ঘৰত ভাত নোখোৱা হৈছিল পৰকতি লৰা স্বামীয়ে

ঘৰত ভাত খাবলৈ দিলে স্বামীয়ে কয়- মোৰ ভোক লগা নাই৷ দিনটো কাম কৰি ঘৰলৈ ওভতা স্বামীৰ কিয় ভোক নালাগে সেইটো পত্নীয়ে বুজা নাছিল৷ কিন্তু সুধিলেও মানুহজনে বাহিৰত খাবলগীয়া হ’ল বুলি ফাঁকি দিয়ে৷ সেয়ে লাহে লাহে তেওঁৰ পত্নীৰ সন্দেহ হৈছিল৷ দাল ম্যে কুচ কালা হ্যে বুলি তেওঁ সন্দেহ কৰি স্বামীৰ পিছা কৰিবলৈ ধৰিছিল৷ পিছে তেওঁৰ স্বামী হৈছে নোমটেঙৰ৷ পত্নীয়ে ধৰা পেলোৱাৰ ভয়ত তেওঁ নতুন পদ্ধতি অৱলম্বন কৰিলে৷ কিন্তু এশ গৰু মাৰি বাঘেই সাৰিব নোৱাৰিলে যেতিয়া এই লোকজনো ফচি গ’ল৷ তেওঁ যে তলে তলে পিৰিতি কৰি আছিল সেইটো গমেই পাই গ’ল পত্নীয়ে৷
সদায় কামৰ পৰা যোৱাৰ পিছতো লোকজনৰ পেট কিয় ভৰ্তি হৈ থাকে সেইটো কথাই তেওঁৰ পত্নীক আচৰিত কৰিছিল৷ তাৰ পিছতহে মহিলাগৰাকীয়ে গম পালে৷ অফিচৰ পৰা তেওঁৰ স্বামী নাকৰ পোনে পোনে ঘৰলৈ নাযায়৷ কাম শেষ কৰি লোকজন পৰকীয়া প্ৰেমিকাৰ ঘৰতহে সোমায়৷ তাত তেওঁক প্ৰেমিকাই ভাত খুৱায়৷ সেয়ে লোকজনে ঘৰত ভাত খোৱাৰ মন নকৰে৷ প্ৰেমিকাৰ হাততহে বেছি সোৱাদ পোৱা লোকজনে ঘৰৰ ভাতৰ কথা পাহৰিয়েই গৈছিল৷ পত্নীয়েও সেয়ে আৰম্ভ কৰি দিছিল CIDগিৰি৷
শেষত তেওঁৰ পত্নীয়ে প্ৰকৃত ৰহস্য উদঘাটন কৰিলে৷ তেওঁৰ স্বামীৰ যে পৰকিতি লৰিছে সেয়া গম পালে মহিলাগৰাকীয়ে৷ আগতে কামৰ পৰা গৈ ঘৰত ভাত বিচাৰি তেওঁৰ স্বামীয়ে হুৱাদুৱা লগাইছিল৷ একেজন মানুহৰে যেতিয়া ঘৰৰ ভাতসাঁজলৈ আগ্ৰহ নোহোৱা হ’ল তেতিয়া তেওঁ পৰকীয়া প্ৰেমিকাক বিচাৰিলে৷ শেষত স্বামীৰ প্ৰেমিকাৰ সন্ধান পাই তেওঁ ধৰিবলৈ কেবাদিনো খাপ পিটি থাকিল৷ কিন্তু চালাক স্বামীক ইমান সহজেও ধৰিব নোৱাৰিলে৷ গতিকে ভাত খাই থাকোতেই স্বামীক ধৰিবলৈ চলালে ছাৰ্জিকেল ষ্ট্ৰাইক৷
পৰকীয়া প্ৰেমিকাই বাঢ়ি দিয়া ভাত খাবলৈ ধৰোতেই স্বামীক হাতে-লোটে ধৰিবলৈ পত্নীয়ে অপেক্ষা কৰিলে৷ সময় অহাত তেওঁ পৰকীয়া প্ৰেমিকাৰ ঘৰত প্ৰৱেশ কৰি স্বামীক ধৰা পেলালে৷ তেতিয়া বেচেৰা লোকজনে একো ক’বও নোৱাৰা হ’ল৷ তেওঁ নীৰৱে থাকি স্বীকাৰ কৰিলে পৰকীয়া প্ৰেমৰ কথা৷ স্বামীৰ নীৰৱতাত কালীদেৱীৰ ৰূপ ল’লে পত্নীয়ে৷ তেওঁ আঙুলি জোকাৰি স্বামীৰ প্ৰেমিকাক জবাবদিহি কৰিলে৷ কিন্তু নিজৰ গিৰিয়েককে চম্ভালিব নোৱাৰা মানুহ বুলি তেওঁক পৰকীয়া প্ৰেমিকাই ঠাট্টা কৰিলে৷ ফলত লাগি গ’ল যুদ্ধ৷
দুয়ো চুলিয়াচুলি কৰি পৰিৱেশ একেবাৰে গৰম কৰি পেলালে৷ ৰাস্তাত বতাহ খাবলৈ যোৱা মানুহবোৰো গোট খালে৷ বহুতে অশেষ চেষ্টা কৰিহে কাজিয়াখন বাৰু ভাঙিলে৷ এইটো ঘটনা সংঘটিত হ’ল নলবাৰীত৷ পৰকীয়া প্ৰেমিকাৰ ঘৰত ভাত খাওতে স্বামীক ধৰা পেলোৱা পত্নীয়ে সেইদিনাই সংসাৰখন ভাঙি পেলালে৷ স্বামীৰ সৈতে সম্পৰ্ক ছেদেই কৰিলে মহিলাগৰাকীয়ে৷ ভাতৰ পাতত বহি স্বামীয় কান্দি কান্দিও পত্নীক বুজাব নোৱাৰিলে৷ পৰকীয়া প্ৰেমিকাই বাঢ়ি দিয়া ভাতসাঁজ খাই তেওঁ শুনিবলগীয়া হ’ল পত্নীৰ ককৰ্থনা৷