জিভাই ঘূৰাব নোৱাৰা হ’ল মুখ্যমন্ত্ৰীয়ে

মদৰ নিচাত ফিটিং পঞ্জাবৰ মুখ্যমন্ত্ৰী
দোৰোল খোৱা জিভাৰে কথাই ক’ব নোৱাৰা হ’ল ভগৱন্ত মানে
মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ভগৱন্ত মান আছিল কমেডিয়ান৷ তেতিয়া তেওঁ সুৰাপান কৰাৰ বিষয়ে স্বীকাৰেই কৰিছিল৷ কিন্তু আপত যোগ দিয়াৰ পিছত সুৰাপানৰ অভ্যাস ত্যাগ কৰা বুলি ঘোষণা কৰিছিল ভগৱন্ত মানে৷ তাৰোপৰি তেওঁক অৰবিন্দ কেজৰিৱালেও সুৰাপান এৰিবলৈ শপত খুৱাইছিল৷ নিৰ্বাচনী সভাতে মাকৰ নামত শপত খাই ভগৱন্ত মানে আৰু কেতিয়াও মদ নাখাই বুলি শপত খাইছিল৷ পিছে তেওঁ সেই প্ৰতিজ্ঞা ৰাখিব নোৱাৰিলে৷ ভগৱন্ত মানে মুখ্যমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হোৱাৰ পিছতো মদ খাই মাতাল হৈ থকা হ’ল৷ তেওঁ কেমেৰাৰ সন্মুখতো মদ্যপান কৰি অভদ্ৰামি কৰিলে৷ এইবাৰ কেমেৰাত ধৰা পৰিল তেওঁ বটলৰ পৰা মদ খোৱাৰ দৃশ্য৷ শেহতীয়াকৈ পঞ্জাবত ভাইৰেল হৈ পৰিল ভগৱন্ত মানে মদ খাই চিঞৰ বাখৰ কৰাৰ ভিডিঅ’৷ য’ত আপৰ শীৰ্ষ নেতাজনে টেঁটুৰ গুৰিলৈ সুৰাপান কৰি অশ্লীল মাত মাতি হুলস্থূল কৰিছিল৷ তথ্য অনুসৰি সেই ভিডিঅ’টো হৈছে পঞ্জাবৰ মুখ্যমন্ত্ৰী নিৱাসৰ৷ য’ত ভগৱন্ত মানে কাম শেষ কৰি নিশা সুৰাপান কৰিছিল৷ তেওঁৰ সৈতে আছিল দলৰ কেবাজনো শীৰ্ষনেতা৷ সকলোৰে উপস্থিতিত ভগৱন্ত মানে বটলৰ পৰা সুৰাপান কৰিছিল৷ নিশা সুৰাপান কৰি ক’ব নোৱাৰা হৈ পৰিছিল ভগৱন্ত মান৷ তেওঁৰ মুখ বন্ধ কৰিবলৈ দলৰ সতীৰ্থই চেষ্টা কৰিছিল৷ কিন্তু নিচাত একো ক’বই নোৱাৰা ভগৱন্ত মানে কাৰো কথা নুশুনিলে৷ তেওঁ আকণ্ঠ সুৰাপান কৰি মহিলাক উদ্দেশ্যি দিলে গালি৷ পত্নীয়ে এৰি থৈ যোৱা বাবে ভগৱন্ত মানে ক্ষোভ প্ৰকাশো কৰিলে৷ অৱশ্যে এতিয়া ভগৱন্ত মানে সেই ভিডিঅ’তো কোনোবাই AIৰ জৰিয়তে নিৰ্মাণ কৰা বুলি দাবী কৰিছে৷ কিন্তু ভগৱন্ত মানে যে মদ্যপান কৰি ফিটিং হৈ আছিল সেইটো ভিডিঅ’ত ধৰা পৰিছে৷ তেওঁ তেতিয়া দলৰ সভাপতি অৰবিন্দ কেজৰিৱালকো কৰিছিল ককৰ্থনা৷ আকৌ পঞ্জাবত আপ জিকিব নোৱাৰে বুলি নিচাত মাতাল মুখ্যমন্ত্ৰীয়ে চিঞৰ-বাখৰ কৰিছিল৷
অৱশ্যে ভগৱন্ত মানে পূৰ্বেও মদৰ নিচাত এনে পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ বিগত সময়ত মুখ্যমন্ত্ৰী হৈ তেওঁ বেলজিয়াম ভ্ৰমণ কৰিছিল৷ তেতিয়া মদৰ নিচাৰ বাবেই বিমানত উঠিব পৰা নাছিল পঞ্জাবৰ মুখ্যমন্ত্ৰী৷ সেয়ে তেওঁক বিশেষ বিমানৰ জৰিয়তে পঞ্জাবলৈ আনিবলগা অৱস্থা হৈছিল৷ ইমান অপমানৰ পিছতো ভগৱন্ত মানে স্বভাৱ সলনি নকৰিলে৷ তেওঁ আকৌ সুৰাপান কৰি পঞ্জাবৰ মুখ্যমন্ত্ৰী নিৱাসতে অতপালি কৰিলে৷ নেতাজনে বিগত সময়ত সংসদতো সুৰাপান কৰি প্ৰৱেশ কৰিছিল৷ আপৰে এজন সাংসদে সংসদত ভগৱন্ত মানৰ কাষত বহাক লৈ প্ৰকাশ কৰিছিল আপত্তি৷ তেওঁৰ মতে সদায় ভগৱন্ত মানে সুৰাপান কৰি সংসদত প্ৰৱেশ কৰে৷ সেয়ে ভগৱন্ত মানৰ মুখৰ দুৰ্গন্ধৰ বাবে তেওঁৰ কাষত বহাটোৱেই অসম্ভৱ হৈ পৰে৷
ইমানৰ পিছতো ভগৱন্ত মানে কিন্তু সুৰাপানৰ অভ্যাস পৰিত্যাগ কৰিব নোৱাৰিলে৷ অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী সভাত মাকৰ নামত শপত খুৱালেও সলনি নহ’ল আপৰ নেতাজন৷ তেওঁৰ এই ভিডিঅ’টোৱে পঞ্জাবত আপৰ কফিনত গজাল মাৰিছে৷ দলটোৰ স্থিতি ক্ৰমাৎ দুৰ্বল হোৱাৰ সময়তে ফাদিল হৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে মদ খাই অতপালি কৰাৰ ভিডিঅ’৷ কিন্তু ক্ষমাপ্ৰাৰ্থনাৰ সলনি দম্ভালিহে মাৰিছে মুখ্যমন্ত্ৰী মানে৷