বেছিদিন একেজন পুৰুষে চাহত খান্নাক তৃপ্তি দিব নোৱাৰে
৪০ বছৰ বয়সতো চাহত খান্নাক সদায় লাগে নতুন নতুন সংগী৷ চাহত এতিয়ালৈকে দুবাৰ বিয়া হৈছে৷ দুবাৰেই কমদিনতে চাহতে ডিভ’ৰ্চো কৰিছে৷ বৰ্তমান ছিংগল যদিও চাহত খান্না মিংগল হ’বলৈ সাজু হৈ আছে৷ এই চাহত খান্নাই সদায় পূজা কৰে৷ ঘৰত লক্ষ্মীপূজাও পাতে চাহত খান্নাই৷ কিন্তু আগতে চহকী মুছলমান প্ৰেমিকৰ সৈতে বিয়া হ’বলৈ চাহত খান্না ধৰ্মান্তৰিত হৈছিল৷ ঘৰত নজনোৱাকৈ ইছলাম কবুল কৰিছিল চাহত খান্নাই৷ ২০১৩ চনত ফাৰহান আজমীৰ সৈতে চাহত খান্নাৰ বিয়া হৈছিল৷ তেতিয়া চাহতে ইছলাম কবুল কৰি গোমাংস ভক্ষণ কৰিছিল৷ কিন্তু ২০১৮ চনত চাহতৰ ফাৰহানৰ সৈতে ডিভ’ৰ্চ হ’ল৷
তেতিয়াও চাহতে কৰিলে এটা সাংঘাতিক কাম৷ চাহত খান্নাই ফাৰহানৰ সৈতে ডিভ’ৰ্চ হোৱাৰ লগে লগে ইছলাম ধৰ্ম ত্যাগ কৰিলে৷ গৰু মাংস খোৱা বুলি আগতে সদম্ভে দাবী কৰা চাহত খান্নাই হিন্দুধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰিলে৷ প্ৰথমে এই খবৰটো চাহত খান্নাই গোপন কৰিছিল৷ কিন্তু এতিয়া চাহতে গৰুমাংস নাখাই বুলি দাবী কৰিছে৷ চাহত খান্নাৰ মতে তেওঁ দ্বিতীয় স্বামী ফাৰহান মিৰ্জাৰ সৈতে সংসাৰ কৰি সুখী নাছিল৷ সদায় শাৰিৰীক সম্পৰ্ক স্থাপন কৰিবলৈ ফাৰহানে তেওঁক বাধ্য কৰিছিল৷ অসুস্থ হৈ থাকিলেও কামলীলা কৰিবলৈ বাধ্য হৈছিল চাহত৷ ইমান অত্যাচাৰ সহ্য কৰি কৰি চাহত খান্না ভাগৰি পৰিল৷
তাৰোপৰি ইছলামিক নিয়ম পালন কৰিবলৈয়ো চাহত বাধ্য হৈছিল৷ তেতিয়া চাহত খান্নাই শ্বৰ্টছ পিন্ধিব পৰা নাছিল৷ ঘৰত থকা সময়ছোৱা ফাৰহান মিৰ্জাই বোৰ্খা পিন্ধাই থৈছিল৷ আগতে যিগৰাকী চাহত খান্নাই মডেলিং কৰিছিল তেওঁ বোৰ্খা পিন্ধিবলৈ বাধ্য হৈছিল৷ কিন্তু গিৰিয়েকৰ নিৰ্দেশ অমান্য কৰাৰ সাহস চাহত খান্নাৰ নাছিল৷ গতিকে ইছলামিক নিয়ম পালন কৰি গৈছিল৷ গিৰিয়েকৰ সৈতে হজ কৰিবলৈ গৈছিল চাহত৷ এবাৰ উৎকট গৰমৰ বাবে বোৰ্খা পিন্ধিবলৈ অস্বীকাৰ কৰিছিল চাহত খান্নাই৷ তেতিয়া স্বামী ফাৰহানে চৰিয়াই গাল ৰঙা কৰি পেলাইছিল চাহতৰ৷ তথাপি সকলো সহ্য কৰি আছিল চাহতে৷
কাৰণ তেওঁৰ হাতত ধন উপাৰ্জনৰ কোনো পথ নাছিল৷ ফাৰহানে দিয়া পইচাৰে চলি আছিল চাহত৷ কিন্তু শেষত তেওঁ সাহস কৰিলে৷ চাহতে গোপনে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিলে৷ তেতিয়াৰ পৰা চাহত অকলে আছিল৷ কিন্তু এতিয়া বলীউডৰ এজন তাৰকাৰ সৈতে চাহৰ ৰোমাঞ্চ চলি আছে৷ খবৰ অনুসৰি সেই অভিনেতাজনৰ বয়স চাহতৰ তুলনাত কম৷ চাহত প্ৰেমিকতকৈ ১৫ বছৰে ডাঙৰ৷ ২৫ বছৰীয়া প্ৰেমিকে চাহতক লিভিং টুগেদাৰ কৰাৰ অনুৰোধ জনাইছিল৷ প্ৰেমিকৰ আশা পূৰণ কৰি চাহত বৰ্তমান লিভিঙত আছে৷ প্ৰেমিকে মৰম কৰি অন্তৰ ভৰাই পেলাইছে ৪০ বছৰীয়া সুন্দৰী চাহত খান্নাৰ৷
আজি সেই বিষয়ে প্ৰশ্ন কৰোতে চাহতে স্বীকাৰ কৰিলে৷ ২৫ বছৰীয়া প্ৰেমিকৰ সৈতে লিভিং কৰি থকা বুলি মানি ল’লে চাহতে৷ অৱশ্যে তেওঁৰ নতুন প্ৰেমিক হিন্দু৷ সেয়ে এইবাৰ চাহতৰ ধৰ্মক লৈ সমস্যা নাই৷ চাহতে শ্বৰ্টছ পিন্ধিলেও আপত্তি নকৰে সেই অভিনেতাজনে৷ গতিকে প্ৰেমিকে স্বাধীনতা দিয়া বুলি ভাবিছে চাহতে৷ সকলো ঠিকে থাকিলে জানুৱাৰীত ক’ৰ্ট মেৰেইজ হ’ব বুলি চাহত নিশ্চিত৷ ছিংগলৰ পৰা মিংগল হোৱাৰ বাবে চাহত সাজু হৈছে৷ ২৫ বছৰীয়া প্ৰেমিকৰ বুকুত সোমাই শান্তি পাইছে চাহত খান্নাই৷



