পুলিচে এতিয়াও ভুলেই কৰি আছে

উলুবাৰীৰ বৰা ছাৰ্ভিচত ঘটনাটো সংঘটিত হৈছে
লগে লগে ঘনকান্তৰ হৈ ওকালতি কৰিবলৈ সাজু হৈছে উকীল
হোটেল বিলাস ইনৰ ঘটনাটোত ৰহস্য আছে৷ এই ঘটনাটো সংঘটিত হৈছিল বৰা ছাৰ্ভিচত৷ আনহাতে ঘাতক ঘনকান্ত ধৰা পৰিছিল শাওকুছিত৷ দুয়ো ঠাইৰ মাজৰ ব্যৱধান কমেও ৮ কিলোমিটাৰ৷ ঘনকান্তই মানুহ মাৰি পলায়ন কৰি পৰিয়ালক পলুৱাই পঠিয়ালে৷ শ্বাৰ্প শ্বুটাৰ ঘনকান্তক পুলিচে গ্ৰেপ্তাৰো কৰিলে৷ কিন্তু লগে লগে এণ্ট্ৰী মাৰিলে ঘনকান্তৰ উকীলে৷ কথাটো হৈছে যে ঘনকান্তৰ হৈ কোনে ঠিক কৰিলে উকীল৷ কাৰণ ঘনকান্তৰ পৰিয়ালে যে উকীলৰ সৈতে যোগাযোগ কৰা নাই সেইটো নিশ্চিত৷ গতিকে হেলেনা ভৰালীৰ পৰিয়ালটো নি:শেষ কৰাৰ আগতেই ঘনকান্তই অধিবক্তা সাজু কৰিয়েই থৈছিল বুলি এতিয়া ভাবিব লাগিব৷ সাম্প্ৰতিক পৰিস্থিতিত প্ৰমাণিত হৈছে যে ঘনকান্তই পৰিকল্পনা অনুসৰিয়েই হোটেল বিলাস ইনত তাণ্ডৱৰ সূচনা কৰিছিল৷ তাৰ বাবে ঘনকান্তই আগতেই উকীলৰ সৈতে কথা পাতিছিল৷ সেয়ে ঘনকান্তক আদালতত প্ৰথমবাৰ হাজিৰ কৰাওতেই উকীলেও প্ৰদৰ্শন কৰিছিল তৎপৰতা৷ আইনীভাৱে এয়া কোনো অপৰাধ অৱশ্যেই নহয়৷ কিন্তু যদি ঘনকান্তৰ পৰিকল্পনাৰ বিষয়ে অধিবক্তা পূৰ্বৰ পৰা অৱগত আছিল তেন্তে সেয়া অপৰাধ হিচাপে বিবেচিত হ’ব৷ BNSৰ ৬১ নং ধাৰাত সেইটো অপৰাধ হিচাপে উল্লেখ কৰা আছে৷ আনহাতে পূৰ্বে পিষ্টল দেখুৱাই বহুতকে গুলীওৱাৰ ভাবুকি দিয়া ঘনকান্তই কেনেদৰে গুলীচালনাৰ প্ৰশিক্ষণ পাইছিল সেয়াও তাৎপৰ্যপূৰ্ণ৷ কাৰণ ঘনকান্তই এটাও গুলী বিনাকাৰণত খৰচ কৰা নাই৷ তেওঁ ব্যৱহাৰ কৰা পইণ্ট ৩২ ৰিভলভাৰত আছিল ৬টা গুলী৷ তাৰে এটা গুলীও লক্ষ্য ভ্ৰষ্ট হোৱা নাই৷ ঘনকান্ত যে শ্বাৰ্প শ্বুটাৰ সেয়া প্ৰমাণিত হৈছে৷ ৰিভলভাৰৰ দৰে মাৰণাস্ত্ৰৰে গুলীওৱাৰ সময়ত সততে লক্ষ্যভ্ৰষ্ট হয়৷ কিন্তু ঘনকান্তই এটাও গুলী অথলে যাব নিদিলে৷ তেওঁ দূৰৰ পৰা শ্বুট কৰাৰ সময়তো লক্ষ্যত আঘাত হানিলে৷ অৰ্থাৎ ঘনকান্ত নামৰ ঘাতকে আগতে গুলীচালনাৰ প্ৰশিক্ষণ লৈছিল৷
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘনকান্তৰ ঘটনা আছিল সম্পূৰ্ণ পৰিকল্পতি৷ সেয়ে ঘনকান্তই আগতেই উকীল সাজু কৰি থৈছিল৷ বৰা ছাৰ্ভিচত মানুহ মাৰি ঘনকান্ত শীতল মগজুৰে শাওকুছিলৈ পলাই গৈছিল৷ তেতিয়াও তেওঁৰ হাতত আছিল ৰিভলভাৰ৷ ঘৰলৈ গৈ ঘনকান্তই পত্নী আৰু সন্তানক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছিল৷ তেতিয়ালৈকে ঘনকান্ত যে ঘাতক সেইটো ফাদিল হোৱা নাছিল৷ কিন্তু ঘনকান্তৰ পত্নী আৰু সন্তান এইপৰ্যন্ত গোপন স্থানত থাকিব পৰাটো অনুসন্ধানৰ দৃষ্টিৰে তাৎপৰ্যপূৰ্ণ৷ কাৰণ এই ঘটনাত ঘনকান্তৰ পৰিয়ালৰো হাত থাকিব পাৰে বুলি সন্দেহ ঘনীভূত হৈছে৷ সেয়ে পৰিয়ালৰ সন্ধান উলিওৱাটো দৰকাৰী৷
আৰক্ষীৰ সূত্ৰই সদৰী কৰা অনুসৰি ঘনকান্তই এইপৰ্যন্ত জেৰাত মুখ খোলা নাই৷ তেওঁ আগতেই উকীলৰ পৰা শিকি থৈছে জেৰাত ক’বলগীয়া কথা৷ শীৰ্ষ আৰক্ষী বিষয়াই মাৰাথন জেৰা কৰি থকাসত্ত্বেও ঘনকান্তই আত্মৰক্ষাৰ স্বাৰ্থতহে গুলী চলোৱা বুলি দাবী কৰি আছে৷ আনহাতে দিন যোৱাৰ লগে লগে আৰক্ষীয়ে প্ৰমাণ নষ্ট কৰি আছে৷ বৰ্তমান আদালতৰ হস্তক্ষেপত আৰক্ষীয়ে মেডিকেল ব’ৰ্ড গঠন কৰাটো দৰকাৰী৷ এই মেডিকেল ব’ৰ্ডে ঘনকান্তৰ শৰীৰ পৰীক্ষা কৰি আঘাতৰ চিন উদ্ধাৰ কৰিব পাৰেনে নাই সেই বিষয়ে পৰীক্ষা কৰিব পাৰিব৷ কিন্তু আৰক্ষীয়ে আদালতত মেডিকেল ব’ৰ্ড গঠনৰ আবেদন জনোৱা নাই৷ সেয়ে কিছুদিনৰ পিছতে ঘনকান্তৰ মুক্তিহে নিশ্চিত হৈ পৰিছে৷ কাৰণ বিষয়টোত চিটী পুলিচ হোৱা নাই কঠোৰ৷