২৫ জন পুৰুষৰ সৈতে বিয়াৰ পিছত ধৰা পৰিল অনুৰাধা
দুই ডজন স্বামীৰ গোচৰৰ ভিত্তিত ভূপালত অনুৰাধা পাছোৱানক গ্ৰেপ্তাৰ
দেখাত সুন্দৰী মহিলাগৰাকীৰ নাম অনুৰাধা পাছোৱান৷ তেওঁ মধ্যপ্ৰদেশৰ বাসিন্দা৷ সুন্দৰী অনুৰাধাক ঘৰৰ পৰা এজন সুযোগ্য যুৱকৰ সৈতে বিয়া দিছিল৷ কিন্তু অনুৰাধাৰ স্বামীৰ নাছিল চাকৰি৷ আনকি কাম কৰি পইচা উপাৰ্জন কৰিবলৈয়ো অনুৰাধাৰ স্বামীৰ ইচ্ছা নাছিল৷ সেয়ে তেওঁ বুদ্ধি কৰি অনুৰাধাক পইচা ঘটিবলৈ নিৰ্দেশ দিলে৷ কিন্তু অনুৰাধা পাছোৱানেও পইচা উপাৰ্জন কৰাৰ একো উপায় নাছিল৷ পিছে মন কৰিলেই ছন বুলি অনুৰাধাই গম পালে৷ সেয়ে তেওঁ ধুনীয়া ধুনীয়া ফটো প’ষ্ট কৰি ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিলে৷ কিন্তু কনটেণ্ট ক্ৰিয়েটৰ হিচাপে পইচা উপাৰ্জন কৰিবলৈ অনুৰাধাই সেই একাউণ্টটো খোলা নাছিল৷ ফে’চবুক একাউণ্টৰ জৰিয়তে চহকী পুৰুষৰ সৈতে প্ৰেম কৰাটোহে আছিল অনুৰাধাৰ লক্ষ্য৷ তেওঁ ফে’চবুকত নিজকে অবিবাহিত বুলি প্ৰচাৰ কৰি ধুনীয়া ফটো প’ষ্ট কৰিব ধৰিলে৷ লাহে লাহে অনুৰাধাৰ ইনবক্স মেছেজৰে উপচি পৰিল৷ অসংখ্য পুৰুষে অনুৰাধাক কৰিব ধৰিলে ভিডিঅ’ কল৷ সকলোৰে উত্তৰ দিবলৈ অনুৰাধায়ো চেষ্টা কৰিলে৷ তেওঁ টাৰ্গেট কৰি ল’লে ধনী পুৰুষক৷ বিশেষকৈ মধ্যপ্ৰদেশৰ চহকী ব্যৱসায়ী আৰু চাকৰিয়াল অনুৰাধাৰ লক্ষ্য হৈ পৰিল৷ ২৩ বছৰীয়া অনুৰাধাই চহকী পুৰুষৰ মেছেজৰ উত্তৰ দিব ধৰিলে৷ সেইদৰে এজন পুৰুষৰ সৈতে ঘনিষ্ঠ হৈ পৰিল অনুৰাধা৷ তেওঁৰ সৈতে অনুৰাধা পলাই গ’ল৷ লোকজনৰ সৈতে মন্দিৰত বিয়া কৰি অনুৰাধাই ফুলশয্যাও পালন কৰিলে৷ কিন্তু তাৰ পিছতে লোকজনৰ ঘৰৰ পৰা গায়ব হ’ল অনুৰাধা৷ তেওঁৰ পৰা ধন আৰু অলংকাৰ লুট কৰি অনুৰাধা অন্তৰ্ধান হ’ল৷ সন্মানৰ খাতিৰত লোকজনে পত্নী হেৰোৱা বুলি প্ৰকাশ কৰিবলৈয়ো লাজ পালে৷
কিন্তু এইটোৱেই হৈ পৰিল অনুৰাধাৰ পইচা ঘটাৰ উপায়৷ তেওঁ ফে’চবুকৰ জৰিয়তে কেবাশ পুৰুষৰ সৈতে সম্পৰ্ক কৰিলে৷ প্ৰায় ৩০০ পুৰুষৰ পৰা অনুৰাধাই পইচা ধাৰে ল’লে৷ প্ৰেমৰ অভিনয় কৰি প্ৰেমিকৰ পৰা আদায় কৰিলে উপহাৰ৷ অনুৰাধাই পিছলৈ এইটো কাম প্ৰফেশ্যনেলী কৰিব ধৰিলে৷ তেওঁৰ জালত পৰি ওলাব নোৱাৰা হ’ল চহকী পুৰুষ৷ কেৱল ইয়াতে অনুৰাধা ক্ষান্ত থকা নাছিল৷ তেওঁ এজন এজনকৈ ২৫ জন পুৰুষৰ সৈতে সংসাৰ কৰিলে৷ ঘৰৰ পৰা ২৫ জন পুৰুষলৈ পলাই গ’ল অনুৰাধা৷ কিন্তু সকলোৰে সৈতে ফুলশয্যাৰ নিশা পালনৰ পিছত সম্পত্তি চুৰি কৰি অনুৰাধা অন্তৰ্ধান হ’ল৷ বিবাহৰ পিছত সৰ্বাধিক এসপ্তাহ নতুন স্বামীৰ সৈতে কটাই তেওঁ পলাল৷ ২৫ জন স্বামীৰ পৰা চুৰি কৰা ধন তেওঁ প্ৰথম স্বামীক গতাই দিলে৷ সুন্দৰী পত্নী অনুৰাধাৰ জৰিয়তে বেপাৰ কৰি কাম নকৰাকৈ ধনী হ’ল তেওঁৰ প্ৰথম স্বামী৷
কিন্তু ১০০ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে অনুৰাধাৰ অৱস্থা হ’ল৷ তেওঁ ২৫ জন পুৰুষক জালত পেলোৱাৰ পিছত ভূপালত ৰুজু হ’ল গোচৰ৷ প্ৰথমে কেবাজনো লাজত পৰি অনুৰাধাৰ বিৰুদ্ধে গোচৰ দিয়া নাছিল৷ শেষত এজনে কে’ছ দিয়াৰ পিছত অনুৰাধাৰ মুখা খোল খাই গ’ল৷ মধ্যপ্ৰদেশ পুলিচে তেওঁৰ বিৰুদ্ধে ফে’চবুকত প্ৰচাৰ চলালে৷ তেতিয়া পলাল যদিও অনুৰাধা বাচিব নোৱাৰিলে৷ পিছলৈ অনুৰাধাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ ২৫ জনকৈ পুৰুষৰ সৈতে বিয়া লৈ পলোৱা অনুৰাধাৰ স্বামীও ধৰা পৰিল৷



