এইখন আচলতে চৰকাৰী ধনেৰে নিৰ্মিত এখন শিশু উদ্যানহে
শিশুৱে খেলা-ধূলা কৰিবলৈহে চৰকাৰে নিৰ্মাণ কৰিছিল পাৰ্কখন
তাত আজিকালি শিশুৱে খেলাটো দূৰৰ কথা, এনেয়ে এপাক প্ৰৱেশ কৰাটোও অসম্ভৱ৷ কাৰণ নামত শিশু উদ্যান হৈ থাকিলেও তাত আজিকালি প্ৰাপ্তবয়স্কইহে শৰীৰৰ খেলা খেলে৷ দিনটোৰ বেছিভাগ সময় পাৰ্কখন বেশ্যালয়ৰ দৰে হৈ থাকে৷ তাত অভিসাৰ কৰিবলৈ প্ৰৱেশ কৰা লোকৰ সংখ্যাই বেছি৷ গধূলি পাৰ্কখনৰ সন্মুখেৰে যোৱাৰ সময়ত চকু বন্ধ কৰিব লাগে বয়সস্থ লোকে৷ পাৰ্কখনৰ পৰিচালনা কমিটীৰ বাবে পৰিৱেশ সম্প্ৰতি জঘন্য হৈ পৰিছে৷ চৰকাৰে কেবাকোটি টকা খৰচ কৰি নিৰ্মাণ কৰা পাৰ্কখন জিলা প্ৰশাসনে পৰিচালনা কৰে৷ কিন্তু প্ৰশাসনে পাৰ্কখনলৈ কোনো নজৰ দিয়া নাই৷ ফলত নিৰাপত্তাৰক্ষীয়ে যি মন যায় তাকে কৰিবলৈ সুবিধা পাইছে৷ পাৰ্কখনত প্ৰৱেশ কৰা লোকসকলে নিৰাপত্তাৰক্ষীক সুকীয়াকৈ পইচা দিব লাগে৷ তাৰ বিনিময়ত তেওঁলোকে মুকলি আকাশৰ তলত সুৰক্ষিতভাৱে কামকেলি কৰাৰ সুবিধা লাভ কৰে৷ প্ৰেমাস্পদক নিৰাপদে কামলীলা কৰাৰ সুবিধা দিয়াৰ বাবে পাৰ্কখনৰ চিচিটিভি কেমেৰাও বন্ধ কৰি দিয়া হৈছে৷ মুক্ত আকাশৰ তলত কামলীলা কৰাৰ ইচ্ছা থকা প্ৰেমাস্পদে প্ৰায়ে সেই পাৰ্কখনত প্ৰৱেশ কৰে৷ বহুদূৰৰ পৰাও গৈ তাত প্ৰেমাস্পদ আদিম বাসনাত লিপ্ত হয়৷ সেয়ে তাত বৰ্তমান শিশুৰ প্ৰৱেশ নিষিদ্ধ৷ কোনো অভিভাৱকে শিশুক খেলাবলৈ বিশেষ পাৰ্কখনলৈ নিব নোৱাৰে৷ শিশুসহ অভিভাৱকক তাত প্ৰৱেশ কৰাত বাধা দিয়ে নিৰাপত্তাৰক্ষীয়ে৷ কাৰণ প্ৰেমাস্পদক কামকেলি কৰিবলৈ দিয়াৰ বিনিময়ত তেওঁলোকে পইচা লাভ কৰে৷ পাৰ্কখনক মুক্ত আকাশৰ তলৰ বেশ্যালয় বুলিহে জানে স্থানীয় লোকে৷
অসমৰে এখন নগৰত দুবছৰ পূৰ্বে সেই পাৰ্কখন নিৰ্মাণ কৰা হৈছিল৷ চৰকাৰে ঢাকঢোল বজাই মুকলি কৰিছিল কোটিটকীয়া উদ্যান৷ নগৰখনৰ শিশুৱে খেলিবলৈ সুবিধা পাব বুলি ঘোষণা কৰা হৈছিল৷ কিন্তু এবছৰ নহ’লেই, সেই শিশু উদ্যানখন প্ৰাপ্তবয়স্কৰ অভিসাৰৰ স্থলী হৈ পৰিল৷ পাৰ্কৰ নিৰাপত্তাকৰ্মীয়ে তাত কামকেলি কৰিবলৈ সুবিধা দিলে দৰ্শনাৰ্থীক৷ ফুৰিবলৈ যোৱা লোকসকলে তাত যে শৰীৰৰ খেলা খেলিব পাৰি গম পালে৷ এতিয়া পাৰ্কখনৰ পৰিৱেশ কলকাতাৰ বেশ্যাপল্লি সোণাগাচিৰ দৰে৷ তাত গ্ৰাহকৰ শৰীৰৰ ভোক পূৰণ কৰিবলৈ অপেক্ষা কৰি বহি থাকে বেশ্যা৷ পাৰ্কখনৰে এটা দৃশ্য আমাৰ স্পাই কেমেৰাত বন্দী হৈছে৷ গতিকে আপুনি সহজে ধৰিব পাৰিছে শিশুৰ বাবে সজা কোটিটকীয়া চৰকাৰী উদ্যানৰ অৱস্থা৷
এই পাৰ্কখন মুকলি কৰাৰ সময়ত কেৱল শিশুকহে প্ৰৱেশৰ অধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰা হৈছিল৷ শিশুৰ বাবে উপযোগীকৈ নিৰ্মাণ কৰা হৈছিল ঝুলনা৷ তাৰোপৰি শিশুৰ খেলৰ সৰঞ্জামো তাত সংস্থাপন কৰা হৈছিল৷ প্ৰথমে কিছুদিন নিয়াৰিকৈ শিশু উদ্যানখন চলিও আছিল৷ কিন্তু প্ৰশাসনৰ বিষয়াই গুৰুত্ব নিদিয়াৰ সুযোগ গ্ৰহণ কৰিলে টিকট কাউণ্টাৰ আৰু নিৰাপত্তাকৰ্মীয়ে৷ তেওঁলোকে পাৰ্কত সংগম কৰাৰ সুযোগ দি প্ৰেমাস্পদৰ পৰা ধন কালেকশ্যন কৰিবলৈ ধৰিলে৷ পিছলৈ বেশ্যায়ো পাৰ্কতে বিচাৰিব ধৰিলে গ্ৰাহকে৷ গতিকে শিশুৱে পাৰ্কখনত খেলা-ধূলা কৰাটো অসম্ভৱ হৈ পৰিল৷ এতিয়া পাৰ্কখন বন্ধ কৰি দিয়াটো কামনা কৰিছে স্থানীয় লোকে৷ কাৰণ অঞ্চলটোৰ পৰিৱেশ পাৰ্কৰ বাবে বজৰুৱা হৈ পৰিছে৷



