ন্যায়পালিকাতো মোদীৰ হাত

কাৰ্যকালত ৰাজনৈতিক দাসত্ব স্বীকাৰ কৰিছিল চন্দ্ৰচূড়ে
বিচাৰকৰ গ্ৰন্থত প্ৰাক্তন মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ
মুখ্য ন্যায়াধীশৰ কাৰ্যকালত নিৰপেক্ষ নাছিল ডি ৱাই চন্দ্ৰচূড়৷ পূৰ্বে ৰাজহাড় পোনাই ৰখা বিচাৰপতিজন আচম্বিতে লেহুকা হৈ পৰিছিল৷ ছুপ্ৰিম ক’ৰ্টৰ প্ৰাক্তন ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ স্মৃতিকথা উইদাউট ফিয়েৰ অৱ ফেভাৰ শীৰ্ষক গ্ৰন্থখনত বৰ্ণিত হৈছে চন্দ্ৰচূড়ৰ শিথিলতাৰ সবিশেষ৷
গ্ৰন্থখনৰ বিচাৰপতি লেখৰে ন্যায়ালয় আৰু চৰকাৰৰ সম্পৰ্ক তথা কলেজিয়ামৰ অভ্যন্তৰীণ কন্দল ফাদিল কৰিছে৷ ন্যায়াধীশ কৌলৰ আত্মজীৱনী অনুসৰি চন্দ্ৰচূড় তেওঁৰ কাৰ্যকালত চৰকাৰৰ প্ৰতি অতিমাত্ৰা নমনীয় আছিল আৰু কলেজিয়ামৰ বৈঠক অনুষ্ঠিত কৰাৰ পূৰ্বেই কেন্দ্ৰৰ অনুমোদন বিচাৰিছিল। আনকি সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বিচাৰক হিচাপে নিযুক্তিৰ প্ৰক্ৰিয়াত জাতি-ধৰ্ম সম্পৰ্কে সোধা প্ৰশ্নক লৈও ন্যায়াধীশৰ বেঞ্চত মতানৈক্যৰ সৃষ্টি হৈছিল বুলি কিতাপখনত উল্লেখ কৰা হৈছে।
ন্যায়াধীশ কৌলে তেওঁৰ উল্লেখ কৰিছে যে তেওঁ ২০২৩ চনৰ ডিচেম্বৰ মাহত অৱসৰ লোৱাৰ পূৰ্বে কলেজিয়ামৰ জ্যেষ্ঠতম বিচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেতিয়া বিচাৰক নিযুক্তিৰ বিষয়ত চৰকাৰৰ সৈতে হোৱা মতানৈক্যৰ বাবে তেওঁ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ সম্পৰ্কত হেঁচা পৰিছিল।
তেওঁৰ মতে ৰাজনৈতিক শক্তিয়ে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰিবই, কিন্তু বিচাৰপালিকাই প্ৰতিষ্ঠা আৰু মৰ্যাদা অক্ষুণ্ণ ৰখা উচিত। লগতে তেওঁ স্পষ্ট কৰি দিছে যে যিসকল বিচাৰকৰ মেৰুদণ্ড শক্তিশালী, চৰকাৰে তেওঁলোকক অধিক সন্মান কৰে৷ তাৰোপৰি ২০১৫ চনত ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ ব্যৱস্থা বাতিল কৰাৰ সিদ্ধান্তৰ বিষয়ে তেওঁ অপ্ৰকাশিত তথ্য ফাদিল কৰিছে৷ কৌলে মত প্ৰকাশ কৰিছে যে সেই ব্যৱস্থাটো তৎক্ষণাত নাকচ নকৰি কাৰ্যকৰী হ’বলৈ সুযোগ দিয়া উচিত আছিল।
গ্ৰন্থখনত প্ৰকাশ পোৱা মতে কলেজিয়ামৰ বৈঠকত ছটা খালী পদ পূৰণৰ বাবে পাঁচটা নাম চৰ্চা হোৱাৰ পিছত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ক চৰকাৰৰ ইংগিত দিছিল৷ যেতিয়া মুখ্য ন্যায়াধীজনে চৰকাৰৰ মতামত ল’বলৈ টেলিফোন কৰাৰ কথা ভাবিছিল, তেতিয়া ন্যায়াধীশ কৌলে তীব্ৰ প্ৰতিবাদ জনাইছিল আৰু এই কথাক লৈ তেওঁলোকৰ মাজত মতবিৰোধ চূড়ান্ত পৰ্যায় পাইছিলগৈ।