নিশা কোন এই অভিসাৰিকা

নাই নাই, ৰাস্তাত ভূত-পিশাচ ওলোৱা নাই
আপোনালোকেও ভয় নাখাব, এইগৰাকী তেজ-মঙহৰ ছোৱালীহে
অৱশ্যে এদিনীয়া মানুহ হ’লে গুৱাহাটীৰ ৰাস্তাত ভয়েই খাব৷ কাৰণ মাজনিশাও মহানগৰীৰ পথত এইদৰে তহল দি ফুৰে অৰ্ধবসনা যুৱতীয়ে৷ মিনিস্কাৰ্ট পৰিহিত যুৱতীৰ শৰীৰ নিশাৰ গুৱাহাটীত বিক্ৰীযোগ্য সামগ্ৰী হৈ পৰে৷ শৰীৰ বিক্ৰী কৰিবলৈ ইচ্ছুক যুৱতীয়ে ফুটপাথত থিয় হ’লেই গ্ৰাহক উপস্থিত হয়৷ এইগৰাকী যুৱতীলৈকে চাওকচোন, আমাৰ কেমেৰাত তেওঁ নিশা ডেৰবজাত আবদ্ধ হৈছিল৷ যুৱতীগৰাকীৰ কাষতে হঠাতে হঠাতে ৰৈ গ’লহি এখন গাড়ী৷ কিছুসময় গাড়ীৰ যাত্ৰীৰ সৈতে যুৱতীগৰাকীয়ে বাৰ্তালাপ কৰিলে৷ দামে-দৰে মিলাৰ পিছত যুৱতীগৰাকীয়ে গাড়ীত উঠি মাজনিশা অজ্ঞাত স্থানলৈ আৰম্ভ কৰিলে যাত্ৰা৷
এই দৃশ্যটো সদায় ওলাই থকাৰ দৰে গণেশগুৰিৰ নহয়৷ গুৱাহাটীৰ এটা গলিতহে যুৱতীগৰাকীক গাড়ীত উঠাই গ্ৰাহকে লৈ গৈছে৷ তেওঁ সেই গলিটোতে সদায় কাষ্টমাৰ বিচাৰে৷ যুৱতীগৰাকীয়ে প্ৰায়ে সন্ধ্যাই পাই গ্ৰাহক৷ কেতিয়াবা নিশা দুজন গ্ৰাহকৰ সৈতে কামলীলা কৰি এক্সটা ইনকাম কৰে৷ তেওঁ কেমেৰাৰ আঁৰত আমাৰ সৈতে বাৰ্তালাপ কৰিছিল৷ এইগৰাকী যুৱতীয়ে বহুদিনৰ পৰা গুৱাহাটীত দেহ ব্যৱসায় কৰি আছে৷ বৰ্তমান বয়স হোৱা বাবে নিশাৰ অভিসাৰিকাৰ বজাৰত তেওঁৰ দাম কমিছে৷ তথাপি নিশা কাকো বিচাৰি নোপোৱা গ্ৰাহক তেওঁৰ কাষ চাপে৷ গুৱাহাটীৰ বেশ্যাৰ বজাৰত যুৱতীগৰাকীৰ নাম হৈছে ৰিণি৷
তেওঁ দিনত অৱশ্যে চাকৰি কৰে৷ গুৱাহাটীৰ এটা কনছালটেন্সী এজেন্সীত ৰিচিপশ্যনিষ্ট হিচাপে কাম কৰে ৰিণিয়ে৷ মানুহক দেখুৱাই সেইটো চাকৰি কৰিলেও ৰিণিৰ উপাৰ্জনৰ মূল উৎস হৈছে দেহ ব্যৱসায়৷ সেই কাম কৰিয়েই ৰিণিয়ে পৰিয়াল চলাই আছে৷ ১৫ বছৰৰ পৰা গুৱাহাটীত দেহ ব্যৱসায় কৰা ৰিণিৰ বিয়াৰ বয়স উকলি গৈছে৷ নগাঁৱৰ যুৱতী ৰিণিয়ে বেশ্যাবৃত্তিৰ পৰা উপাৰ্জন কৰা ধন প্ৰতিমাহে ঘৰলৈ প্ৰেৰণ কৰে৷ নগাঁৱৰ চিনাকি মানুহে যাতে তেওঁক ধৰিব নোৱাৰে সেয়ে এটা নিৰ্দিষ্ট এলেকাতহে ৰিণিয়ে কাষ্টমাৰ বিচাৰে৷ পৰিয়ালৰ আন সদস্য বদনামী হোৱাৰ ভয়ত ৰিণিয়ে গণেশগুৰিত গ্ৰাহক নিবিচাৰে৷
যুৱতীগৰাকীয়ে আমি লগ পোৱাৰ নিশা দুজন গ্ৰাহকৰ সৈতে অভিসাৰ কৰিছে৷ নিশা প্ৰথমজন গ্ৰাহকৰ সৈতে অভিসাৰ কৰি ডেৰবজাত ঘৰলৈ উভতিছিল ৰিণি৷ তেতিয়াই তেওঁক আন এজন গ্ৰাহকে দিলে অভিসাৰৰ প্ৰস্তাৱ৷ এনিশাতে ডাবল ইনকাম হোৱাৰ আশা কৰি ৰিণি লগে লগে মান্তি হ’ল৷ ৰিণিয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ মাহৰ ২২ দিন শৰীৰ বিক্ৰী কৰে৷ ৰিণিয়ে দিনত চাকৰি কৰি মাত্ৰ ১৩ হাজাৰ টকা দৰমহা পায়৷ সেইকেইটা পইচাৰে ৰূম ভাৰা দিয়ে৷ তেওঁ বিলাসী জীৱনৰ বাবে কৰে নাইট ডিউটী৷
ৰিণি নামৰ যুৱতীগৰাকীয়ে মাহিলী এতিয়াও ৭০ হাজাৰ টকা উপাৰ্জন কৰি আছে৷ কিন্তু গুৱাহাটীৰ গাভৰু বেশ্যাৰ ইনকাম ইয়াতকৈ বেছি বুলি ৰিণিয়ে প্ৰকাশ কৰিছে৷ ৰিণিৰ মতে তেওঁৰ বয়স ৩৭ বছৰ হোৱা বাবে গ্ৰাহকে লাহে লাহে নিবিচৰা হৈছে৷ তাৰোপৰি গুৱাহাটীৰ বেশ্যাৰ বজাৰখন হঠাতে দখল কৰিছে কলেজীয়া ছাত্ৰীয়ে৷ সেয়ে পুৰণি বেশ্যাৰ কদৰ নোহোৱা হৈছে৷ তথাপি ৰিণিয়েও ঘটি আছে ধন৷