বিহাৰীয়ে হাতেৰে ঘোদালি থকা টেঙাপানী আপুনিও খাইছে নেকি
ফুচকাৰ নামত কিমান টকা ওলাই গ’ল আপুনি গম পাইছে নে?
পূজাত গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ অনুমান কৰি জুৰোড তিনিআলিত ফুচকা ব্যৱসায় কৰিছিল এজন অসমীয়া ডেকাই৷ ১০ টকাত পাঁচটা ফুচকা বিক্ৰী কৰি তেওঁ লাভৱান হৈছিল৷ কিছুদিন ভালকৈ চলিছিল মহেশ নামৰ অসমীয়া যুৱকজনৰ ব্যৱসায়৷ কিন্তু তেওঁৰ উন্নতি বিহাৰীয়ে সহ্য কৰিব নোৱাৰিলে৷ মহেশে য’ত ফুচকা বিক্ৰী কৰে তাৰ কাষতে আন দুই বিহাৰীয়েও দোকান বহুৱালে৷ মহেশে ১০ টকাত পাঁচটা ফুচকা দিয়া বাবে বিহাৰীয়ে ৬টাকৈ ফুচকা বিক্ৰী কৰিলে৷ ফলত কিছুদিনৰ ভিতৰতে মহেশৰ বজাৰ বেয়া হৈ গ’ল৷ ১০ টকাত এটা ফুচকা বেছিকৈ পোৱা বাবে গ্ৰাহকে বিহাৰীৰ পৰা খাব ধৰিলে৷ শেষত জুৰোড তিনিআলিৰ পৰা উঠি গ’ল মহেশৰ দোকান৷ তেওঁক পূজাত দোকান দিব নিদিলে বিহাৰী বেপাৰীয়ে৷ এইটো কোনো সাধাৰণ ঘটনা বুলি ভুলতো নাভাবিব৷ দৰাচলতে অসমৰ বজাৰত বিহাৰীৰ মন’পলী আছে৷ বিহাৰীয়ে অসমীয়াক শান্তিৰে বেপাৰ কৰিব নিদিয়ে৷ মহেশক খেদি তাতে দোকান দিয়া বিহাৰী বেপাৰীয়ে ১০ টকাত ৪টাহে ফুচকা বিক্ৰী কৰা হ’ল৷ দৰাচলতে বিহাৰী ফুচকা বেপাৰীও তলে তলে সংগঠিত৷ তেওঁলোকে গুৱাহাটীৰ সকলো এলেকাতে চকু ৰাখে৷ অসমীয়া ডেকাই যাতে ফুচকা ব্যৱসায় কৰিব নোৱাৰে তাৰ বাবে বিহাৰীয়ে পৰিকল্পনা কৰে৷ সেয়ে দুই বিহাৰীয়ে মিলি মহেশৰ দোকান বন্ধ কৰি দিলে৷ আনহাতে গুৱাহাটীত পূজাৰ কেইদিনতে বিক্ৰী হ’ল কমেও ৫৩ লাখ টকাৰ পানীপুৰী৷
ৰামপ্ৰসাদ নামৰ ফুচকা ব্যৱসায়ীজনে প্ৰকাশ কৰা অনুসৰি তেওঁ ঘৰত বনোৱা ফুচকা ১০ টকাত ৩টাকৈ বিক্ৰী কৰে৷ ৰেডিমেড ফুচকা তেওঁ ৫টা দিয়ে৷ পূজাৰ আৰম্ভণিৰ পৰা অষ্টমীলৈ ৰামপ্ৰসাদে দিনে কমেও ৯ হাজাৰ টকাৰ ফুচকা বিক্ৰী কৰিছিল৷ তেওঁৰ মূলধন আছিল মাত্ৰ ১৯০০ টকা৷ এই ১৯০০ টকা খৰচ কৰি ৰামপ্ৰসাদে ৭ হাজাৰৰো বেছি টকা লাভ কৰিবলৈ সক্ষম হৈছে৷ ফাঁচীবজাৰৰ ফুটপাথত পানীপুৰী বিক্ৰী কৰা ৰাজেশ্বৰ নামৰ বিক্ৰেতাজনেও একেই তথ্য প্ৰকাশ কৰিছে৷ ৰাজেশ্বৰে ঠেলাত নিয়ে ২৫০০ টকাৰ সামগ্ৰী৷ তেওঁ পূজাৰ আৰম্ভণিৰ দুদিনতে নিতৌ ১৩ হাজাৰ টকাৰো বেছি ফুচকা বিক্ৰী কৰিবলৈ সক্ষম হৈছে৷ ৰাজেশ্বৰৰ দৰে লাভ উপাৰ্জন কৰিছে বিহাৰৰ শ্যামপ্ৰসাদে৷ তেওঁ বামুণীমৈদামত ফুচকা বিক্ৰী কৰে৷ শ্যামপ্ৰসাদে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীত কমেও ৩০০ বিহাৰী বিক্ৰেতাই ফুচকা বেপাৰ কৰি আছে৷ তেওঁলোকৰ দৈনিক উপাৰ্জন কমেও ৪ হাজাৰ টকা৷ পূজাৰ সময়ত সেই পৰিমাণ কেতিয়াবা ২০ হাজাৰ টকাও হয়গৈ৷ কোনো অসমীয়াই যাতে ফুচকা বেপাৰ কৰিব নোৱাৰে তাৰ প্ৰতি বিহাৰী সতৰ্ক৷
শ্যামপ্ৰসাদে প্ৰকাশ কৰা অনুসৰি তেওঁ পূজাৰ সময়ত ১১ হাজাৰপৰ্যন্ত লাভ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ মাজে মাজে পুলিচক ঘোচ দিও শ্যামপ্ৰসাদ লাভতে আছে৷ তাৰোপৰি তেওঁ পৌৰ নিগমকো পইচা দিব লগীয়া হৈছে৷ মণ্ডপৰ কাষতে ঠেলা লগোৱাৰ বাবে শ্যামপ্ৰসাদে পূজা কমিটীকো দিছে হাত খৰচ৷ তথাপি তেওঁৰ লোকচান হোৱা নাই৷ আমি চৰজমিন নিৰীক্ষণ কৰি লাভ কৰা তথ্য অনুসৰি পূজাৰ কেইদিনত ফুচকাৰ হৈছে ৰমৰমীয়া ব্যৱসায়৷ কমেও ৫৩ লাখ টকাৰ ফুচকা অসমৰ টেঙাপ্ৰেমী যুৱতীয়ে ভক্ষণ কৰিছে৷ বিহাৰীক চহকী কৰি অসমৰ যুৱতীয়ে লেতেৰা হাতেৰে তৈয়াৰ কৰা তেতেলী পানী গিলিছে৷ ফলত পইচা বৰ্হিৰাজ্যলৈ ওলাই গৈছে৷ বিহাৰীয়ে লেতেৰা টেঙাপানী খুৱাই হ’লেও অসমৰ পৰা নিছে ধন৷



