৬০ শতাংশ মিঞা থকা সমষ্টিত হিন্দু সাংসদ কিয় থাকিব?
এতিয়া কোনখন মুখেৰে তেওঁলোকে কেৱল বিজেপিকে সাম্প্ৰদায়িক বুলি ক’ব?
এইজন নেতাক অসমৰ বহুতে চিনি পায়৷ তেওঁ যোৱা বিধানসভাৰ বিধায়ক আছিল৷ শেহতীয়া নিৰ্বাচনত চেঙা সমষ্টিত পৰাভূত এইজন নেতাৰ নাম আশ্ৰাফুল হুছেইন৷ ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে আশ্ৰাফুল সাংবাদিক আছিল৷ তেতিয়া আশ্ৰাফুলে মিঞা কবিতা লিখিছিল৷ অসমীয়াক জাতিত ধৰি গালি পাৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল আশ্ৰাফুলে৷ মিঞা কবিতাত অসমীয়াক বলাৎকাৰী হিচাপে আশ্ৰাফুলে ঘোষণা কৰিছিল৷ সেই সময়লৈকে আশ্ৰাফুলৰ পৰিচয় আছিল উদাৰপন্থী যুৱক হিচাপে৷ মিঞা সমাজক আধুনিকতাৰ পোহৰ দেখুৱাবলৈ আশ্ৰাফুলে সংগ্ৰাম কৰিছিল৷ কিন্তু সেই আশ্ৰাফুলেও ক্ষমতাৰ লোভ সামৰিব নোৱাৰিলে৷ বিধায়ক হোৱাৰ আশা দেখি আশ্ৰাফুলে যোগদান কৰিলে আজমলৰ AIUDFত৷
সেইবাৰ অৱশ্যে আশ্ৰাফুলৰ উদ্দেশ্য সিদ্ধি হ’ল৷ ২৫ বছৰ বয়সতে চেঙাৰ বিধায়ক হৈ ২০২১ চনত অভিলেখ গঢ়িলে আশ্ৰাফুলে৷ কিন্তু তেওঁৰ প্ৰতাৰণাৰ ৰাজনীতিৰ ম্যাদ মাত্ৰ ৫ বছৰীয়াহে হ’ল৷ সমষ্টিত একো কাম নকৰি এইবাৰ পৰাস্ত হ’ল আশ্ৰাফুল৷ কিন্তু এতিয়াও বিষ ছটিয়াই ফুৰিবলৈ এৰা নাই তেওঁৰ দৰে উদীয়মান নেতাই৷ যিজন আশ্ৰাফুলে মিঞা সমাজক আধুনিকতাৰ বাট দেখুৱাব বুলি আশা কৰা হৈছিল তেৱেঁই সম্প্ৰতি কৰিছে সাম্প্ৰদায়িক প্ৰচাৰ৷ বৰ্তমান দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ হৈ নগাঁৱত প্ৰচাৰ কৰাত আশ্ৰাফুল ব্যস্ত হৈ আছে৷ সেই প্ৰচাৰৰ সময়ত দেশৰ সংবিধানক উলংঘা কৰিছে আশ্ৰাফুলে৷
তেওঁ প্ৰচাৰৰ সময়ত সুধিছে- নগাঁৱৰ দৰে এটা সংসদীয় সমষ্টিত কেনেদৰে এজন হিন্দু সাংসদ হ’ব পাৰে? অৰ্থাৎ নগাঁৱত হিন্দু প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ নাই বুলি আশ্ৰাফুলে দাবী কৰিছে৷ তেওঁৰ মতে নগাঁৱৰ ৬০ শতাংশ ভোটাৰেই যিহেতু মুছলমান সেয়ে তাত মুছলমান নেতাই সাংসদ হ’ব লাগে৷ অৰ্থাৎ নগাঁৱৰ মিঞাই স্ব-সম্প্ৰদায়ৰ নেতাক সাংসদ হিচাপে নিৰ্বাচিত কৰিব লাগে বুলি দাবী কৰিছে আশ্ৰাফুলে৷ তেওঁ সেই দাবীৰে নগাঁৱৰ মিঞা ভোটাৰক উত্তেজিত কৰিবলৈ চেষ্টা চলাইছে৷ ৰাজনীতিত যোগ দিয়াৰ পূৰ্বে ধীৰে-সুস্থিৰে কথা কোৱা আশ্ৰাফুলে উত্তেজিত কণ্ঠৰে মিঞা ৰাজনীতিৰ শ্ল’গান দিছে৷
এই বক্তব্যৰে আশ্ৰাফুলে সংবিধান অৱমাননা কৰিছে৷ কিয়নো দেশৰ সংবিধানত কাহানিও কোনো সমষ্টি বিশেষ সম্প্ৰদায়ৰ বাবে সংৰক্ষিত কৰি ৰখাৰ উল্লেখ নাই৷ সংৰক্ষিত সমষ্টিৰ বাদে সৰ্বত্ৰ সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলিহে সংবিধানত উল্লেখ আছে৷ তেনেস্থলত আশ্ৰাফুল হুছেইনৰ দৰে এজন শিক্ষিত নেতাই কিয় নগাঁৱত কেৱল মিঞাহে সাংসদ হ’ব পাৰে বুলি প্ৰশ্নৰ অৱতাৰণা কৰিছে সেইটো উদ্বেগজনক৷ এটা কথা নিশ্চিত যে নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ মিঞা ভোটাৰৰ ছেণ্টিমেণ্ট জয় কৰিবলৈ আশ্ৰাফুলে মিঞা জাতীয়তাবাদৰ শ্ল’গান দিছে৷ তেওঁ বাংলাভাষাত ভাষণ দি ভোটাৰৰ সমৰ্থন বিচাৰিছে৷
এনে ভাষ্যৰ পিছত আশ্ৰাফুলৰ দৰে যুৱনেতাৰো বিজেপিক সাম্প্ৰদায়িক বুলি ককৰ্থনা কৰাৰ অধিকাৰ নোহোৱা হ’ল৷ কাৰণ বিজেপিয়ে যদি কট্টৰ হিন্দুত্ববাদৰে ৰাজনীতি কৰিছে তেন্তে আশ্ৰাফুলৰ দৰে নেতায়ো সম্প্ৰতি আৰম্ভ কৰিছে কট্টৰ ইছলামিক ৰাজনীতি৷ তেওঁ নগাঁৱত মিঞা সাংসদ লাগে বুলি কোৱাটো সংবিধানৰ প্ৰতি চৰম অৱমাননা৷ চাবলৈ গ’লে এনে ভাষ্যৰ বাবে প্ৰাক্তন বিধায়ক আশ্ৰাফুলৰ বিৰুদ্ধে ৰুজু কৰিব লাগে গোচৰ৷ কিন্তু কোনেও বাধা নিদিয়াৰ পৰিপ্ৰেক্ষিতত আশ্ৰাফুলে মিঞা অধ্যুষিত এলেকাত তেনে উত্তেজক ভাষণ দি ফুৰিছে৷ তেওঁৰ মিঞা জাতীয়তাবাদৰ শ্ল’গানে ক্ষতিহে কৰিছে আজমলৰ৷



