মহিলাৰ মগজু আঁঠুতহে থাকে, সেয়ে মহিলাক বিশ্বাস নকৰিব
হিন্দু-মুছলমান বুলি কথা নাই, সকলো ধৰ্মৰে মহিলাসকল জধামূৰ্খ
যিকোনো ধৰ্মৰ হ’লেও মহিলাসকলৰ মূৰত ঘিঁউ নাই৷ হিন্দু-মুছলমান অথবা খ্ৰীষ্টান যিয়েই নহওক কিয়, সকলো ধৰ্মৰে নাৰীকুল জধামূৰ্খ৷ মহিলাক বিশ্বাস কৰা পুৰুষৰ পতন হোৱাটো নিশ্চিত৷ যিসকল পুৰুষে মহিলাৰ কথা মানে তেওঁলোকে কেতিয়াও উন্নতি কৰিব নোৱাৰে৷ মহিলাৰ বুদ্ধিমতে ঘৰ চলোৱা পুৰুষৰ সংকট হ’বই৷ কোনো সাধাৰণ লোকে এইদৰে কোৱা নাই৷ মহিলাক জধামূৰ্খ বুলি কোৱা মানুহজন হৈছে সৰ্বভাৰতীয় ইমাম পৰিষদৰ সভাপতি ছাজিদ ৰছিদী৷ তেওঁ এটা পডকাষ্টত পৃথিৱীৰ সকলো মহিলাকে মূৰ্খ বুলি ঘোষণা কৰিলে৷ ছাজিদ ৰছিদী নামৰ ধৰ্মীয় নেতাজনৰ মতে মহিলাৰ মগজু আঁঠুতহে থাকে৷ সেয়ে মহিলাৰ কথা পুৰুষে শুনিব নালাগে৷ সকলো পুৰুষে নিজৰমতে ঘৰ চলাব লাগে৷ তেওঁ নিজেও পত্নীৰ কথা কেতিয়াও নুশুনে বুলি ঘোষণা কৰিছে৷ লোকজনৰ মতে পত্নীয়ে কোৱামতে যদি কোনোবাই ঘৰ চলাই তেন্তে পতন হোৱাটো খাটাং৷ ইমাম পৰিষদৰ দৰে সংগঠনক ৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব প্ৰদান কৰা ছাজিদ ৰছিদীয়ে এটা পডকাষ্টত অংশগ্ৰহণ কৰিছিল৷ তেতিয়া তেওঁক নাৰীৰ প্ৰতি ইছলামিক দৃষ্টিভংগীৰ বিষয়ে প্ৰশ্ন কৰা হ’ল৷ সেই সময়ত ছাজিদ ৰছিদীৰ মুখেৰে ওলাল চৰম নাৰীবিদ্বেষী মন্তব্য৷ তেওঁ ক’লে যে ধৰ্মই যিয়েই নকওক, কোনো পুৰুষে বাস্তৱ জীৱনত মহিলাক বিশ্বাস কৰিব নালাগে৷ কুৰআনত উল্লেখ থাকিলেও পুৰুষে কাহানিও নাৰীক সমান অধিকাৰ দিব নালাগে বুলি তেওঁ অভিহিত কৰিলে৷ ৰছিদীৰ মতে নাৰীৰ বাবেই বিশ্বত সংঘাতৰ সূচনা হৈছে৷ ৰাজনীতি কৰা মহিলাও পুৰুষৰ দৰে জ্ঞানী নহয় বুলি তেওঁ দাবী কৰিছে৷ ৰছিদীৰ মতে মহিলাই শাসন কৰা দেশে সদায় সংকটৰ সূচনা কৰে৷ কাৰণ নাৰীৰ মগজু আঁঠুতহে থাকে৷ তেওঁ উদাহৰণ হিচাপে অতীতৰ প্ৰসংগ উল্লেখ কৰিলে৷ ৰছিদীৰ মতে মহিলা হৈছে ভোগৰ সামগ্ৰী৷ তেওঁ নিজেও মহিলাৰ প্ৰতি তেনে দৃষ্টিভংগীয়েই পোষণ কৰে বুলি ৰছিদীয়ে সদম্ভে প্ৰকাশ কৰিলে৷ আধুনিক যুগৰ নাৰী অধিকাৰ কিতাপত লিখা থকা বিষয় বুলিহে উৰুৱাই দিলে ইমাম ৰছিদীয়ে৷
দেশৰ শীৰ্ষ ধৰ্মীয় নেতাজনৰ মতে কোনো পুৰুষে নাৰীক সমান অধিকাৰ দিব নালাগে৷ পত্নী অথবা কন্যাক মৰম কৰিব লাগে, কিন্তু মহিলাক মূৰত উঠাই ল’ব নালাগে বুলি দাবী কৰিলে ইমাম ছাজিদে৷ তেওঁৰ বৰ্ণনা অনুসৰি মহিলাই সংকটৰ সূচনা কৰিব পাৰে৷ কুকুৰে যেনেদৰে বেছিকৈ মৰম পালে ক্ষতি কৰে সেইদৰে মহিলায়ো পুৰুষৰ অনিষ্ট কৰাটো নিশ্চিত৷ তেওঁ ঘৰতো পত্নীক সেইবাবে দমন কৰি ৰাখে বুলি ঘোষণা কৰিলে৷ ছাজিদীৰ মতে যিকোনো ধৰণে মহিলাসকলক পুৰুষে দমন কৰিবই লাগিব৷ মহিলাই যদি সৰ্বাধিক ক্ষমতা লাভ কৰে তেন্তে পৃথিৱী ধ্বংস কৰি পেলাব বুলি তেওঁ সকলোকে দিলে সকীয়নি৷
দেশৰ সবাতোকৈ প্ৰভাৱশালী ইমাম হিচাপে পৰিচিত ছাজিদীয়ে এই বিষয়ত ধৰ্মৰ কোনো কথা নাই বুলি প্ৰকাশ কৰিছে৷ তেওঁৰ মতে সকলো ধৰ্মৰ মহিলাৰ মূৰতে ঘিঁউ নাথাকে৷ খ্ৰীষ্টান মহিলাৰ দৰেই মুছলমান মহিলাও মূৰ্খ৷ আনকি দেশ শাসনৰ দায়িত্ব লাভ কৰা বিদেশী মহিলাসকলো অজ্ঞানী বুলি ছাজিদীয়ে দাবী কৰিছে৷ তেওঁৰ মতে সকলো মহিলাৰ মগজুৰ ক্ষমতা সমান৷ যদি কোনোবা পুৰুষে মহিলাক মূৰত তুলি লয় তেন্তে তেওঁৰ পতন হোৱাটো নিশ্চিত৷ সেইবাবে প্ৰাচীন কালত মহিলাক দমন কৰি ৰখা হৈছিল বুলি তেওঁ যুক্তি দিলে৷ এতিয়াও সেই সময়ৰ দৰে মহিলাক অৱদমিত কৰি ৰখাৰ বাবে সৰৱ হ’ল ছাজিদী৷



