দিনত অংগনৱাড়ী কেন্দ্ৰ, নিশা হৈ পৰে বেশ্যালয়
কথাটো একেবাৰে সত্য৷ দিনত এই ঘৰটোত শতাধিক শিশুৱে খেল-ধেমালি কৰে৷ শিক্ষাগ্ৰহণ কৰিবলৈ অংগনৱাড়ী কেন্দ্ৰতে শিকে৷ ইমান পৱিত্ৰ ভৱনটো নিশাৰ ভাগত বেশ্যালয় হৈ পৰে৷ চৰকাৰী ভৱন নিশাৰ ভাগত হৈ পৰে ধোবাংবাং৷ অংগনৱাড়ী কেন্দ্ৰটো পোহৰাবলৈ লাইটৰ ব্যৱস্থা নাই৷ তাৰে সুযোগ গ্ৰহণ কৰি কিছুমান পাষণ্ডই শিশুৰ শিক্ষাগ্ৰহণৰ স্থলীত নিশা সুৰাপান কৰে৷ এইবাৰ পাষণ্ডৰ দলে অংগনৱাড়ী কেন্দ্ৰতে কামলীলাও কৰিলে৷ প্ৰেমিকাক ঘৰৰ পৰা মাতি নি কামনা পূৰণ কৰিলে লম্পটে৷
ঘটনাটো বিহাৰ বা উত্তৰ প্ৰদেশত সংঘটিত হোৱা নাই৷ অসম মুলুকৰে এটা অংগনৱাড়ী কেন্দ্ৰ বেশ্যালয় হৈ পৰা বুলি স্থানীয় ৰাইজে প্ৰমাণো দিছে৷ সেই কেন্দ্ৰটোত যে কিছুমান নহ’বলগীয়া ঘটনা ঘটি আছে তাৰ প্ৰমাণ ৰাইজে আগতেও পাইছিল৷ কিন্তু হাতে-লোটে কাকো ধৰিব পৰা নাছিল৷ পিছে কিছুদিন পূৰ্বে আন্ধাৰৰ সুযোগ লৈ অংগনৱাড়ী কেন্দ্ৰত যুৱতীয়ে প্ৰৱেশ কৰাৰ সময়ত ছাৰ্জিকেল ষ্ট্ৰাইক চলোৱা হ’ল৷ মেকুৰীৰ দৰে খোজ কাঢ়ি গৈ এদল লোকে ধৰিলে অংগনৱাড়ী কেন্দ্ৰতে আদিম কামনাত লিপ্ত হোৱা যুৱকজনক৷ তেওঁক ধৰা দেখি যুৱতীগৰাকীয়ে পলায়নৰ চেষ্টা কৰিছিল যদিও কিন্তু সফল নহ’ল৷
এই ঘটনাটো ঘটিছে উজনি অসমত৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি অংগনৱাড়ী কেন্দ্ৰটো প্ৰতিষ্ঠা হোৱাৰ দিনধৰি নিশাৰ ভাগত কামলীলা চলি আছে৷ পোহৰৰ ব্যৱস্থা নথকাৰ সুযোগ গ্ৰহণ কৰি পাষণ্ডই সেই পৱিত্ৰ স্থানক বেশ্যালয় কৰি পেলাইছে৷ সেয়ে অংগনৱাড়ী কেন্দ্ৰৰ চৌহদত প্ৰায়ে উদ্ধাৰ হৈছে কনড’ম৷ মদৰ বটল অংগনৱাড়ী কেন্দ্ৰৰ চোতালতে পেলাই থৈ গৈছে পাষণ্ডই৷ পুৱা সেইবোৰ চাফা কৰিবলগীয়া হৈছে অংগনৱাড়ী কৰ্মচাৰীয়ে৷ এইবাৰ সেয়ে অতিষ্ঠ জনতাই নিশা চলালে ছাৰ্জিকেল ষ্ট্ৰাইক৷
কেমেৰা লৈ স্থানীয় লোকে অংগনৱাড়ী কেন্দ্ৰত প্ৰৱেশ কৰা সময়ত অভিসাৰত লিপ্ত হৈ আছিল এহাল প্ৰেমাস্পদ৷ তেওঁলোকে নিৰ্বস্ত্ৰ হৈ যৌৱনৰ আনন্দ উপভোগ কৰি থাকোতেই ৰাইজে অংগনৱাড়ী কেন্দ্ৰত টৰ্চ মাৰিলে৷ সেই কেন্দ্ৰটোত পূৰ্বেও কামলীলা কৰি ধৰা পৰিছিল প্ৰেমাস্পদ৷ কিন্তু তেওঁলোকক স্থানীয় জনতাই ধৰিব পৰা নাছিল৷ সেয়ে এইবাৰ শেনৰ এজাত হৈ অভিযান চলাইছিল অতিষ্ঠ লোকসকলে৷ অভিযোগ অনুসৰি নিৰ্জন স্থানত থকা বাবে অংগনৱাড়ী কেন্দ্ৰটোত কামলীলা কৰিবলৈ সুযোগ পাইছে কামাতুৰে৷
এই কেন্দ্ৰটোত পোহৰৰ ব্যৱস্থা নথকাৰ বাবে পাষণ্ডই লাভ আদায় কৰিছে৷ সদায় তাত সোমাই পৰিৱেশ বেশ্যালয়ৰ দৰে কৰি পেলাইছে৷ নিশা খালী হৈ থকা অংগনৱাড়ী কেন্দ্ৰত শাৰিৰীক সম্পৰ্ক কৰিবলৈ দূৰণিৰ পৰা যোৱা হৈছে প্ৰেমাস্পদ৷ পথত বাইক ৰখাই অংগনৱাড়ী কেন্দ্ৰত কামলীলা কৰি নিশা ওলাই আহে প্ৰেমিক-প্ৰেমিকা৷ সদায় এনে ঘটনা ঘটিয়েই থাকে বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে৷ সেয়ে তেওঁলোকে নিজাববীয়াকৈ পহৰাৰো ব্যৱস্থা কৰিছিল৷ তথাপি কাকো ধৰা পেলাব নোৱাৰি চলালে অভিযান৷ সেই অভিযানত অংগনৱাড়ী কেন্দ্ৰতে উলংগ অৱস্থাত ধৰা পৰিল কামাতুৰ প্ৰেমাস্পদ৷



