৫২ বছৰ বয়সত চাচাই বিয়া পাতিব ওলাইছে
পছন্দও কৰিছে ২৩ বছৰীয়া গাভৰু কইনা
কিন্তু চাচাজানৰ মনত আছে সন্দেহ৷ তেওঁৰ কইনা স্ন’-পাউদাৰ ঘঁহিহে বগা হোৱা বুলি চাচাৰ মনত সন্দেহ আছে৷ সেয়ে কইনাৰ মুখখন একেবাৰে ৰুকি পেলাইছে চাচাজানে৷ কইনাৰ হাত ভৰিও পৰীক্ষা কৰিছে ৫২ বছৰীয়া নবাব আলি খানে৷ শৈশৱৰে পৰা চাচাৰ বগী ছোৱালী বিয়া পতাৰ ইচ্ছা আছিল৷ কিন্তু জীৱনটো নানা কামত ব্যস্ত হৈ থকাত চাচাই বিয়া পতাৰ সময়েই নাপালে৷ ভাটি বয়সত হ’লেও চাচাই বিয়া পাতিবলৈ পইচা গোটাইছে৷ অৱশ্যে ৫২ বছৰীয়া নবাব আলি খান দুখীয়া মানুহ নহয়৷ তেওঁ কাঠৰ ব্যৱসায়ী৷ বাংলাদেশৰ ছিলেট জিলাৰ ব্যৱসায়ী নবাব আলি খান কোটিটকাৰ মালিক৷ তেওঁ ভাটি বয়সত বিয়া পাতিবলৈ ওলালেও বিচাৰি পাইছে গাভৰু কইনা৷ ২৩ বছৰীয়া ছোৱালীজনীৰ দৰিদ্ৰ পিতৃয়ে কন্যাক নবাবৰ হাতত গতাই দিছে৷ কিন্তু কইনা যিমান গাভৰু হ’লেও নবাব আলি খানৰ মনত আছে সন্দেহ৷ নবাব আলি খানৰ মতে তেওঁ পূৰ্বে বগী ছোৱালী বিচাৰি ঠগ খাইছে৷ ক’লা ছালৰ ছোৱালীয়েও পাউদাৰ সানি নবাবক বেইমানি কৰিছে৷ সেইবাবে এইবাৰ ভাবী পত্নীৰ মুখ হাতেৰে স্পৰ্শ কৰি নবাবে পৰীক্ষা কৰিছে৷ উপায়হীন হৈ নবাবক শৰীৰ স্পৰ্শ কৰাৰ অনুমতি দিছে ভাবী পত্নীয়ে৷ ইয়াৰ পিছতো নবাবে ছোৱালীজনী বিয়া পাতিম বুলি প্ৰতিশ্ৰুতি দিয়া নাই৷ গা ধুই মেক-আপ নকৰাকৈ তেওঁৰ সন্মুখত আকৌ থিয় হ’বলৈ নবাবে ছোৱালীজনীক নিৰ্দেশ দিছে৷ তাৰ পিছতহে বিয়াৰ প্ৰতিশ্ৰুতি দিছে বৃদ্ধ নবাবে৷
সভ্য সমাজত আচৰিত যেন লাগিলেও ঘটনাটো একেবাৰে সত্য৷ ছিলেট জিলাৰ কোটিপতি ব্যৱসায়ী নবাব আলি খানে ২৩ বছৰীয়া যুৱতীগৰাকী চাবলৈ গৈছিল৷ এই বয়সত বিয়া পাতিবলৈ ওলোৱা নবাবে কইনা পছন্দ কৰিলে৷ কিন্তু নবাবৰ মতে তেওঁৰ ছোৱালীজনীৰ ছালৰ বৰণক লৈ সন্দেহ আছিল৷ বিশেষকৈ ২৩ বছৰীয়া কইনা বগা হয়নে নহয় সেয়া তেওঁ পৰীক্ষা কৰিব বিচাৰিলে৷ সেইমতে নবাবে হিজাব খহাই সুন্দৰী কইনাৰ মুখখন পৰীক্ষা কৰিলে৷ ছোৱালীজনীৰ ছালৰ ৰং পৰীক্ষা কৰিবলৈ থুৰে কেবাবাৰো গালত ঘঁহি চালে নবাবে৷ বজাৰৰ আলু-পিঁয়াজৰ দৰে কুমলীয়া কইনাক পিটিকি পিটিকি পৰীক্ষা কৰিলে নবাবে৷
ছিলেট জিলাৰ নবাব তেতিয়াও সন্তুষ্ট নহ’ল৷ বজাৰত পাচলি কিনিবলৈ যোৱা বেপাৰীৰ দৰে কইনাক পৰীক্ষা কৰা নবাবে এইবাৰ যুৱতীগৰাকীক স্নান কৰিবলৈ নিৰ্দেশ দিলে৷ নবাবৰ নিৰ্দেশ অনুসৰি কণমানি ছোৱালীজনীয়ে দৰা বাহিৰত বহি থাকোতেই কৰিলে স্নান৷ গা ধোৱাৰ পিছত মেক-আপ নকৰাকৈ তেওঁৰ সন্মুখত থিয় হ’বলৈ যুৱতীগৰাকীক নবাবে দিলে নিৰ্দেশ৷ ধনী ব্যৱসায়ী নবাবৰ প্ৰতিটো নিৰ্দেশ ভাবী কইনাই পালন কৰিলে৷ চহকী পৰিয়াললৈ বিয়া হোৱাৰ হেঁপাহত তেওঁ নবাবক স্পৰ্শ কৰিবলৈ দিলে গোপন অংগ৷ নবাবেও সুযোগ বুজি কণমানি ছোৱালীজনীক স্পৰ্শ কৰিলে৷ বাংলাদেশত নাৰী অধিকাৰ কিমান সেয়া প্ৰতিফলিত কৰিলে এইটো ঘটনাই৷ দেশখনত যে সম্প্ৰতি নাৰীকুল বজাৰৰ শাক-পাচলিৰ দৰে পণ্য সামগ্ৰীত পৰিণত হৈছে সেয়া আকৌ এবাৰ প্ৰতিফলিত হ’ল৷ যুৱতীগৰাকীয়ে গা ধুই অহাৰ পিছতহে গাৰ বৰণ সন্দৰ্ভত নিশ্চিত হ’ল নবাব৷ তাৰ পিছতহে দৰিদ্ৰ পৰিয়ালৰ যুৱতীক নবাবে দিলে বিবাহৰ প্ৰতিশ্ৰুতি৷ ৫২ বছৰীয়া নবাবে ২৩ বছৰীয়া যুৱতীক বিয়া পাতিম বুলি কোৱাতহে তৃপ্ত হ’ল শহুৰেক৷



