চিত্ৰগুপ্ত মন্দিৰত মৃত্যুৰ প্ৰাৰ্থনা কৰক

আপুনি মৰিব বিচাৰে নেকি
এই মন্দিৰটোত প্ৰাৰ্থনা কৰিলে ২৪ ঘণ্টাৰ ভিতৰতে আপোনাৰ মৃত্যু ঘটিব
উজ্জয়িনীৰ ৰামঘাটত আছে চিত্ৰগুপ্ত মন্দিৰ৷ য’ত যমৰাজ আৰু চিত্ৰগুপ্ত দুয়োকে উপাসনা কৰা হয়৷ এই মন্দিৰত কোনোবাই সেৱা কৰি যদি মৃত্যুকামনা কৰে তেন্তে পৰৱৰ্তী ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ শেষনিশ্বাস ত্যাগ কৰে৷ অবিশ্বাস্য হ’লেও সত্য এয়ে যে এই মন্দিৰটোত পৱিত্ৰ মনেৰে মৃত্যুকামনা কৰি প্ৰাৰ্থনা কৰা কোনো লোকেই জীয়াই থাকিব নোৱাৰে৷ তেওঁৰ মৃত্যু নিশ্চিত৷ আজিও অগণন লোকে শান্তিপূৰ্ণ মৃত্যুৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মন্দিৰটোত প্ৰাৰ্থনা কৰে৷ জীৱনৰ শেষ সময়ত যাতে অকণো কষ্ট ভোগ কৰিবলগা নহয় তাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ৰামঘাটৰ চিত্ৰগুপ্ত মন্দিৰত অসংখ্য লোকে কৰে উপাসনা৷ কথিত আছে যে এই মন্দিৰত প্ৰাৰ্থনা কৰিলে যমৰাজে শান্তিৰে মৃত্যুবৰণ কৰাৰ সুযোগ প্ৰদান কৰে৷ যিসকলে চিত্ৰগুপ্ত মন্দিৰত নৈবেদ্য আগবঢ়াই তেওঁলোকে যিমান আয়ুস বিচাৰে সিমানদিনেই জীয়াই থাকিবলৈ পায়৷ কিন্তু বেছিভাগ লোকেই মৃত্যু কামনা কৰিহে মন্দিৰটোত উপাসনা কৰে৷ চিত্ৰগুপ্ত মন্দিৰৰ কাষেৰে বৈ গৈছে ছিপ্ৰা নৈ৷ এই মন্দিৰত কাতিমাহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ শুক্লপক্ষৰ দ্বিতীয়া তিথিত চিত্ৰগুপ্ত মন্দিৰত অনুষ্ঠিত হয় চিত্ৰগুপ্ত জয়ন্তী৷ সেই পৱিত্ৰ পূজাত অংশগ্ৰহণ কৰিবলৈ কোটিৰ ঘৰত ভক্তৰ সমাগম ঘটে৷ জনবিশ্বাস অনুসৰি মন্দিৰটো হৈছে মৃত্যুৰ ঈশ্বৰৰ আৰাধনাস্থলী৷ এই মন্দিৰত যদি কোনোবাই দীৰ্ঘ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে তেন্তে তেওঁৰ আয়ুস বৃদ্ধি পায়৷ কিন্তু চিত্ৰগুপ্ত সন্তুষ্ট নহ’লে মন্দিৰত পূজা কৰা লোকৰো সোনকালেই মৃত্যু ঘটিব পাৰে বুলি বিশ্বাস আছে৷ ভক্তই সেয়ে প্ৰবাদ অনুসৰি চিত্ৰগুপ্তই পছন্দ কৰা সামগ্ৰীৰে মন্দিৰটোত পূজা আগবঢ়ায়৷ শেহতীয়াকৈ অনুষ্ঠিত চিত্ৰগুপ্ত জয়ন্তীত এই মন্দিৰত পূজা আগবঢ়াইছিল কেবালাখ ভক্তই৷ অজস্ৰ লোকে ছিপ্ৰা নৈত নৈবেদ্য প্ৰদান কৰি শান্তিপূৰ্ণ মৃত্যুৰ বাবে প্ৰাৰ্থনা কৰিছিল৷ আজিও উজ্জয়িনীৰ ৰামঘাটত অৱস্থিত পৱিত্ৰ চিত্ৰগুপ্ত মন্দিৰত কমা নাই ভক্তৰ ভিৰ৷
এই মন্দিৰভাগত পূজা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে কেবাজনো লোকে মৃত্যুক আকোৱালি লোৱা বুলি ভক্তই বিশ্বাস কৰে৷ কথিত আছে যে মন্দিৰটোত নৈবেদ্য আগবঢ়োৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰাণবায়ু উৰি গৈছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ৷ তাৰোপৰি বহুদিন অসুস্থতাত ভুগি থকা বহু লোকৰ পৰিয়ালে আত্মীয়ৰ শান্তিপূৰ্ণ প্ৰয়াণৰ বাবে মন্দিৰত পূজা কৰে৷ তেওঁলোকে চিত্ৰগুপ্ত আৰু যমৰাজক পূজা কৰি কামনা কৰা কষ্টহীন মুক্তি৷ প্ৰায়ে চিত্ৰগুপ্তই এই উপাসনা মঞ্জুৰ কৰে বুলি বিশ্বাস প্ৰচলিত হৈ আছে৷ ভক্তৰ মতে প্ৰাৰ্থনাত অসন্তুষ্ট হ’লে চিত্ৰগুপ্তই কেবাবছৰো অসুস্থ হৈ থকা লোককো মুক্তি নিদিয়ে৷
পৌৰাণিক বিশ্বাস অনুসৰি চিত্ৰগুপ্ত হৈছে ব্ৰহ্মাৰ শৰীৰৰ পৰা সৃষ্টি হোৱা দেৱতা৷ তেওঁ হৈছে যমৰাজৰ প্ৰধান সহযোগী৷ সেয়ে চিত্ৰগুপ্তক মৃত্যুৰ দেৱতা হিচাপে হিন্দুধৰ্মীয়ে মান্যতা প্ৰদান কৰে৷ কিন্তু ৰামঘাটত অৱস্থিত এই মন্দিৰভাগৰ বিষয়ে বেছিভাগ লোকেই জ্ঞাত নহয়৷ কেইখনমান ৰাজ্যৰ ভক্তইহে চিত্ৰগুপ্ত মন্দিৰত পূজা কৰে৷ পিছে এই মন্দিৰভাগৰ ঐশ্বৰিক মাহাত্ম্য আছে বুলি বিশ্বাস কৰে ভক্তই৷ তেওঁলোকৰ মতে যদি শুদ্ধ অন্তৰেৰে চিত্ৰগুপ্ত মন্দিৰত উপাসনা কৰা হয় তেন্তে কোনো বিমুখ হ’ব নালাগে৷ যদি জীয়াই থাকি থাকি অতিষ্ঠ হোৱা লোকে নৰনাট সামৰিব বিচাৰে তেন্তে তেওঁ চিত্ৰগুপ্ত মন্দিৰত কৰিব লাগে উপাসনা৷ এই পূজা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে সেই লোকজনে শেষনিশ্বাস ত্যাগ কৰাটো নিশ্চিত৷