জিপি সিঙৰ নে জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ কথা মানিম

বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা অফিচাৰে কৈছে যে এনকাউণ্টাৰ ভাল
কিন্তু অসমৰ অফিচাৰৰ মতে এনকাউণ্টাৰ আৰক্ষীৰ ব্যৰ্থতাৰ পৰিচায়ক
দুজন শীৰ্ষ IPS বিষয়া ক্ৰমে জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু জিপি সিং৷ অসম পুলিচৰ শীৰ্ষপদত কেবাযুগো কাম কৰা দুয়োগৰাকী বিষয়াই ঘনকান্তৰ মৃত্যুৰ বিষয়ত ভিন্নমত পোষণ কৰিছে৷ জিপি সিঙৰ মতে প্ৰতি ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে৷ সেয়ে কাৰোবাক মাৰিলে কোনোবা মৰিবই৷ কিন্তু জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ মতে কথাটো তেনেকুৱা নহয়৷ আৰক্ষীয়ে বৰ্তমান যিবোৰ কাম কৰি আছে সেইবোৰ ভুল বুলি তেওঁ আঙুলিয়াই দিছে৷ অৱশ্যে অসম আৰক্ষীৰ প্ৰাক্তন DGP জিপি সিঙৰ যুক্তিটোত অলপমান আউল আছে৷ তেওঁৰ মতে পাপৰ প্ৰায়শ্চিত্ত হ’বই৷ কিন্তু আমি যদি জিপি সিঙৰ কথা বিশ্বাস কৰোঁ তেন্তে ৫ জনৰ বদলি এজনকহে অসম পুলিচে শেষ কৰিব পাৰিলে৷ অৰ্থাৎ হিচাপ পূৰণ নহ’ল৷ ঘনকান্তৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবে এতিয়াও চাৰিজনক মাৰিব লাগিব৷ পি সিঙে কৈছে যে এজন অভিযুক্তক ঘাতক বুলি অনুমান কৰি পুলিচ হেফাজতত নিধনকৰিলে পাচজন নিহত লোকৰ হত্যাৰ সমান হয় আৰু নিউটনৰ তৃতীয় সূত্ৰ প্ৰমাণ হয়। আনহাতে জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে কৈছে যে পুলিচ হেফাজতত নিধন কৰাৰ ফলত অভিযুক্তৰ লাভ হ’ল৷ কাৰণ ঘনকান্তৰ বিৰুদ্ধে অভিযাগ আইন মতে প্ৰমাণেই নহ’ল৷ ৫ জন লোকক নিধন কৰাৰ প্ৰকৃত কাৰণো জনা নগ’ল। অৰ্থাৎ তেওঁ নিউটনৰ দ্বিতীয় সূত্ৰ ব্যৱহাৰ কৰি কৈছে যে ন্যায় প্ৰক্ৰিয়া অনুসন্ধান আৰু বিচাৰৰ সমানুপাতিক৷ লগতে পুলিচ হেফাজতত অভিযুক্তক নিধন কৰাটোও অনুপাতিক। দুই IPS বিষয়াই ভিন্নমত পোষণ কৰাত অসমৰ জনতাও বিপাঙত পৰিছে৷ কাৰণ জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে স্পষ্টভাৱে এইটো ভুল বুলি আঙুলিয়াই দিছে৷ ইয়াৰে জিপি সিঙক প্ৰফুল্ল কুমাৰ মহন্তৰ আমোলৰ ঘটনাৱলীৰ বাবে শইকীয়া আয়োগে জেৰাও কৰিছিল। ৫ জন কিশোৰ কা আন্দোলনত নিহত হওঁতে তেওঁ আছিল Special DGP। কিন্তু জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ দীঘলীয়া কেৰিয়াৰত এটাও দাগ নাই৷ অসম পুলিচৰ পৰা ভলণ্টিয়াৰী ৰিটায়াৰমেণ্ট লোৱাৰ সময়লৈকে জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে ছাৰ্ভিচ বুকত দাগ লাগিব নিদিলে৷ মুঠতে সিং নে চক্ৰৱৰ্তী কাৰ কথা শুনিব সেইটোকে লৈ অসমৰ ৰাইজ বিবুধিত পৰিছে৷
ইয়াৰে জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ মতে অসম পুলিচে নিউটনৰ দ্বিতীয় গতিসূত্ৰ অনুসৰি কাম কৰাটো ভাল৷ তেওঁ আইনৰ শাসনৰ স্বাৰ্থত পুলিচ সংযত হোৱাটো কামনা কৰিছে৷ কিন্তু জিপি সিঙৰ মতে নিউটনৰ তৃতীয় গতিসূত্ৰহে বেছি দৰকাৰী৷ ইফালে সম্প্ৰতি অসমৰ সমাজ জীৱনত নিউটনৰ প্ৰথম গতিসূত্ৰহে মানি চলিছে৷ নিউটনৰ গতিসূত্ৰৰ প্ৰথমটো ব্যাখ্যা অনুসৰি অসমৰ জনতাৰ মানসিক জড়তা নিজে নাভাঙে! আনে ভাঙি দিলে নিয়ন্ত্ৰণহীনভাৱে সেই পথেৰে গতি কৰে৷ অৰ্থাৎ অসমৰ জনতা যে চিন্তাৰ দিশৰ পৰা এতিয়াও নি:কিন সেয়া পৰিস্থিতিয়েই প্ৰমাণ কৰিছে৷ দ্বিতীয় আৰু তৃতীয় গতিসূত্ৰৰ সময়ত অসমীয়া হৈ পৰিছে আবদ্ধ৷ জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ যুক্তি অনুসৰি স্থিতাৱস্থা বাহাল থাকিলেহে পুলিচৰ থাকিব সন্মান৷
কিন্তু অসমৰ পৰা যোৱা জিপি সিঙৰ যুক্তি অলপ বেলেগ৷ তেওঁ কিছুদিন পূৰ্বে CRPFৰ জোৱানকো চিন্তা নকৰাকৈ গুলী চলাই দিয়াৰ নিৰ্দেশ দিছিল৷ গুলী চলোৱাৰ বাবে কে’ছ লাগিলে তেওঁ সহায় কৰিব বুলি ঘোষণা কৰিছিল জিপি সিঙে৷ অসমতো অপৰাধীক গুলীয়াই দিয়াৰ নীতি জিপি সিঙৰ কাৰ্যকালতে আৰম্ভ হৈছিল৷ সেয়ে এতিয়াও অসমত নিউটনৰ তৃতীয় গতিসূত্ৰৰে প্ৰাসংগিকতা আছে বুলি তেওঁ বিশ্বাস কৰে৷