সন্ন্যাসীৰ জোলাঙাত ওলাল বিলাতী মদৰ বটল
ছি বুলি ক’লেও যথেষ্ট নহ’ব, হিন্দুধৰ্মক ভণ্ড সন্ন্যাসীয়ে যিমান কলুষিত কৰিছে তাক ধিক্কাৰ দিবলৈ যিকোনো শব্দই কম৷ এই ভণ্ড সন্ন্যাসীজনলৈ চাওক৷ গেৰুৱা বসন পিন্ধি তেওঁ চাৰধাম অভিমুখে যাত্ৰা কৰিছিল৷ আন অসংখ্য লোকৰ সৈতে চাৰধামৰ দিশে আগবাঢ়িছিল বাবাজী৷ কঁপালত চন্দনৰ তিলক সানি বাবাজীয়ে পদব্ৰজে ভালকৈ যাত্ৰা কৰি আছিল৷ কিন্তু তেওঁৰ ওপৰত উত্তৰাখণ্ড আৰক্ষীৰ সন্দেহ জন্মিল৷ বাবাৰ খোজ-কাটল যেন আন সন্ন্যাসীৰ সৈতে নিমিলে তেনে সন্দেহ কৰি আৰক্ষীয়ে কঢ়া নজৰ ৰাখিলে৷
বহুদূৰ বাট অতিক্ৰম কৰাৰ পিছত গেৰুৱা বসনধাৰী সন্ন্যাসীৰ জোলোঙাতো সন্দেহজনক সামগ্ৰী থকাৰ অনুমান কৰিলে আৰক্ষীয়ে৷ কিন্তু ভক্তৰ ভিৰৰ পৰা এজন সন্ন্যাসীক গ্ৰেপ্তাৰ কৰাটো আৰক্ষীৰ বাবে সম্ভৱ নাছিল৷ সেয়ে তেওঁক পুলিচে গৈ থাকিবলৈ অনুমতি দিলে৷ কিন্তু বাবাজীয়ে নিজেই ফান্দত যেন ভৰিহে দিলে৷ নিশা সকলো যাত্ৰীয়ে বিশ্ৰাম লোৱাৰ সময়ত বাবাই আকণ্ঠ সুৰাপান কৰি হুলস্থূল লগালে৷ পুলিচে প্ৰথমে ধ্যানৰ বাবে সন্ন্যাসীজনে উপদ্ৰৱ কৰা বুলি ভাবিছিল৷ কিন্তু কেঁচু খান্দোতেই শেষত সাপহে ওলাল৷
সেই বাবাজীৰ মুখত মদৰ গোন্ধ পাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দিলে৷ শীৰ্ষ বিষয়াৰ নিৰ্দেশত বাবাৰ জোলোঙা এজন কনিষ্টবলে পৰীক্ষা কৰিলে৷ আশ্বৰ্যকৰ কথা এইটোৱেই যে বাবাৰ জোলোঙাত কোনো ধৰ্মীয় পুথি নাছিল৷ ভগৱানৰ ফটোও বাবাৰ জোলোঙাত নাছিল৷ সন্ন্যাসীজনৰ গেৰুৱা মোনাটোত আছিল কেবাটাও সুৰাৰ বটল৷ তেওঁ মদ কঢ়িয়াই চাৰধাম যাত্ৰা কৰিছিল৷ হিন্দুধৰ্মীয়ে সবাতোকৈ পৱিত্ৰ হিচাপে গণ্য কৰা এই তীৰ্থযাত্ৰাত স্বয়ং সন্ন্যাসীয়ে কঢ়িয়াইছিল সুৰা৷ গতিকে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলে৷
চাৰধাম যাত্ৰীৰ মাজৰ পৰা আঁতৰাই সন্ন্যাসীক লক-আপত ভৰোৱা হ’ল৷ তেতিয়া তেওঁ স্বীকাৰ কৰিলে সুৰা সৰবৰাহৰ সবিশেষ৷ তাৰোপৰি বাবাজীৰ জোলোঙাত আৰক্ষীয়ে কেবাটোপোলা গাঞ্জাও উদ্ধাৰ কৰিলে৷ বাবাই প্ৰকাশ কৰা অনুসৰি তেওঁ প্ৰায়ে কেবাটাও মন্দিৰৰ পুৰোহিতক সুৰা আৰু মদ যোগান ধৰি আহিছে৷ যিহেতু মন্দিৰৰ ভিতৰলৈ মুকলিকৈ সুৰা নিয়াটো সম্ভৱ নহয় সেয়ে তেওঁ সন্ন্যাসীৰ ভেশ ধৰিছে৷ নকল সন্ন্যাসী হৈ মন্দিৰৰ পুৰোহিতক সুৰা যোগান ধৰাটো হৈছে এই পাষণ্ডটোৰ ধন উপাৰ্জনৰ বুদ্ধি৷
চাৰধাম যাত্ৰাতো সুৰা সৰবৰাহৰ বাবে যোগদান কৰিছিল বুলি পাষণ্ডটোৱে স্বীকাৰ কৰিলে৷ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিগত সময়ত চাৰধাম যাত্ৰাত সন্ন্যাসীৰ ভেশত সন্ত্ৰাসবাদী থাকিব পাৰে বুলি চোৰাংচোৱাই খবৰ দিছে৷ সেয়ে আৰক্ষীয়ে সকলোৰে ওপৰত কঢ়া নজৰ ৰাখিছে৷ কোনো নকল সন্ন্যাসীয়ে যাতে শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে উত্তৰাখণ্ড আৰক্ষী সষ্টম৷ কিন্তু তেওঁলোকৰ জালত পৰা নাই সন্ন্যাসীৰ ভেশধাৰী জেহাদী৷ তাৰ পৰিৱৰ্তে আৰক্ষীয়ে আৰম্ভণিতে গ্ৰেপ্তাৰ কৰিছে এজন হিন্দু যুৱকক৷ যি সন্ন্যাসীৰ ভেশ জুৰি কঢ়িয়াই আছিল সুৰা আৰু গাঞ্জা৷



