এইবাৰ মেট্ৰিক দিব ১৬ বছৰীয়া ফিৰহাদে
সেয়ে স্কুলৰে ৩৮ বছৰীয়া শিক্ষয়িত্ৰীক টিউশ্যন কৰিবলৈ দিছিল দেউতাকে
ফিৰহাদ নামৰ ল’ৰাটো পঢ়াত মধ্যমীয়া৷ মেট্ৰিকত যাতে ফিৰহাদে ভাল ৰিজাল্ট কৰিব পাৰে তাৰ বাবে দেউতাকে স্কুলৰে হিন্দু শিক্ষয়িত্ৰীগৰাকীক টিউশ্যন পঢ়াবলৈ অনুৰোধ কৰিলে৷ শিক্ষয়িত্ৰীগৰাকীয়ে সেই অনুৰোধ ৰক্ষা কৰি মাহিলী ফিজৰ বিনিময়ত ফিৰহাদক পঢ়াবলৈ ধৰিলে৷ স্কুল শেষ হোৱাৰ পিছত নিজৰ ঘৰতে তেওঁ ফিৰহাদক অংক আৰু বিজ্ঞানৰ পাঠ দিলে৷ হিন্দু শিক্ষয়িত্ৰীগৰাকী আছিল বিবাহিত৷ তেওঁৰ চেষ্টাত ফিৰহাদৰ শৈক্ষিক উন্নতি ঘটিল৷ পূৰ্বতকৈ অংক আৰু বিজ্ঞানত চোকা হ’ল ফিৰহাদ৷ পুত্ৰৰ উন্নতি দেখি পিতৃৰ মনত আনন্দ জন্মিল৷ তেওঁ শিক্ষয়িত্ৰীগৰাকীক ধন্যবাদ জনালে৷ ফিৰহাদৰো টিউশ্যনত পঢ়াৰ বাবে ধাউতি বাঢ়িল৷ পুত্ৰই মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ আশা দেখি ফিৰহাদৰ পিতৃ আনন্দিত হ’ল৷
এইদৰে প্ৰায় ডেৰমাহ হিন্দু শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত ফিৰহাদৰ টিউশ্যন চলি থাকিল৷ কম সময়ৰ ভিতৰতে বেছ উন্নতি কৰিলে দশম শ্ৰেণীৰ ছাত্ৰজনে৷ কিন্তু এদিন টিউশ্যনৰ পৰা ঘৰলৈ ওভতাৰ পথত ফিৰহাদ নিৰুদ্দেশ হ’ল৷ দেউতাকে টিউশ্যনৰ শিক্ষয়িত্ৰীলৈ ফোন কৰিলে৷ পিছে তেওঁ ফোনটো ৰিচিভ নকৰিলে৷ ফিৰহাদ নিশাপৰ্যন্ত ঘৰলৈ নগ’ল৷ স্বাভাৱিকতে চিন্তিত পিতৃয়ে আকৌ টিউশ্যনৰ শিক্ষয়িত্ৰীৰে যোগাযোগ কৰিলে৷ এইবাৰ ফোন ধৰি ফিৰহাদ টিউশ্যন শেষ হোৱাৰ পিছতে ঘৰলৈ যোৱা বুলি জনালে শিক্ষয়িত্ৰীয়ে৷ কিন্তু ফিৰহাদৰ একো সন্ধান নোলাল৷ মেট্ৰিক দিবলগীয়া ছাত্ৰজন অন্তৰ্ধান হোৱাত তেওঁৰ দেউতাক থানাত উপস্থিত হ’ল৷ টিউশ্যনৰ পৰা ওভতাৰ পথতে পুত্ৰ সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰিলে৷
তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলালে৷ প্ৰথমে পুলিচ টিউশ্যন মাষ্টৰনীৰ ঘৰলৈ গ’ল৷ কিন্তু তেওঁলোকে গম পালে যে ফিৰহাদৰ টিউশ্যন শেষ হোৱাৰ পিছৰ পৰা শিক্ষয়িত্ৰীগৰাকীও ঘৰত নাই৷ তেওঁ এসপ্তাহৰ বাবে ফুৰিবলৈ যাব বুলি পৰিয়ালৰ আন সদস্যসকলক জনাই থৈ গৈছে৷ গতিকে পুলিচো বিমোৰত পৰিল৷ ইফালে ফিৰহাদৰ মাষ্টৰনীয়ে ফোন ৰিচিভ নকৰা হ’ল৷ পৰৱৰ্তী সময়ত পুলিচে ফিৰহাদৰ ফটো চাৰিওফালে বিতৰণ কৰিলে৷ এসপ্তাহৰ পিছত কলকাতা পুলিচে মালদহ থানাক দিলে ফিৰহাদৰ সম্ভেদ৷ লগতে তেওঁক টিউশ্যন কৰা শিক্ষয়িত্ৰীগৰাকীৰো সম্ভেদ ওলাল৷ লগে লগে পুলিচে অভিযান চলাই দুয়োকে উদ্ধাৰ কৰিলে৷ কিন্তু তেতিয়াহে উৰহী গছৰ ওৰ ফাদিল হ’ল৷ এয়া যে অপহৰণ নহয় সেয়া আৰক্ষীয়ে নিশ্চিত কৰিলে৷ প্ৰমাণ হ’ল- শিক্ষয়িত্ৰীয়ে ১৬ বছৰীয়া ফিৰহাদক পলুৱাই নিছিল৷
দূৰত থকা স্বামীৰ পৰা শিক্ষয়িত্ৰীয়ে পোৱা নাছিল শাৰিৰীক সুখ৷ সেয়ে টিউশ্যন কৰিবলৈ যোৱা ছাত্ৰ ফিৰহাদ শিক্ষয়িত্ৰীৰ অস্থায়ী স্বামী হৈ পৰিছিল৷ ফিৰহাদক মাষ্টৰনীয়ে শাৰিৰীক সম্পৰ্ক কৰাৰ সুবিধা দিছিল৷ যাৰ বাবে স্কুলৰ পৰা উভতিয়েই সোনকালে টিউশ্যন যোৱাৰ বাবে উত্ৰাৱল হৈ পৰিছিল ফিৰহাদ৷ কিন্তু এইবাৰ তেওঁক একেবাৰে লগত লৈ সংসাৰ কৰিবলৈ টিউশ্যন মাষ্টৰনীয়ে পৰিকল্পনা কৰিছিল৷ মেট্ৰিক দিয়াৰ পূৰ্বেই ফিৰহাদক লগত লৈ মাষ্টৰনী কলকাতা পাইছিলগৈ৷ তাতে দুয়ো ৰূম ভাৰা লৈছিল৷ ইতিমধ্যে ফিৰহাদৰ ঔৰসত গৰ্ভৱতী হৈছে মাষ্টৰনী৷ ফিৰহাদক স্বামী বুলি মানি লৈছে হিন্দু শিক্ষয়িত্ৰীয়ে৷



