অভিসাৰৰ পিছত নগদ পইচা নাই বুলি কৈ পলাই ট্ৰাক ড্ৰাইভাৰ
QR ক’ড বিচাৰিও গ্ৰাহকে কৰে আপত্তি
এই সমস্যাৰ এটাই উপায় আছে৷ মহিলাগৰাকীয়ে প্ৰবঞ্চক গ্ৰাহকক এসেকা দিবলৈ পেটত আঁকি লৈছে এটা বিশেষ টেটু৷ তেওঁ পেটতে টেটু কৰাই লৈছে QR ক’ডটো৷ কোনোবাই QR ক’ড স্কেন কৰি পইচা দিব বিচাৰিলে মহিলাগৰাকীয়ে শাড়ীখন আঁতৰাই পেটটো উদঙাই দিয়ে৷ পেটত অংকিত QR ক’ড স্কেন কৰি গ্ৰাহকে পইচা দিব পাৰে৷ মহিলাগৰাকী অৱশ্যে কোনো সন্মানীয় বৃত্তিৰ সৈতে জড়িত নহয়৷ তেওঁ হৈছে শৰীৰ বিক্ৰী কৰা গণিকা৷ ৰাস্তাই-ঘাটে তেওঁ গ্ৰাহকক শাৰিৰীক তৃপ্তি প্ৰদান কৰে৷ কেতিয়াবা ট্ৰাকতে ড্ৰাইভাৰৰ সৈতে তেওঁ শাৰিৰীক সম্পৰ্ক কৰিবলগীয়া হয়৷ নিশাৰ আন্ধাৰত ফুটপাথত ৰৈ মহিলাগৰাকীয়ে গ্ৰাহকৰ সন্ধান কৰে৷ দেখাত ধুনীয়া যুৱতীগৰাকীয়ে প্ৰায়ে কাষ্টমাৰ লাভ কৰে৷ কিন্তু চতুৰ গ্ৰাহকে প্ৰায়ে তেওঁ ঠগিবলৈ চেষ্টা কৰে৷ মহিলাগৰাকীয়ে কে’ছ পইচা বিচাৰিলে গ্ৰাহকে অনলাইন পে’মেণ্ট কৰিব খোজে৷ কিন্তু কেতিয়াবা মোবাইল উলিয়াই QR ক’ডত পইচা লোৱালৈ দেৰী হৈ যায়৷ পুলিচে খেদিলে ট্ৰাকচালকে পইচা নিদিয়াকৈ পলায়ন কৰিবলৈ সুবিধা পায়৷ এই সমস্যাৰ পৰা নিষ্কৃতি পাবলৈ মহিলাগৰাকীয়ে পেটতে টেটু কৰাই লৈছে QR ক’ড৷ সেই ক’ডটো স্কেন কৰি তেওঁক গ্ৰাহকে পইচা দিব পাৰিব৷ এতিয়াৰ পৰা পইচা ল’বলৈ তেওঁ মোবাইল উলিওৱাৰ প্ৰয়োজন নাই৷ পেট উলিয়াই দিলেই গ্ৰাহকে দিব পাৰিব পইচা৷
শেহতীয়াকৈ ৰামঠগন খোৱাৰ পিছত মহিলাগৰাকীয়ে এইটো বুদ্ধি কৰিছে৷ তেওঁ প্ৰকাশ কৰা অনুসৰি বেশ্যাৰ গ্ৰাহকে পইচা নিদিয়াকৈ পলায়নৰ চেষ্টা কৰে৷ কেতিয়াবা সংগমৰ পিছত বেশ্যা সামান্য অসাৱধান হ’লেই গ্ৰাহকে সুযোগ গ্ৰহণ কৰে৷ বেশ্যায়ো গ্ৰাহকক পিছে পিছে খেদি গৈ পইচা আদায় কৰাত আছে অসুবিধা৷ তাৰে সুযোগ লৈ প্ৰায়ে বেশ্যাৰ গ্ৰাহকে পলাই পত্ৰং দিয়ে৷ ৰাজপথত মহিলাগৰাকীয়ে শাৰিৰীক তৃপ্তি দিয়া ট্ৰাক ড্ৰাইভাৰেও প্ৰায়ে বুদ্ধি কৰি পলায়ন কৰে৷ বেশ্যাই গাড়ীৰ পৰা নামি পথত ভৰি দিয়া মাত্ৰকে ট্ৰাকচালকে ডবাই দিযে এক্সেলেটৰ৷ সেয়ে মহিলাগৰাকীয়ে পেটতে বিশেষ টেটু কৰাই লৈছে৷ তেওঁ এতিয়াৰ পৰা পইচাৰ লেনদেনৰ বাবে মোবাইল উলিয়াই গ্ৰাহকক স্কেন কৰিবলৈ দিয়াৰ দৰকাৰ নাই৷ শাড়ীখন আঁতৰাই দিলেই ট্ৰাক ড্ৰাইভাৰ বা হোটেলৰ গ্ৰাহকে তুৰন্তে দিব পাৰিব ধন৷ তাৰ বাবে তেওঁ গ্ৰাহকক দিছে সুবিধা৷ এতিয়া আৰু কোনেও পইচা নিদিয়াকৈ থাকিব নোৱাৰিব বুলি মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে৷ সেই টেটু কৰোৱাৰ বাবে বিহাৰৰ মহিলাগৰাকীয়ে খৰচ কৰিবলগীয়া হৈছে ১৫ হাজাৰ টকা৷
কিন্তু পইচা খৰচ কৰিলেও তেওঁ চিন্তা কৰা নাই৷ মহিলাগৰাকীৰ মতে তেওঁ সেই ধনৰাশি দুদিনতে উচুল কৰিব পাৰিব৷ বিগত সময়ত তেওঁৰ শৰীৰ ভোগ কৰি কেবাজনো ট্ৰাক ড্ৰাইভাৰে পলাই পত্ৰং দিছিল৷ সেয়ে তেওঁ এইবাৰ সাৱধানতা অৱলম্বন কৰিছে৷ কোনেও যাতে প্ৰতাৰণা কৰিব নোৱাৰে তাৰ বাবে মহিলাগৰাকী সাৱধান হৈ আছে৷ তেওঁৰ পেটত অংকিত টেটুটোৱে কাম কৰাটো নিশ্চিত কৰিবলৈ গ্ৰাহকক সংগমৰ পূৰ্বে মহিলাগৰাকীয়ে QR ক’ড স্কেন কৰিব দিয়ে৷ সেই ক’ডটোত পইচা দিব পৰাটো নিশ্চিত হ’লেহে মহিলাগৰাকীয়ে গ্ৰাহকক দিয়ে অভিসাৰৰ সুবিধা৷ গতিকে তেওঁ এতিয়া পইচা পাবই বুলি নিশ্চিত৷



