প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে অত্যাচাৰ


অন্ত:সত্ত্বা সাংবাদিকক গতিয়াই দিলে কংগ্ৰেছ কৰ্মীয়ে
প্ৰতিবাদৰ সময়ত গচকি পেলালে সাংবাদিক ৰিচা পৰাশক
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ কৰোতে কংগ্ৰেছে ভুল কৰিছে৷ উদ্ধত কংগ্ৰেছ কৰ্মীয়ে অত্যাচাৰ কৰিছে সাংবাদিকক৷ আনকি অন্ত:সত্ত্বা সাংবাদিকক গচকি দিছে কংগ্ৰেছ কৰ্মীয়ে৷ তাৰ পিছতো ৰাহুল গান্ধীয়ে প্ৰতিবাদ কৰা নাই৷ দলৰ কৰ্মীক সংযত হোৱাৰ আহ্বান জনোৱা নাই ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছীৰ অত্যাচাৰত আহত হৈ সম্প্ৰতি হস্পিতেলত ভৰ্তি হ’বলগীয়া হৈছে ৰিচা পৰাশৰ৷ তেওঁৰ গৰ্ভৰ সন্তানৰ বিষয়ে চিকিৎসকে একো নিশ্চিত কৰিব পৰা নাই৷ ইমানৰ পিছতো খবৰ লোৱাৰ সৌজন্যও প্ৰকাশ কৰিব পৰা নাই কংগ্ৰেছ নেতৃত্বই৷ ইফালে যন্ত্ৰণাত কাতৰ হৈ চিঞৰি আছে সাংবাদিক পৰাশৰে৷
যন্তৰ মন্তৰত যেতিয়া কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ কৰিছিল তেতিয়া তাতে উপস্থিত আছিল ৰিচা পৰাশৰ৷ তেওঁ সম্পাদকে প্ৰদান কৰা দায়িত্ব পালন কৰি সংবাদ সংগ্ৰহ কৰিছিল৷ এটা চেনেলৰ সাংবাদিক ৰিচা পৰাশৰে কেমেৰামেনৰ সৈতে বাতৰি প্ৰচাৰ কৰি আছিল৷ কণ্ট্ৰ’ল ৰূমৰ নিৰ্দেশ অনুসৰি ৰাহুল গান্ধীৰো সাক্ষাৎকাৰ লৈছিল ৰিচাই৷ তেওঁৰ কেমেৰামেনে প্ৰতিটো দৃশ্য গ্ৰহণ কৰিছিল৷ ৰাহুল গান্ধীয়ে ভাষণ দিয়া সময়ত ৰিচায়ো বাতৰি প্ৰচাৰ কৰিছিল৷ বিয়লি ৰাহুল গান্ধীয়ে বাইট দিছিল চেনেলৰ সাংবাদিক ৰিচা পৰাশৰক৷ তেতিয়াই সংঘটিত হ’ল অঘটন৷ অন্ত:সত্ত্বা হোৱা বাবে ৰিচাই সাৱধানতাৰে দায়িত্ব পালন কৰি আছিল৷ কিন্তু তেওঁ ভিৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰোতে কংগ্ৰেছ কৰ্মীয়ে ইচ্ছাকৃতভাৱে গতিয়াই দিলে৷ অচিনাকী কংগ্ৰেছীয়ে গতিয়াই দিয়াৰ ফলত ভিৰতে লুটি খাই পৰিল সাংবাদিক ৰিচা পৰাশৰ৷
তেওঁ যন্ত্ৰণাত চিৎকাৰ কৰিলে৷ সহায় বিচাৰি আৰ্তনাদ কৰিলে ৰিচাই৷ তেওঁক দেখি সহায় কৰিবলৈ আগুৱাই গ’ল কেমেৰামেন৷ কিন্তু অজ্ঞাত কাৰণত ৰিচাৰ প্ৰতি নিষ্ঠুৰ হৈ পৰিছিল কংগ্ৰেছী৷ সহায়ৰ বাবে আগবাঢ়ি যোৱা কেমেৰামেনকো এদল কংগ্ৰেছ কৰ্মীয়ে বাধা দিলে৷ তেওঁকো গতিয়াই দিয়া হ’ল৷ তেতিয়াই এদল কংগ্ৰেছীয়ে গচকি পেলালে ৰিচাক৷ গৰ্ভত সন্তান লৈ ৰিপ’ৰ্টিং কৰিবলৈ যোৱা সাহসী যুৱতীগৰাকী নিৰ্যাতনৰ চিকাৰ হ’ল৷ তেওঁ হাতযোৰ কৰি কংগ্ৰেছীক প্ৰাৰ্থনা জনালে৷ কিন্তু প্ৰতিবাদৰ নামত উন্মত্ত হৈ পৰা কংগ্ৰেছীয়ে নুশুনিলে ৰিচাৰ প্ৰাৰ্থনা৷ কমেও ১০ জন লোকে ৰিচাক একপ্ৰকাৰ গচকি শ্ল’গান দিলে৷
পাষণ্ডৰ জাকটো যেতিয়া পাৰ হৈ গ’ল তেতিয়াহে ৰিচাক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল সতীৰ্থ কেমেৰামেন৷ তেওঁ ৰিচাক উঠাই অফিচলৈ ফোন কৰিলে৷ অফিচৰ নিৰ্দেশ অনুসৰি ৰিচাক হস্পিতেলত ভৰ্তি কৰোৱা হ’ল৷ বৰ্তমান ৰিচা ICUত আছে৷ তেওঁৰ অৱস্থা বিশেষ ভাল নহয় বুলি প্ৰকাশ কৰিছে দিল্লীৰ ডাক্তৰে৷ বৰ্তমান ৰিচাৰ গৰ্ভত থকা সন্তানৰ বিষয়ে চিকিৎসকে একো ক’ব পৰা নাই৷ আশ্বৰ্যকৰভাৱে ঘটনাৰ বিষয়ে কংগ্ৰেছ নেতৃত্বকো অৱগত কৰা হৈছে৷ কিন্তু সামান্য সৌজন্য প্ৰদৰ্শন কৰিও কংগ্ৰেছ নেতৃত্বই ৰিচাৰ খবৰ লোৱা নাই৷ আনকি দলৰ এজন সাধাৰণ নেতায়ো গৰ্ভৱতী সাংবাদিকৰ খবৰ লোৱাৰ সৌজন্য প্ৰদৰ্শন কৰিব পৰা নাই৷ ৰাহুল গান্ধীকো চেনেলৰ তৰফৰ পৰা প্ৰতিবাদৰ বিষয়ে অৱগত কৰা হৈছে৷ তেৱোঁ ঘটনাৰ বিষয়ে হৈ আছে নীৰৱ৷ এইদৰে প্ৰতিবাদ কৰি দেশ দখলৰ সপোন দেখিছে ৰাহুল গান্ধীয়ে৷