকলে ছালৰ বৰণক লৈ এটা ব্যৱসায় আৰম্ভ কৰিছে৷ তেওঁলোকে বিহাৰ অথবা উত্তৰ প্ৰদেশ সীমান্তৰ নিৰ্দিষ্ট এলেকাত ভাৰতৰ ক’লা পুৰুষৰ সৈতে অভিসাৰ কৰে৷ অৱশ্যে কামলীলা কৰিলেও এই মহিলাসকল বেশ্যা নহয়৷ তেওঁলোকে কামকেলি কৰাৰ উদ্দেশ্য হৈছে গ্ৰাহকৰ সন্তান গৰ্ভত ধাৰণ কৰা৷ মহিলাসকলে বিহাৰ অথবা উত্তৰ প্ৰদেশৰ ক’লা ছালৰ পুৰুষৰ সন্তান গৰ্ভধাৰণ কৰাৰ বিনিময়ত কেবালাখো টকা ডিমাণ্ড কৰে৷ তাৰ বিনিময়ত নেপালী মহিলাই বগা সন্তানেই জন্ম দিয়াৰ গেৰাণ্টী দিয়ে ক’লা গ্ৰাহকক৷ মহিলাগৰাকীয়ে ছাৰ’গেট মাদাৰৰ দৰে আনৰ সন্তান গৰ্ভধাৰণ কৰে৷ গৰ্ভ ধাৰণৰ সময়ছোৱাত প্ৰকৃত পিতৃয়ে মহিলাগৰাকীক সকলো খৰচ দিব লাগে৷ তেওঁ খৰচ দিয়াৰ বিনিময়ত নিৰ্ধাৰিত সময়ত লাভ কৰে বগা সন্তান৷ এই ব্যৱসায়টো কৰি নেপালৰ মহিলাই সীমান্তৱৰ্তী এলেকাত লাখ লাখ টকা উপাৰ্জন কৰি আছে৷ অৱশ্যে ধৰা পৰাৰ ভয়ত বেছিভাগ নেপালী মহিলা ভাৰতলৈ নাহে৷ বগা সন্তানৰ পিতৃ হ’ব বিচৰা লোকসকল নেপাল যাব লাগে৷ তাতে তেওঁলোকে নেপালী মহিলাৰে কৰে সংগম৷
নেপালী মহিলাই চলাই থকা বগা সন্তানৰ ছিণ্ডিকেট কিছুদিন পূৰ্বে ধৰা পৰিছে৷ সততে দেশৰ ৰাজস্থান অথবা মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যতো বেছিভাগ পুৰুষৰ বগা সন্তানৰ প্ৰতি আকৰ্ষণ অধিক৷ তেওঁলোকে বিশেষকৈ কন্যা সন্তান বগা ছালৰ হোৱাটো বাধ্যতামূলক বুলিয়েই ভাবে৷ কিন্তু ক’লা ছোৱালীৰ দেউতাক হ’ব বুলি আশংকা কৰা পুৰুষে নেপালী মহিলাৰ সৈতে কৰে যোগাযোগ৷ বৰ্তমান বিহাৰৰ কেবাজনো লোকে নেপালী মহিলাৰ এজেণ্ট হিচাপে কাম কৰি আছে৷ তেওঁলোক ভাৰাতীয়া মাতৃৰ সৈতে মহাৰাষ্ট্ৰৰ পুৰুষক যোগাযোগ কৰি দিয়ে৷ তাৰ বিনিময়ত এজেণ্টে পইচা পায়৷ এই চক্ৰটো এজেণ্টৰ জৰিয়তে ধৰা পেলাইছে আৰক্ষীয়ে৷
তথ্য অনুসৰি নেপালী মহিলাই ভাৰাতীয়া মাতৃ হোৱাৰ বাবে ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ সময়ত এজেণ্টে তেওঁলোকৰ বিষয়ে প্ৰচাৰ কৰিছে৷ উত্তৰ প্ৰদেশত আনকি ফে’চবুকৰ জৰিয়তেও প্ৰচাৰ কৰা হৈছে বগা সন্তান জন্ম দিয়াৰ সহজ উপায়৷ নেপালী মাতৃৰ সৈতে যোগাযোগ কৰিবলৈ ফে’চবুকত বিজ্ঞাপন দিয়া হৈছে৷ বিষয়টোৰ পম খেদি আৰক্ষীয়ে নেপালী মহিলাৰ সৈতে যোগাযোগ কৰিছিল৷ সেইসূত্ৰে গ্ৰেপ্তাৰ কৰা হৈছে এদল এজেণ্টক৷ তেওঁলোকে সীমান্ত পাৰ কৰাই নেপালী মহিলাৰ কাষলৈ বগা সন্তান বিচৰা ভাৰতীয় পুৰুষক লৈ গৈছিল৷ ধন দি নেপালী মহিলাৰ পৰা বগা সন্তান বিচৰা ভাৰতীয় পুৰুষক গ্ৰেপ্তাৰ কৰা হৈছে৷