নকল খাকী ইউনিফৰ্ম কাৰ বাবে চিলাইছে মোদীয়ে?

এদল গুণ্ডাৰ বাবে চিলোৱা হৈছে পুলিচৰ ইউনিফৰ্ম
গুণ্ডাক পুলিচৰ কাপোৰ পিন্ধাই প্ৰতিবাদীক পিটিব গৃহ বিভাগে
যন্তৰ মন্তৰত প্ৰতিবাদ নিষিদ্ধ কৰাৰ পিছতো শান্তি পোৱা নাই অমিত শ্বাহে৷ যিকোনো মুহূৰ্ততে পুনৰ জেন জিয়ে দিল্লী উত্তাল কৰিব বুলি তেওঁ শংকিত৷ সেয়ে কিছুমান আচৰিত ব্যৱস্থা গ্ৰহণ কৰিছে দিল্লীৰ প্ৰশাসনে৷ সম্প্ৰতি যন্তৰ মন্তৰত উদ্ধাৰ হৈছে পুলিচৰ ইউনিফৰ্মেৰে ভৰ্তি এখন গাড়ী৷ সেই গাড়ীখনেৰে সৰবৰাহ কৰা হৈছে আৰক্ষীৰ খাকী পোছাক৷ পুলিচৰ গাড়ীত নিয়া খাকী পোছাক কাক যোগান ধৰা হ’ব সেইটো কিন্তু প্ৰশাসনে ক’ব পৰা নাই৷ কিন্তু তেওঁলোকে বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছে৷ সেই গাড়ীখন জব্দ কৰিছে জেন জি প্ৰতিবাদীয়ে৷ নকল আৰক্ষী নিয়োগ কৰিবলৈ পুলিচে কৰা য়ড়যন্ত্ৰ ফাদিল হোৱাৰ পিছত বিবুধিত পৰিছে অমিত শ্বাহ৷ কিন্তু ইতিমধ্যে ফাদিল হৈছে চৰকাৰে কৰা ভয়ংকৰ চক্ৰান্ত৷
মাৰি-পিটি আৰক্ষীয়ে খেদিলেও বৰ্তমানপৰ্যন্ত যন্তৰ মন্তৰ খোপনি পুতি আছে এদল প্ৰতিবাদীয়ে৷ তেওঁলোক আৰক্ষীৰ নিৰ্যাতনত সেওমনা বিধৰ নহয়৷ পৰিস্থিতিৰ ভয়াৱহতা সম্প্ৰতি বুজি পাইছে দিল্লী আৰক্ষীয়ে৷ কিন্তু অহিংস প্ৰতিবাদীক মাৰপিট কৰিবলৈয়ো তেওঁলোকৰ নাই অধিকাৰ৷ গতিকে নকল পুলিচৰ জৰিয়তে প্ৰতিবাদ দমনৰ চক্ৰান্ত কৰা হৈছে৷ সেয়ে চৰকাৰী ধনেৰে চিলোৱা হৈছে পুলিচৰ ইউনিফৰ্ম৷ এই খাকী পোছাকত আৰক্ষীৰ নেমপ্লেটত ভুৱা নাম লিখা হৈছে৷ তথ্য অনুসৰি নকল ইউনিফৰ্ম হিন্দুত্ববাদী সংগঠনৰ সদস্যৰ বাবে চিলোৱা হৈছে৷ তেওঁলোকক আৰক্ষী হিচাপে চিনাকি দি প্ৰতিবাদ দমনত নিয়োগ কৰা হ’ব৷
এইসকল হিন্দুত্ববাদীয়ে ইতিমধ্যে প্ৰতিবাদীক কৰিছে নিৰ্যাতন৷ দিল্লীৰ ভিন্নস্থানত ৰৈ থকা হিন্দু সংগঠনৰ সদস্যই প্ৰতিবাদীক আদবাটতে বাধা দিছে৷ আগবাঢ়ি যোৱা প্ৰতিবাদীক ঘূৰাই নিছে হিন্দু ৰক্ষা দলৰ সদস্যই৷ কিন্তু ইমান দমননীতি সত্ত্বেও পৰিস্থিতি সলনি হোৱা নাই৷ যিকোনো মূল্যৰ বিনিময়তে প্ৰতিবাদ চলাই থকাৰ হুংকাৰ দিছে ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছ নেতাজনে প্ৰকাশ কৰা অনুসৰি তেওঁ মোদী চৰকাৰৰ ভিতৰুৱা খবৰ লাভ কৰিছে৷ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়াই ৰাহুল গান্ধীক যোগান ধৰিছে খবৰ৷ আনকি ED আৰু CBIৰ দৰে সংস্থাৰো ভিতৰুৱা খবৰ লাভ কৰা বুলি ৰাহুলে দাবী কৰিছে৷ তেওঁ মোদী চৰকাৰৰ ভিতৰুৱা তথ্য ফাদিল কৰাৰ হুংকাৰ দিছে৷ এই বিষয়ে শীঘ্ৰে ৰাহুলে পাতিব সংবাদমেল৷
আনহাতে ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণ কৰিবলৈ বিজেপি চৰকাৰ তৎপৰ হৈ পৰিছে৷ চৰকাৰৰ বিৰুদ্ধে কোনোবাই প’ষ্ট দিলেই ডিলিট কৰিবলৈ দিয়া হৈছে জাননী৷ মেটাই প্ৰকাশ কৰা অনুসৰি যোৱা ছমাহৰ ভিতৰত চৰকাৰে তেওঁলোকক ১ লাখ জাননী দিছে৷ একেদৰে এক্সৰ পৰাও প’ষ্ট ডিলিট কৰিবলৈ ন’টিচ দিয়া হৈছে৷ মুঠতে পৰিস্থিতি দেখি ভীতিগ্ৰস্ত হৈ পৰিছে চৰকাৰ৷ বৰ্তমান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই৷ আন্দোলনৰ সৈতে বাহিৰা শক্তি জড়িত আছে বুলি দাবী কৰিলেও প্ৰমাণ কৰাত বিফল হৈছে কেন্দ্ৰীয় মন্ত্ৰী৷ গতিকে একমাত্ৰ উপায় হৈ পৰিছে ভুৱা তথ্য৷ চৰকাৰে ইণ্টাৰনেট নিয়ন্ত্ৰণৰ হাজাৰ চেষ্টা কৰিলেও একো লাভ হোৱা নাই৷ প্ৰতিদিনে চৰকাৰ বিৰোধী প’ষ্ট হৈ পৰিছে ট্ৰেণ্ডিং৷ লাখ লাখ লোকে মোদীৰ বিৰুদ্ধে প’ষ্ট দিছে৷ সেইবোৰ ডিলিট কৰাবলৈ মোদীয়ে খৰচ কৰিছে কোটিৰ ঘৰত টকা৷