শিৱসাগৰৰ কৃষকে পালন কৰিব নোৱাৰিলে কাতি বিহু
বিহু গুচি বিহ হ’ল বানপীড়িতৰ
উদং পথাৰলৈ চাই বুকু চপৰিয়াই কান্দিলে ভুক্তভোগীয়ে
বানৰ পিছত নহ’ল খেতি
শিৱসাগৰৰ পথাৰ এতিয়া ধ্বংসৰ সাক্ষী
মহাপ্ৰলয়ে তচনচ কৰা শিৱসাগৰৰ হাজাৰ হাজাৰ কৃষিজীৱী পৰিয়ালে এইবাৰ পলস আৰু মেটেকাই পুতি পেলোৱা উদং পথাৰত জ্বলাব লাগিব কাতি বিহুৰ বন্তি৷ কোনো কালে নেদেখা উদং পথাৰলৈ চাই বুকু ধিয়াই থকাৰ বাবে শিৱসাগৰৰ হাজাৰ হাজাৰ কৃষকৰ হাতত নাই কোনো সমাধান সূত্ৰ৷
যাৰ পৰিপ্ৰেক্ষিতত ভয়ংকৰ বান দুৰ্যোগে শিৱসাগৰৰ চুকে-কোণে যি আৰ্থ-সামাজিক ক্ষতি কৰি গ’ল তাৰ তাৎক্ষণিক সমাধান নোলাল৷ দীৰ্ঘম্যাদী সমাধানৰ বাট সন্ধান কৰাৰ বাবে দুৰ্যোগৰ দিন ধৰি চৰকাৰৰ সন্মুখত দল-সংগঠন তথা বানবিধবস্ত ৰাইজে দাবী জনায়ো কামত নাহিল৷
শিৱসাগৰ জিলাৰ বান দুৰ্যোগৰ ফলত অন্যান্য ক্ষেত্ৰৰ লগতে সবাটোতকৈ ক্ষতিগ্ৰস্ত হৈছিল গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড সাধাৰণ কৃষকসকল৷ প্ৰতিবছৰে সন্তোষজনক উৎপাদনেৰে ৰাইজৰ অভাৱ পূৰণ কৰি অহা বৃহৎ বৃহৎ পথাৰসমূহ নিমিষতে শেষ হৈ যোৱাৰ লগতে বোকা আৰু পলসে পুতি পেলোৱা পথাৰসমূহত পুনৰ বহু বছৰলৈ কৃষি কাৰ্য কৰা একপ্ৰকাৰ অসম্ভৱ হৈ পৰিল৷ বানত সা-সম্পত্তিৰ লগতে নিজৰ আপোন পথাৰখন হেৰুৱাই দিকভ্ৰান্ত হৈ পৰা কৃষকসকলে আশা কৰিছিল যে চৰকাৰে সাধাৰণ কৃষক ৰাইজক বিপদৰ পৰা উত্তৰণ ঘটাবৰ হেতু সৰ্বোতোপ্ৰকাৰে সহায় আগবঢ়াব৷
বানৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে কৃষিমন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানত সৰ্বস্ব হেৰুৱাই পেলোৱা কৃষকসকলক পুনঃসংস্থাপনৰ আশ্বাস প্ৰদান কৰিছিল৷ বান বিপৰ্যৰ সময়তে শিৱসাগৰত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ সৈতে আলোচনা কৰি ক্ষতিগ্ৰস্ত কৃষক ৰাইজক চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে কঠীয়া, ৰবি শস্য তথা ফলমূলৰ পুলি যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ সেই ভয়ংকৰ দুৰ্যোগৰ দিনবোৰ আঁতৰি গ’ল যদিও দিন যোৱাৰ লগে লগে ক্ষয়-ক্ষতিৰ ভয়াৱহ ছবিখন ক্ৰমাৎ স্পষ্ট হৈ পৰিল৷
বানত সৰ্বস্ব হেৰুওৱা কৃষকসকলে এতিয়া আপোন পথাৰসমূহ দৃশ্য প্ৰত্যক্ষ কৰি উচুপিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বোকা পলসে পুতি পেলোৱা পথাৰসমূহ এতিয়াও মৰুভূমি সদৃশ৷ আনহাতে, বানত উটি অহা বনৰীয়া উদ্ভিদ আৰু মেটেকাৰে পৰিপূৰ্ণ হৈ পৰিল পথাৰ৷ পূৰ্বৰ বছৰবোৰত বাও ধানৰ খেতিৰে পৰিপূৰ্ণ হৈ থকা পথাৰসমূহত এতিয়া মাত্ৰ মেটেকা৷ বানে শিৱসাগৰ জিলাত মুঠ ২৩,৭৮০ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে নিঃশেষ কৰি গ’ল৷
