পূজাৰী ৰামলালে মছজিদ নিৰ্মাণৰ বাবে দান কৰিলে ভূমি

প্ৰথমে ইছলাম কবুল কৰিলে মন্দিৰৰ পুৰোহিতে
লগে লগে মছজিদ নিৰ্মাণ কৰিবলৈ দান কৰিলে কৃষিভূমি
মানুহজনৰ নাম ৰামলাল৷ তেওঁ আছিল মন্দিৰৰ পূজাৰী৷ মন্ত্ৰপাঠ কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰিছিল৷ পূজা কৰিবলৈ ৰামলালক বহুতে ঘৰলৈ নিমন্ত্ৰণো জনাইছিল৷ বেদ-বেদান্তৰ পণ্ডিত হিচাপে জনাজাত আছিল ৰামলাল৷ তেওঁ হঠাতে মন্দিৰত পুৰোহিতালি কৰিবলৈ বাদ দিলে৷ অজ্ঞাত কাৰণত মন্দিৰত প্ৰৱেশ নকৰা হ’ল ৰামলালে৷ তেওঁ অধ্যয়ন কৰিবলৈ ধৰিলে আল-কুৰআন৷ হাদিছো পঢ়ি ইছলাম ধৰ্মৰ বিষয়ে জ্ঞান অৰ্জনৰ চেষ্টা কৰিলে৷ আকস্মিকভাৱে ৰামলালৰ মানসিক পৰিৱৰ্তন ঘটিল৷ তেওঁ ইছলামিক দৰ্শনৰ প্ৰতি আকৃষ্ট হ’ল৷ কালিপৰ্যন্ত মন্দিৰত পুৰোহিতালি কৰা থকা লোকজনৰ হিন্দুধৰ্মৰ প্ৰতি একেবাৰেই নোহোৱা হ’ল আস্থা৷ তেওঁ মন্দিৰৰ পৰিৱৰ্তে মছজিদ যাবলৈ আৰম্ভ কৰিলে৷ মন্দিৰত পুৰোহিতৰ কাম কৰোতে ৰামলালে পৰিধান কৰিছিল গেৰুৱা বস্ত্ৰ৷ সেই কাপোৰ পৰিহাৰ কৰিলে ৰামলালে৷ হঠাতে ৰামলালে গ্ৰহণ কৰিলে এটা কঠোৰ সিদ্ধান্ত৷ তেওঁ ইছলামলৈ ধৰ্মান্তৰিত হোৱাৰ মনস্থ কৰিলে৷ সেইমতে চলালে প্ৰস্তুতি৷
ৰামলালে স্থানীয় মছজিদৰ নামাজীৰ সন্মুখত মনৰ অভিলাষ ব্যক্ত কৰিলে৷ ইছলামিক দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ পৰা বুলি জনাই ৰামলালে ধৰ্মান্তৰ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ তেওঁৰ কথা শুনি আচৰিত হৈ পৰিল স্থানীয় মুছলমান৷ কিন্তু ৰামলাল সিদ্ধান্তত আঁকোৰগোজ হৈ থাকিল৷ তেওঁ ধৰ্মান্তৰিত হ’বই বুলি দৃঢ়তা প্ৰকাশ কৰাত সৰুকৈ অনুষ্ঠানৰ আয়োজন কৰা হ’ল৷ তাতে ৰামলালে কলিমা পঢ়ি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে৷ ৰামলাল সেইদিনাৰ পৰা হৈ পৰিল নৈষ্ঠিক মুছলমান৷ তেওঁ সদায় কলিমা পঢ়িবলৈ ধৰিলে৷ আল-কুৰআন আৰু হাদিছেই হৈ পৰিল ৰামলালৰ সংগী৷ তেওঁ যে পূৰ্বে পূজাৰী আছিল সেয়া পাহৰি পেলালে৷ ৰামলালে পাঁচৱক্ত নামাজ আদায় কৰিবলৈ ধৰিলে৷ ইছলামিক নিয়ম পালন কৰাত কমদিনতে সিদ্ধহস্ত হৈ পৰিল ৰামলাল৷ তেওঁক দেখি পত্নী আৰু একমাত্ৰ কন্যাও ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হ’ল৷
ৰামলালৰ জৰিয়তে দুয়ো ইছলাম ধৰ্ম গ্ৰহণ কৰিলে৷ তেওঁলোকেও স্থানীয় মুছলমান সমাজৰ উদ্যোগত ধৰ্ম সলনি কৰি ইছলামত দীক্ষিত হ’ল৷ তাৰ পিছতো ৰামলাল ক্ষান্ত নহ’ল৷ তেওঁ পৈতৃকসূত্ৰে লাভ কৰা সকলো ভূমি মছজিদ নিৰ্মাণ কৰিবলৈ দান কৰিলে৷ ৰামলালে প্ৰকাশ কৰা অনুসৰি তেওঁ ভৱিষ্যতে ধৰ্মীয় কামতে ব্যস্ত থাকিব৷ গতিকে ব্যক্তিগত প্ৰয়োজন পূৰণ কৰিবলৈ তেওঁক সম্পত্তিৰ প্ৰয়োজন নাই৷ উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত যাতে ইছলামৰ প্ৰসাৰ ঘটে তাৰ বাবে তেওঁ ভূমিদান কৰিছে৷ ৰামলালে নিজা ভূমি মছজিদ নিৰ্মাণৰ বাবে দান কৰি চুক্তিপত্ৰ স্থানীয় মুছলমান সমাজক প্ৰদান কৰিলে৷ এতিয়া ৰামলাল হৈ পৰিল সংসাৰৰ মায়াৰ পৰা মুক্ত৷ তেওঁ ইছলামিক নিয়ম পালন কৰিবলৈ হজলৈ যোৱাৰ প্ৰস্তুতি চলাইছে৷
কিন্তু কিয় ৰামলালে ধৰ্মান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া বহুদিন ৰহস্য হৈয়েই আছিল৷ লোকজনে প্ৰকাশ কৰা অনুসৰি মন্দিৰত পুৰোহিতালি কৰাৰ পিছতো তেওঁ মানসিক শান্তি পোৱা নাছিল৷ কিন্তু এদিন আল-কুৰআন পঢ়ি তেওঁ মানসিকভাৱে শান্ত হৈ পৰিল৷ তাৰ পিছত তেওঁ অধ্যয়ন কৰিলে হাদিছ৷ পৰ্যায়ক্ৰমে ইছলামিক ধৰ্মগ্ৰন্থ অধ্যয়ন কৰি তেওঁ সুস্থিৰ হ’ল৷ সেয়ে হিন্দুধৰ্ম ত্যাগ কৰিবলৈ ৰামলালে সিদ্ধান্ত ল’লে৷