GS ৰোডত লাহে লাহে গাড়ীৰ ভিৰ কমিছিল, উজ্জ্বল হৈ উঠিল ষ্ট্ৰীট লাইটৰ পোহৰ
তেতিয়াই ঘটিল এটা ঘটনা৷ দিনৰ ব্যস্ততাৰ পিছত সামান্য জিৰণি লোৱা GS ৰোডত এগৰাকী মহিলাই এজন পুৰুষৰ কলাৰত খামোচ মাৰি ধৰিলে৷ ৰাস্তাৰে একেলগে গৈ থকা সময়তে হঠাতে কালীদেৱীৰ ৰূপ ধাৰণ কৰিলে যুৱতীগৰাকীয়ে৷ তেওঁ কলাৰত ধৰি যুৱকজনক ৰাস্তাৰ কাষলৈ টানি নিলে৷ এইবাৰ সেই যুৱকজনৰ গালত একেলগে পৰিল কেবাটাও কাণতলীয়া চৰ৷ যুৱতীগৰাকীয়ে অবাইচ মাত মাতি তেওঁক চৰিয়ায়েই থাকিল৷ পূৰ্ণহতীয়া চৰৰ কোবত বগা যুৱকজনৰ গাল ৰঙা পৰি গ’ল৷ কিন্তু তেওঁ নিজক বচাবলৈ চেষ্টা নকৰিলে৷ ভুলৰ শাস্তি কান্ধ পাতি লোৱাৰ দৰে যুৱতীগৰাকীৰ চৰ সহ্য কৰিলে তেওঁ৷
এইটো ঘটনা সংঘটিত হোৱাৰ সময়ত GS ৰোডত ভিৰ সামান্য কমিছিল৷ কিন্তু হঠাকে আকৌ মানুহৰ ভিৰ বাঢ়ি গ’ল৷ তেতিয়াহে যুৱতীগৰাকীয়ে মুখ খুলিলে৷ সংগীক চৰিয়াই গাল ৰঙা পেলাই দিয়া যুৱতীয়ে ব্যাখ্যা কৰিলে কাজিয়াৰ আঁৰৰ কাৰণ৷ সুন্দৰীয়ে প্ৰকাশ কৰা অনুসৰি সেই যুৱকজনৰ সৈতে তেওঁৰ আছিল দীৰ্ঘদিনীয়া সম্পৰ্ক৷ দুয়োৰে বিয়াও ঠিক হৈছিল৷ কিন্তু সেইদিনা যুৱকজনে এতিয়াই বিয়া কৰিব নোৱাৰোঁ বুলি আপত্তি কৰিবলৈ ধৰিলে৷ কিন্তু তেতিয়ালৈ যুৱতীগৰাকীৰ পৰিয়ালে বিয়াৰ দিন-বাৰ ঠিক কৰি পেলাইছিল৷ ঘৰৰ পৰা ফাইনেল হৈছিল বিয়াখন৷ গতিকে প্ৰেমিকৰ কথা শুনি তেওঁ ৰ’ব নোৱাৰিলে৷ লাজ-মান কাটি কৰি GS ৰোডতে প্ৰেমিকৰ গালত শৰীৰৰ সমস্ত শক্তিৰে শোধালে চৰ৷
এই যুৱকজনৰ ঘৰ আকৌ উজনি অসমত৷ প্ৰেম কৰি থকা সময়ত তেওঁ নামনিৰ প্ৰেমিকাক সদায় আই লাভ ইউ বুলি কৈছিল৷ বিয়াৰ বহুদিন আগৰে পৰাই লিভিং টুগেদাৰ কৰি আছিল প্ৰেমিকযুগলে৷ প্ৰেমিকাৰ শৰীৰ ভোগ কৰি আমনি লগাৰ পিছতহে প্ৰেমিকৰ মন সলনি হ’ল৷ ইমানদিনে প্ৰেমিকাক লৈ একো আপত্তি নথকা যুৱকজনৰ মন হঠাতে সলনি হৈ গ’ল৷ তেওঁ এতিয়াই বিয়া পাতিব নোৱাৰোঁ বুলি ক’লে৷ সেই কথা শুনি অধৈৰ্য হৈ পৰা সুন্দৰী যুৱতীগৰাকীয়ে প্ৰেমিকক চৰিয়াই দুয়োখন গাল ৰঙা পেলাই দিলে৷
ইয়াৰ পিছত অৱশ্যে যুৱতীগৰাকীক এদল লোকে শান্ত কৰিবলৈ চেষ্টা কৰিলে৷ তেওঁক তাৰ পৰা এগৰাকী মহিলাই আঁতৰায়ো নিলে৷ কিন্তু প্ৰেমিকৰ প্ৰতি খং জামৰা নাছিল সুন্দৰী যুৱতীৰ৷ মোক কিয় বিয়া নাপাতিবি বুলি কৈ ফেপেৰি পাতি তেওঁ আকৌ উভতি গৈ প্ৰেমিকক কাণতলীয়া চৰ শোধালে৷ এইদৰে নিশা GS ৰোডত চলিল এখন নাটক৷ অৱশ্যে তাৰ পিছত আকৌ প্ৰেমিকাক বিয়া পাতিবলৈ সন্মত হ’ল চৰখোৱা যুৱকজন৷ তেওঁ এইবাৰ প্ৰেমিকাক সাবটি শান্ত কৰিবলৈ চেষ্টা কৰিলে৷ পিছে তেওঁৰ প্ৰেমিকা ইমানতে সন্তুষ্ট হোৱাবিধৰ নাছিল৷ গতিকে প্ৰেমিকক তাতে এৰি GS ৰোডৰ পৰা গুচি গ’ল প্ৰেমিকা৷
এই ঘটনাটো আমাৰ কেমেৰাত বন্দী হ’ল৷ GS ৰোডৰ পথচাৰীয়ে দুয়োৰে কাজিয়া ভাঙিবলৈ কৰিলে চেষ্টা৷ যুৱতীগৰাকীৰ উগ্ৰমূৰ্তি দেখি ভয়তে পলাল বহুতো লোক৷ এই ঘটনাৰ বহুসময়ৰ পিছত GS ৰোডত উপস্থিত হ’ল পুলিচ৷ তেওঁলোকে প্ৰেমিকাৰ চৰ খাই কান্দি কান্দি বহি থকা যুৱকজনক উদ্ধাৰ কৰিলে৷ গাল ৰঙা পৰি যোৱা যুৱকজনক থানালৈ নিলে পুলিচে৷ বিয়া পাতিম বুলি কোৱাৰ পিছতো প্ৰেমিকাই পিটন দিয়া প্ৰেমিকে ঢাকিলে মুখ৷ কেমেৰাৰ পৰা আঁতৰি তেওঁ পুলিচৰ সৈতে পলায়ন কৰিলে৷



