দৌৰিও সাৰিব নোৱাৰিলে বৃদ্ধ

তপিনাত গেওৰা লগাই দৌৰ মাৰোতে খোল খাই পৰিল লুঙী
তথাপি নৰ’ল বৃদ্ধা৷ ঘটনাটো নামনি অসমৰ৷ এই বিশেষ লোকজনৰ চুলি সৰি গৈছে৷ বয়সে ভাটি দিয়া বৃদ্ধৰ সেইবুলি শাৰিৰীক বাসনা কমা নাই৷ সুন্দৰী মহিলাৰ সৈতে মিলনৰ ইচ্ছাত তেওঁ আতুৰ৷ ব্যৱসায় কৰা বৃদ্ধৰ পৰিয়ালত আছে কেবাজনো সদস্য৷ তাৰ পিছতো তেওঁ গাঁৱৰে এগৰাকী মহিলাৰ সৈতে পৰকীয়া প্ৰেম কৰিলে৷ বৃদ্ধা পত্নীয়ে সুখ দিব নোৱাৰে বুলি দুখ কৰি কৰি বৃদ্ধই একেখন গাঁৱৰে এগৰাকী বোৱাৰীৰ সৈতে সম্পৰ্ক কৰিলে৷ সেই তেতিয়াৰ পৰা প্ৰেমিকা বোৱাৰীজনীৰ ঘৰলৈ যাবলৈ ধৰিলে বৃদ্ধ৷
এইদৰে কিছুদিন লিলিমাই চলি থাকিল৷ তেওঁক কোনেও ধৰিব নোৱাৰিলে৷ বয়সত বুঢ়া লোকজনেও যে প্ৰেম কৰিব সেইটো ঘৰৰ মানুহে ভবাই নাছিল৷ নাতি পোৱা বয়সত তেওঁৰ পৰকিতি লৰিব বুলি ভবা নাছিল পত্নীয়ে৷ কিন্তু ঘৰত নাতিনী থাকিলেও বৃদ্ধৰ মতি-গতি সলনি হৈছিল৷ পূৰ্বে দিনটো দোকানতে থকা লোকজনৰ লাহে লাহে ব্যৱসায়লৈ নোহোৱা হৈছিল গুৰুত্ব৷ তেওঁ দিনটো পৰকীয়া প্ৰেমিকাৰ ঘৰতে থাকিবলৈ ধৰিছিল৷ পিছলৈ কথাটো চকুত পৰিছিল তেওঁৰ পত্নীৰ৷ সেইমতে চলোৱা হ’ল অপাৰেশ্যন৷
গাঁৱৰে গাভৰু বোৱাৰীজনীৰ ঘৰত সেই বৃদ্ধজনে কি কৰি থাকে সেইটো জানিবলৈ তেওঁৰ পত্নীয়ে CID নিয়োগ কৰিলে৷ কেবাদিনৰ পিছত CIDয়ে আনি দিলে একেবাৰে শুদ্ধ খবৰ৷ বৃদ্ধ যে গাঁৱৰ জীয়েকৰ বয়সৰ বোৱাৰীৰ সৈতে কামলীলাত মত্ত হৈ থাকে সেইটো জানিব পাৰিলে পত্নীয়ে৷ সেইমতে আজি পৰকীয়া প্ৰেমিকাৰ সৈতে লিলিমাই কৰি থাকোতেই লোকজনক ঘৈনিয়েকে ধৰা পেলালে৷ লুঙী পিন্ধি প্ৰেমিকাৰ ঘৰলৈ যোৱা লোকজন ভিৰাই লৰ মাৰিলে৷ অলিম্পিকৰ স্প্ৰীণ্টাৰৰ তেওঁ দৌৰ মৰাৰ সময়ত খোল খালে লুঙী৷ কিন্তু সেই লোকজনে ৰোৱাৰ নামেই নল’লে৷ তেওঁ দৌৰি প্ৰেমিকাৰ ঘৰৰ পৰা পলাই পত্ৰং দিলে৷
পিছে পিছে তেওঁক খেদিও ধৰিব নোৱাৰিলে বৃদ্ধা পত্নীয়ে৷ কিন্তু ঘটনাটো সিমানতে শেষ হোৱাহ’লে ভালেই আছিল৷ লোকজনে ইমান দৌৰি পলায়ন কৰাৰ পিছতো পৰকীয়া প্ৰেমৰ কথা তেওঁৰ পত্নীয়ে পাহৰি নগ’ল৷ তেওঁ লুঙী খোল খাই যোৱাকৈ পলাই সাৰিল হয়৷ কিন্তু এইবাৰ ঘৰত সোমাব নোৱাৰা হ’ল৷ পিছলৈ পত্নীয়ে ৰাইজমেল আহ্বান কৰি গাঁৱখনৰ পৰাই মুছলমান বৃদ্ধজনক নিৰ্বাসিত কৰিলে৷ তেওঁ কেতিয়াও ঘৰলৈ যাব নোৱাৰে বুলি গাঁৱৰ ৰাইজে সিদ্ধান্ত ল’লে৷ লগতে এঘৰীয়া কৰা হ’ল প্ৰেমিকাক৷
বুঢ়াৰ সৈতে পৰকীয়া প্ৰেম কৰাৰ ফলত গাভৰু বোৱাৰীজনীয়ে মুখ উলিয়াব নোৱাৰা হ’ল৷ তাৰোপৰি তেওঁক স্বামীয়ে তালাক দিলে৷ সাতে পাঁচে মিলি বোৱাৰীজনীৰ হ’ল বেছি লোকচান৷ এইটো ঘটনা নামনি অসমৰ এখন গাঁৱৰ৷ ঘটনাটোৰ পিছত বৃদ্ধ প্ৰেমিকৰ দোকান বন্ধ হৈছে৷ ইমানদিনে বাকী খোৱা গ্ৰাহকে পাইছে সকাহ৷ ব্যৱসায় কৰি ধন ঘটি পৰকীয়া প্ৰেম কৰা বৃদ্ধক ঘৈনিয়েকে জীৱনৰ পৰা বিসৰ্জন দিছে৷ কিন্তু তেওঁ পলায়ন কৰিলেও প্ৰেমিকাৰ ঘৰৰ পৰা দৌৰ মৰাৰ ভিডিঅ’টো হৈ পৰিছে সৰ্বত্ৰ ভাইৰেল৷