চিনেমা হলৰ টিকটত ৫৭০ শতাংশ টেক্স
চিনেমা হলৰ টিকটৰ দাম বৃদ্ধিত চৰকাৰৰ অনুমতি
আপুনি ভুলকৈ শুনা নাই, সঁচাকৈয়ে কেন্দ্ৰীয় চৰকাৰে চিনেমা হলৰ টিকটত ৫৭০ শতাংশ কৰ আৰোপ কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ সেইসূত্ৰে মুম্বাইত ততালিকে বৃদ্ধি কৰা হৈছে টিকটৰ দাম৷ মুম্বাইত পৌৰ নিগমৰ জৰিয়তে হলৰ টিকটত টেক্স আৰোপ কৰা হৈছে৷ পূৰ্বৰ ৪০০ টকীয়া টিকটৰ দাম এনিশাৰ ভিতৰতে ৬০ টকা বৃদ্ধি কৰা হৈছে৷ কিন্তু এতিয়াও সম্পূৰ্ণ দাম বৃদ্ধি কৰা নাই পৌৰ নিগমে৷
মুঠতে পূৰ্বে ৩০০ টকা খৰচ কৰি চিনেমা চোৱা লোকসকলে শীঘ্ৰে টিকটৰ বাবে ৯০০ টকা আদায় দিব লাগিব৷ টিকটৰ দাম সম্পূৰ্ণ বৃদ্ধি কৰাৰ পূৰ্বে পাইলট প্ৰজেক্ট চলোৱা হৈছে৷ সেইমতে এচি চিনেমা হ’লৰ টিকটৰ দাম সামগ্ৰিকভাৱে ৬০ টকা বৃদ্ধি কৰা হৈছে৷ যিসকলে এচি হলৰ ৫০০ টকীয়া টিকটত চিনেমা উপভোগ কৰিছিল তেওঁলোকৰ পৰা ৬০ টকা অতিৰিক্ত আদায় কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে৷
কেৱল সেয়াই নহয়, ২০০ টকীয়া টিকটৰ দাম ৪০ টকা বঢ়োৱা হৈছে৷ নন-এচি চিনেমা হলৰ টিকটৰ দাম ততালিকে বৃদ্ধি কৰিবলৈ দিল্লীয়ে সকলো ৰাজ্যকে নিৰ্দেশ প্ৰদান কৰিছে৷ সেইমতে পূৰ্বে যিটো টিকট ২০০ টকাত উপলব্ধ আছিল তাৰ বাবে এতিয়াৰ পৰা ৪০ টকা বেছিকৈ পৰিশোধ কৰিব লাগিব৷ নন-এচি চিনেমা হলৰ টিকটৰ দাম সামগ্ৰিকভাৱে ৪০ টকা বৃদ্ধি কৰাৰ বিষয়ে চিত্ৰগৃহক জাননী দিয়া হৈছে৷
সেইদৰে অৰ্কেষ্ট্ৰাৰ দৰে অনুষ্ঠানৰ টিকটতো কৰ আৰোপ কৰা হৈছে৷ সেয়ে এতিয়াৰ পৰা অৰ্কেষ্ট্ৰাৰ টিকটৰ দাম কমেও ৪০ টকা বৃদ্ধি পাব৷ বৰ্তমান বিভিন্ন চহৰত সঘনাই অনুষ্ঠিত অৰ্কেষ্ট্ৰাৰ টিকটৰ গড় দাম হৈছে ১০০ টকা৷ কিন্তু কৰ বৃদ্ধি নিশ্চিত হোৱাৰ পিছতে টিকটৰ দাম ১৪০ টকালৈ বৃদ্ধি কৰা হৈছে৷ এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিকভাৱে চিনেমা উদ্যোগ যে সংকটৰ গৰাহত পৰিব সেয়া অৱধাৰিত৷ কিয়নো টিকটৰ দাম অসম্ভৱ হাৰত বৃদ্ধি পালে হললৈ যোৱা দৰ্শকৰো সংখ্যা হ্ৰাস পাব৷
কিন্তু চৰকাৰক বৰ্তমান যিকোনো প্ৰকাৰে পইচা লাগে৷ জনতাক কেকোঁৰাচেপা দিয়াৰ বাবে UPI টেক্সো প্ৰৱৰ্তন কৰিছে৷ তাৰ পিছতে হলৰ টিকটৰ দাম বৃদ্ধি কৰিবলৈ দিল্লীযে প্ৰকাশ কৰিছে জাননী৷ এই জাননীৰ ভিত্তিত মুম্বাইত ইতিমধ্যে হলৰ টিকটৰ দাম বৃদ্ধি কৰা হৈছেই৷ পৰৱৰ্তী সময়ত সম্পূৰ্ণ ৫৭০ শতাংশ দাম বৃদ্ধি কৰিলে হলৰ পিছৰ ছিটৰ টিকটৰো দাম ৩০০ টকা পৰ্যন্ত বঢ়াটো নিশ্চিত৷



