এই দেশত মুছলমানৰ অধিকাৰ এন্দূৰতকৈয়ো কম
সেয়ে এন্দূৰ ধৰি মৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে চাৰি মুছলমানক
উত্তৰ প্ৰদেশৰ জুনেইদ কুৰেশ্বী, জিছান কুৰেশ্বী, আছিফ কুৰেশ্বী আৰু ছফিকক আৰক্ষীয়ে হঠাতে গ্ৰেপ্তাৰ কৰিলে৷ তেওঁলোকক জামিনবিহীন ধাৰাত কিয় গ্ৰেপ্তাৰ কৰা হ’ল সেয়া গমেই নাপালে পৰিয়ালৰ লোকে৷ আনকি গ্ৰেপ্তাৰ হোৱা চাৰিজন যুৱকেও আৰক্ষীৰ তৎপৰতাৰ কাৰণটো বুজি নাপালে৷ কিয় তেওঁলোকক হঠাতে গ্ৰেপ্তাৰ কৰিলে সেয়া নাজানি চাৰিও যুৱকে থানাত কাৰণটো জানিব বিচাৰিলে৷ কিন্তু গ্ৰেপ্তাৰৰ কাৰণ জনোৱাৰ পৰিৱৰ্তে চাৰিওকে প্ৰহাৰ কৰিলে ঝান্সি থানাৰ OCয়ে৷ মুছলমান হোৱাৰ বাবেই চাৰিওকে প্ৰহাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ল৷ তাৰ পিছতহে ঝান্সিৰ আৰক্ষী বিষয়াই সদৰী কৰিলে চাৰি মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰাৰ কাৰণ৷ যোগী আদিত্যনাথৰ অনুগত IPS বিষয়াই প্ৰকাশ কৰা অনুসৰি জুনেইদ, জিছান, আছিফ আৰু ছফিক নামৰ ল’ৰাকেইটাই ধৰিছিল এটা এন্দূৰ৷ তেওঁলোকৰ ঘৰৰ সামগ্ৰী নষ্ট কৰাৰ বাবে চাৰিও ফান্দ পাতি এন্দূৰটো ধৰিছিল৷ সেই এন্দূৰটো মুছলমান যুৱকৰ দলটোৱে মাৰি পেলালে৷ তাৰ বাবে চাৰিওজনকে গ্ৰেপ্তাৰ কৰা হৈছে৷ অৰ্থাৎ হাল এৰি শিয়াল খেদি ফুৰাৰ দৰে উত্তৰ প্ৰদেশ পুলিচে এন্দূৰ নিধনৰ বাবে তেওঁলোকক এৰেষ্ট কৰিলে৷ কেৱল সেয়াই নহয়, চাৰিওজনৰ বিপক্ষে জামিনবিহীন ধাৰাত গোচৰো ৰুজু কৰা হ’ল৷ সেয়ে তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিলেই জে’ললৈ প্ৰেৰণ কৰা হ’ব৷ অবিশ্বাস্য যেন লাগিলেও এন্দূৰ মৰাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো সত্য৷ জানিব পৰামতে এই চাৰিওজন যুৱক হৈছে ঝান্সীৰ এটা আৱাসিক এলেকাৰে বাসিন্দা৷ তাতে তেওঁলোকে দোকান এখনো দিছিল৷ কিছুদিনৰ পৰা তেওঁলোকৰ ঘৰ আৰু দোকানত বাঢ়িছিল এন্দূৰৰ উপদ্ৰৱ৷ সেয়ে ফান্দ পাতি চাৰিও এন্দূৰ এটা ধৰিছিল৷ সেইটো দোকানৰ সন্মুখত পানীভৰ্তি চৰিয়াত ডুবাই তেওঁলোকে মাৰি পেলালে৷ এন্দূৰ মৰাটো দেখিলে কোনোবা আৰক্ষী বিষয়াই৷ সেই দৃশ্যটো কেমেৰাত আবদ্ধ কৰি তেওঁ শীৰ্ষ বিষয়াক দেখুৱালে৷ গতিকে এন্দূৰ নিধন কৰাৰ দৰে অপৰাধত চাৰিওৰে বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিলে৷ সেই গোচৰৰ ভিত্তিত দাগী অপৰাধীৰ দৰে চাৰিওকে গ্ৰেপ্তাৰ কৰা হ’ল৷
এই যুৱকৰ দলটো ঝান্সী থানাত আৰক্ষীৰ নিৰ্যাতনৰ চিকাৰ হ’ল৷ তেওঁলোকক প্ৰশ্ন সোধাৰ বাবে থানাৰ বিষয়াই প্ৰহাৰ কৰিলে৷ মূৰতো গুৰুতৰভাৱে আঘাত পোৱা যুৱকক ঝান্সীৰ চিভিলত চিকিৎসা কৰি থকা হৈছে৷ পিছে জামিনবিহীন ধাৰাত গোচৰটো ৰুজু হোৱাত তেওঁলোকে শীঘ্ৰে মুক্তি পোৱাৰ সম্ভাৱনা নাই৷ খবৰ অনুসৰি চাৰি মুছলমান যুৱকৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনেও গোচৰ তৰিছে৷ ৰাজহুৱা স্থানত এন্দূৰ মাৰি মুছলমান যুৱকে ধৰ্মীয় চেতনাত আঘাত হানিছে বুলি দাবী কৰিছে হিন্দুত্ববাদীয়ে৷ যিহেতু এন্দূৰ গণেশ দেৱতাৰ বাহন সেয়ে মুছলমান যুৱকে ধৰ্মীয় আস্থাত পদাঘাত কৰা বুলি গোচৰ ৰুজু কৰা হৈছে৷
তেওঁলোকৰ বিৰুদ্ধে এইপৰ্যন্ত তিনিটা গোচৰ তৰা হৈছে৷ গতিকে চিকিৎসালয়ৰ পৰা পোনপটীয়াকৈ জে’ল যাব লাগিব এন্দূৰ মৰা মুছলমান যুৱক৷ এই ঘটনাৰ বাবে আৰক্ষীয়ে তদন্তকাৰী দলো গঠন কৰিছে৷ সেই দলটোৱে মুছলমান যুৱকসকলে এন্দূৰটো কিয় মাৰিছিল তাৰ অনুসন্ধান কৰিব৷ যদি হিন্দুৰ ধৰ্মীয় চেতনাত আঘাত হনাৰ উদ্দেশ্যে তেওঁলোকে এন্দূৰটো মৰা বুলি প্ৰমাণ হয় তেন্তে যুৱকসকল কেবাবছৰো জে’লত থাকিব লাগিব৷ এন্দূৰ মাৰি জে’ল খটা দেশৰ প্ৰথম অপৰাধী হৈ পৰিব চাৰি মুছলমান যুৱক৷