ইয়াৰ পিছত কৃষকসকলে আশা কৰিছিল যে শাওণত নহ’লেও বান দুৰ্যোগ আঁতৰি যোৱাৰ পিছত খেতিত নামিব কিন্তু আবদ্ধ পানীয়ে অধিকাংশ অঞ্চলৰ কৃষকৰ আশাত চেঁচা পানী ঢালিলে৷ প্ৰায় দুটা মাহলৈকে বহুকেইটা অঞ্চলৰ লগতে উৎপাদনক্ষম পথাৰসমূহত পানী আবদ্ধ হৈ থাকিল৷ জিলা প্ৰশাসন তথা কৃষি বিভাগৰ তথ্য অনুসৰি ক্ষয়-ক্ষতিৰ পৰিমাণ অভাৱনীয়৷ ৰোপিত কৃষি তথা উদ্যান শস্যৰ ক্ষয় ক্ষতিৰ পৰিমাণ আছিল ৫.৮২ হেক্টৰ৷ বৰষুণ নিৰ্ভৰ কৃষিভূমি-উদ্যান শস্য ৰোপণৰ ক্ষতিৰ পৰিমাণ ১৭,৫৮৫.৯৬ হেক্টৰ৷ সেইদৰে আন আন উৎপাদিত কৃষিজাত শস্যৰ ক্ষতি ২০৪.৩৭ হেক্টৰ৷ এইদৰে মুঠ ২৩,৭৮০ হেক্টৰ কৃষিভূমি বানত নষ্ট হ’ল৷
জকাইচুক, জেৰেঙা, বানমুখ, বেতবাৰী, পানবেচা আদি অঞ্চলত অৱস্থিত পথাৰসমূহ সম্পূৰ্ণৰূপে নিশেষ হোৱাৰ লগতে এই পথাৰসমূহত পুনৰ কৃষিকাৰ্য কৰা একপ্ৰকাৰ অসম্ভৱ হৈ পৰিল৷ বৃহত্তৰ পনবেচা অঞ্চলৰ দুই সহস্ৰাধিক কৃষিজীৱী পৰিয়ালৰ একমাত্ৰ ভৰসা প্ৰায় ৮০০ বিঘা কৃষিভূমিত বৰ্তমান মেটেকাৰ বাহিৰে একো নাই৷ এটা সময়ত বাওধানৰ উৎপাদনক্ষম পথাৰখন সমাগত দুই বা তিনিবছৰলৈ সম্পূৰ্ণৰূপে নিঃশেষ হৈ গ’ল৷
যাৰ ফলত অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ মূৰত সৰগ ভাগি পৰিছে৷ কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি কৃষি বিভাগে কঠীয়া, ৰবি শস্য বা ফল-মূলৰ পুলি প্ৰদান কৰিলেও সৰ্বস্বান্ত তথা সম্পূৰ্ণ কৃষিভূমি হেৰুৱাই পেলোৱা এইসকল কৃষকে ক’ত খেতি কৰিব সেইয়া এক চিন্তা কৰিবলগীয়া বিষয়৷ চৰকাৰী তথ্য মতে তেইশ হাজাৰ হেক্টৰ কৃষিভূমি নষ্ট হোৱা বুলি তথ্য প্ৰদান কৰিলেও ক্ষয় ক্ষতিৰ পৰিমাণ অনুমান কৰা মতে অধিক হ’ব৷
আনহাতে, উদ্যান শস্য, মৎস্য পালন, সমন্বিত কৃষি পামৰ জৰিয়তে এক দীঘলীয়া সময় ধৰি স্বাৱলম্বী হোৱা কৃষকসকলক সামান্য পৰিমাণৰ ৰাজ সাহায্যই কোনোপধ্যে যে কঁকাল পোনাবলৈ নিদিয়ে সেয়া কিন্তু নিশ্চিত৷ চৰকাৰী তথ্যমতে কৃষিৰ সৈতে জড়িত মুঠ ৪৮,৩৪৪ টা পৰিয়াল বানত সম্পূৰ্ণৰূপে সৰ্বস্বান্ত হোৱাৰ লগতে এক দীৰ্ঘ সময়ৰ ত্যাগৰ বিনিময়ত গঢ়া তেওঁলোকৰ সপোনবোৰ সম্পূৰ্ণৰূপে শেষ হোৱাৰ পিছতো সামান্য বান সাহায্যৰ বাবে তাঁত-বাতি কাঢ়িবলগা হৈছে বানত আক্ৰান্ত এইসকল ৰাইজ৷
ইয়াৰ বিপৰীতে হোজা বানপীড়িত লোকক ব্যবহাৰ কৰি নিজৰ স্বাৰ্থসিদ্ধি কৰিছে একাংশ দল-সংগঠনৰ নেতাৰ লগতে ৰাজনৈতিক দলৰ নেতাই৷ এটা বান্দৰে দুটা মেকুৰীক চলনাৰে এটা ৰুটি ভাগ কৰি দিয়াৰ দৰেই অৱস্থা হৈছে শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ৷ যাৰ বাবে আদৰৰ কাতি বিহুৰ দিনাখনো পৰম্পৰা ৰক্ষা কৰি বলীয়া বানে নিঃশেষ কৰি থৈ যোৱা উদং পথাৰতে উচুপি উচুপি জ্বলাব লাগিব চাকি-বন্তি৷ এইয়াই বানৰ পিছত শিৱসাগৰ জিলাৰ জীয়া বাস্তৱ৷ বানত আক্ৰান্ত সপোনবিহীন কৃষকৰ কঙালীৰ সঁচা বিষাদ গাথা৷



