অসমীয়া ব্ৰাহ্মণৰ মন্ত্ৰত শক্তি নাই
সেয়ে পূজা কমিটীয়ে বিচাৰি ফুৰিছে বিহাৰী পুৰোহিত
আপুনি হয়তো এইটো মিছা কথা বুলি ভাবিছে৷ কিন্তু এইবাৰ গুৱাহাটীৰ পূজা মণ্ডপত সোমালে আপুনি বিহাৰী পুৰোহিতেহে মন্ত্ৰপাঠ কৰি থকা দেখিব৷ কাৰণ অসমীয়া ব্ৰাহ্মণ পূজাৰীক পূজা কমিটীয়ে গুৰুত্ব দিয়া নাই৷ ৰাজ্যত যুগ যুগ ধৰি পূজা-পাতল কৰি অহা ব্ৰাহ্মণক আধুনিক আয়োজকে অৱহেলা কৰিছে৷ কিয়নো অসমৰ পুৰোহিতে বিহাৰীৰ দৰে স্পষ্ট উচ্চাৰণেৰে সংস্কৃত মন্ত্ৰ মাতিব নোৱাৰে৷ মাইক্ৰ’ফোনত মন্ত্ৰপাঠ কৰাৰ সময়ত অসমৰ ব্ৰাহ্মণৰ খোকোজা লাগে৷ বিহাৰৰ পেছাদাৰী পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ স্পষ্ট৷ মাইকত মন্ত্ৰপাঠ কৰাত তেওঁলোক অভ্যস্ত৷ সেইবাবে অসমীয়া ব্ৰাহ্মণৰ পৰিৱৰ্তে বিহাৰীক পূজা কমিটীয়ে অগ্ৰাধিকাৰ দিছে৷ তাৰোপৰি বিহাৰী পূজাৰীয়ে ৰীল নকটাকৈ সকলো নিয়ম পালন কৰে বুলি দাবী কৰিছে এচাম পূজা কমিটীয়ে৷ ফলত কেবাখনো প্ৰাচীন পূজাস্থলীত এইবাৰ বিহাৰী ব্ৰাহ্মণেহে কৰিব দেৱী উপাসনা৷ অসমৰ পুৰোহিতক শাৰদীয় বতৰতো ধন উপাৰ্জন কৰিবলৈ গুৱাহাটীত সুযোগ দিয়া নহয়৷
প্ৰায় ৫ বছৰ আগলৈকে অসমৰ শাক্ত পৰম্পৰা স্থানীয় পুৰোহিতেই পালন কৰিছিল৷ কিন্তু হঠাতে পূজা-পাতলৰ নামত বেপাৰ আৰম্ভ কৰিবলৈ আহিল এদল বিহাৰী ব্ৰাহ্মণ৷ তেওঁলোক দৰাচলতে ব্ৰাহ্মণ হিচাপে অসমলৈ অহা নাছিল৷ কাম কৰি পেট প্ৰৱৰ্তন কৰিবলৈ আহিছিল বিহাৰৰ পুৰোহিত৷ কিন্তু পিছলৈ অসমত পুৰোহিতালি কৰাটো লাভজনক হ’ব বুলি বিহাৰী ব্ৰাহ্মণে গম পালে৷ দোকানে দোকানে পুৱা গোলনেমু আঁৰি ফুৰা বিহাৰী ব্ৰাহ্মণেই বেছি উপাৰ্জন কৰিবলৈ সক্ষম হ’ল৷ পুৱা মাত্ৰ এঘণ্টা ডিউটী কৰিয়েই তেওঁলোকে কেবাশ টকা উপাৰ্জন কৰিলে৷ পৰৱৰ্তী সময়ত অসমৰ পূজা-পাতলত সোমাই পৰিল বিহাৰী ব্ৰাহ্মণ৷ ৰাজ্যৰ বহুতো শাক্তধৰ্মী উপাসনাস্থলীত বিহাৰী পুৰোহিতৰ প্ৰৱেশ ঘটিল৷ স্পষ্টকৈ সংস্কৃত মন্ত্ৰ উচ্চাৰণ কৰিব পৰা বাবে অসমৰ ভক্তই বিহাৰি পুৰোহিতক বিচাৰিব ধৰিলে৷ এইবাৰ তেওঁলোকে দখল কৰিলে দুৰ্গা পূজা মণ্ডপ৷ গুৱাহাটীৰ ৪০ খন পূজাত অসমীয়াৰ সলনি পুৰোহিতালি কৰিব দিয়া হ’ল বিহাৰী ব্ৰাহ্মণক৷ এইসমূহ পূজাস্থলীত বিগত সময়ত অসমৰ ব্ৰাহ্মণেই দেৱী দুৰ্গাক উপাসনা কৰি আছিল৷
চিনেমাৰ কায়দাত উত্তৰীয় পৰিধান কৰিব জনা বাবে বিহাৰী ব্ৰাহ্মণৰ অসমত ভেল্যু বৃদ্ধি হৈছে৷ পাক লগা কথাকৈ তেওঁলোকে ভক্তক বিভ্ৰান্ত কৰিব পাৰে৷ তাৰোপৰি সকলো নিয়ম নিয়াৰিকৈ পালন কৰাৰ দৰে ভাও জোৰে বিহাৰী ব্ৰাহ্মণে৷ আমি লাভ কৰা তথ্য অনুসৰি গুৱাহাটীৰ তিনিখন ঐতিহ্যমণ্ডিত দুৰ্গা পূজা কমিটীয়ে অসমীয়া ব্ৰাহ্মণক এইবাৰ নিমন্ত্ৰণ কৰা নাই৷ দেৱী উপাসনাৰ বাবে বিহাৰীক মাতিছে৷ কিন্তু এই তিনিওখন পূজাস্থলীত বংশানুক্ৰমিকভাৱে এটা পৰিয়ালৰ পুৰোহিতেই দেৱীক উপাসনা কৰি আছিল৷ এইবাৰ তেওঁলোকক আঁতৰাই বিহাৰী ব্ৰাহ্মণক প্ৰদান কৰা হৈছে দেৱীস্ত্ৰোত্ৰ পাঠ কৰাৰ দায়িত্ব৷
কিছুমান পূজা কমিটীৰমতে অসমৰ ব্ৰাহ্মণে এইটো সময়তে অধিক উপাৰ্জনৰ আশাৰে কেবাঠাইতো পূজা কৰিবলৈ আগধন লয়৷ তাৰ ফলত তেওঁলোকে এঠাইতো ভালকৈ পূজা কৰিব নোৱাৰে৷ খৰখেদাকৈ পূজা কৰি কেৱল যোৱাৰ চেষ্টা কৰি থাকে অসমৰ ব্ৰাহ্মণে৷ কিন্তু বিহাৰী পুৰোহিতৰ তেনে সমস্যা নাই৷ তেওঁলোকে যেনেদৰে পাৰিশ্ৰমিক আদায় কৰে তেনেদৰেই কাম সমাপন কৰে৷ সেয়ে বিহাৰী পুৰোহিতক কেবাটাও পূজা মণ্ডপে অগ্ৰাধিকাৰ দিছে৷ অসমৰ পূজা মণ্ডপো এইবাৰ দখল কৰিছে বিহাৰৰ পৰা অহা ব্ৰাহ্মণে৷



