আজিৰ প্ৰজন্মই বিশ্বাস নকৰিব পাৰে, কিন্তু কাতি তেতিয়া সঁচাকৈয়ে কঙালী আছিল
কাতিৰ শেষত পেটত পানী গামোচা মাৰিবলগীয়া হৈছিল অসমৰ কৃষকে
কাতি কঙালী তেতিয়াৰ পৰা নোহোৱা হ’ল, যেতিয়া অসমৰ পথাৰলৈ আহিল ৰঞ্জিত৷ আমি কোনো ৰঞ্জিত নামৰ মানুহৰ বিষয়ে ক’বলৈ যোৱা নাই৷ কৈছোঁ ৰঞ্জিত নামৰ বিশেষ ধানৰ প্ৰজাতিৰ বিষয়ে৷ দৰাচলতে অসমৰ পথাৰত ৰঞ্জিতে বিপ্লৱৰ সূচনা কৰিলে৷ পূৰ্বে অসমৰ পথাৰত উৎপাদিত বেছিভাগ ধানৰে থোক সৰিছিল৷ পথাৰতে পৰিছিল ধান৷ কিন্তু ৰঞ্জিতে থোকসৰাৰ সমস্যা দূৰ কৰিলে৷ ৰঞ্জিতৰ উৎপাদন পুৰণি ধানতকৈ অধিক৷ হাইব্ৰিড ৰঞ্জিতে অসমৰ কৃষকক অভিশাপৰ পৰা মুক্ত কৰিলে৷ কিন্তু ৰঞ্জিতৰ আঁৰত কোন আছে সেয়া অসমৰ জনতাই নাজানে৷ দৰাচলতে অসমৰ কৃষকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা ৰঞ্জিত ধানৰ নেপথ্যৰ মানুহজনৰ নাম হৈছে ড: নাৰায়ণ চুতীয়া৷ তেওঁক কোনেও চিনি নাপাই, কিন্তু ড: নাৰায়ণ চুতীয়াই উদ্ভাৱন কৰা ৰঞ্জিত ধানৰ নাম নুশুনা মানুহ অসমত নাই৷ এনে কোনো কৃষক নাই, যি ৰঞ্জিত ধানৰ খেতি নকৰাকৈ আছে৷ অৱশ্যে ড: নাৰায়ণ চেতিয়াই অকলে ৰঞ্জিত উদ্ভাৱন কৰা নাই৷ তেওঁৰ নেতৃত্বত কাম কৰা এদল কৃষি বিজ্ঞানীয়ে তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰত তিনিবিধ ধান উৎপাদন কৰিছিল৷ প্ৰথমে তেওঁলোকে গৱেষণাগাৰত উদ্ভাৱন কৰিছিল ৰঞ্জিত, বাহাদুৰ আৰু পিয়লি ধান৷ ইয়াৰে ৰঞ্জিত ধানে অসমত যাদুৰ দৰে কাম কৰিলে৷ সলনি কৰি পেলালে পথাৰৰ অৱস্থা৷
ৰঞ্জিতৰ আগতে অসমত হাইব্ৰিড ধানৰ খেতি হোৱা নাছিল৷ ক্ৰমে অসমত কমি আহিছিল লাহী আৰু শালি ধানৰ উৎপাদন৷ তাৰোপৰি বানৰ বাবে অসমৰ বিস্তীৰ্ণ প্ৰান্তত ধানখেতি অসম্ভৱ হৈ পৰিছিল৷ তেনে পৰিস্থিতিত অসমৰ প্ৰতিকূল পৰিৱেশতো বৰ্ধিত উৎপাদন কৰিব পৰা ধান উদ্ভাৱন কৰাটো কৃষিবিজ্ঞানীৰ বাবে প্ৰত্যাহ্বানেই আছিল৷ কিন্তু ড: নাৰায়ণ চেতিয়াৰ নেতৃত্বত গৱেষণা কৰা কৃষি বিজ্ঞানীৰ দলটোৱে সেই প্ৰত্যাহ্বান স্বীকাৰ কৰিলে৷ তেওঁলোকে কেবামহীয়া চেষ্টাৰ অন্তত অসমৰ জলবায়ুৰ বাবে উপযোগী ৰঞ্জিত ধানৰ বীজ উদ্ভাৱন কৰিবলৈ সক্ষম হ’ল৷ ৰঞ্জিত ধানে বানপীড়িত এলেকাৰ কৃষককো লাভান্বিত কৰিলে৷ থলুৱা কৃষি বিজ্ঞানীয়ে তিতাবৰৰ গৱেষণাগাৰত কৰা উদ্ভাৱনে সকাহ দিলে উপান্ত কৃষকক৷
এই ৰঞ্জিত ধান এতিয়াও অসমৰ কৃষকৰ মূল সম্বল৷ ৰঞ্জিত উদ্ভাৱন কৰাৰ পূৰ্বে খেতিয়কে প্ৰদানত: আইজং ধান কৰিছিল৷ কিন্তু আগতীয়াকৈ পকা বাবে আইজং ধানৰ খেতি কৰাত সমস্যা আছিল৷ পিছে ৰঞ্জিতৰ তেনে কোনো সমস্যা নাই৷ এই ধানবিধ যথাসময়ত পকে, ফলত কৃষকে পথাৰৰ পৰা ধান ঘৰলৈ চপাবলৈয়ো সুবিধা পাই৷ তাৰোপৰি ৰঞ্জিত ধান কঢ়িয়াওতে থোক সৰাৰ দৰে সমস্যাও নাই৷ ৰঞ্জিত ধানৰ কঠীয়া পানীত ১৫ দিন ডুব গৈ থাকিলেও নমৰে৷ সেয়ে বানপীড়িত এলেকাৰ খেতিয়কে ৰঞ্জিতৰ খেতি কৰি বছৰটোলৈ ধান চপায়৷ ৰঞ্জিতৰ চাউল অসমৰ পৰিৱেশত খোৱাৰ বাবে উপযোগী বুলি প্ৰমাণ হৈছে৷
এটা কথা সকলোৱে জানিব লাগে যে ৰঞ্জিত অহাৰ আগলৈ অসমৰ কৃষকৰ বাবে কাতি সঁচাকৈ কঙালী আছিল৷ আজিৰ দৰে একাংশ উপান্ত খেতিয়কে ধানখেতি কৰি বছৰটোলৈ চাউল গোটাব পৰা নাছিল৷ কিন্তু ৰঞ্জিতে পৰিস্থিতি সলনি কৰিলে৷ ড: নাৰায়ণ চেতিয়াৰ নেতৃত্বত কাম কৰা কৃষি বিজ্ঞানীয়ে দিয়া এই উপহাৰে পৰিৱৰ্তন কৰিলে কৃষি-অৰ্থনীতি৷ সঁচাকৈ ক’বলৈ গ’লে ৰঞ্জিত অবিহনে কৃষক অসহায়৷



