১০ টকীয়া পানীৰ বটলটো খাই আপুনি বিশুদ্ধ পানী খোৱা বুলি ভাবিছে নেকি
যদি ভাবিছে তেনেহ’লে নিজৰ অজ্ঞাতে খাই আছে বৰবিহ
আপুনি আমাৰ কথা বিশ্বাস নকৰিবও পাৰে৷ কিন্তু গুৱাহাটীৰ সমীপতে চলি থকা এটা পানীৰ বটলিং প্লাণ্টৰ ভিতৰৰ দৃশ্য আমাৰ গোপন কেমেৰাত আবদ্ধ হৈছে৷ সেই প্ৰকল্পটোৰ পৰা পানীৰ বটল সমগ্ৰ অসমজুৰি সৰবৰাহ কৰা হয়৷ কিন্তু তাত যেনেদৰে পানীৰ ফিল্টাৰ কৰি পানী বটলত ভৰোৱা হয় সেয়া দেখিলে আপুনি অবাক হৈ যাব৷ পানী উৎপাদনকাৰী প্ৰতিষ্ঠানটোৰ দেশজুৰি ফেক্টৰী আছে৷ তেওঁলোকে নিজৰ পেকেজড ৱাটাৰ সবাতোকৈ বিশুদ্ধ হিচাপে দাবী কৰে৷ কিন্তু অসমৰ ফেক্টৰীটোত পানী ফিল্টাৰ কেতিয়াও নকৰে সেইটো কোম্পানীয়ে৷ মটৰেৰে উঠোৱা পানীত এবিধ বিশেষ ৰাসায়নিক দ্ৰব্য মিহলি কৰাৰ পিছতে বটলত ভৰোৱা হয়৷ তাৰোপৰি কোম্পানীটোৱে পানী ভৰাবলৈ তৈয়াৰ কৰা বটলবোৰ একেবাৰে নিম্নমানৰ প্লাষ্টিকেৰে তৈয়াৰী৷ ফলত বটলত ভৰোৱাৰ কিছুদিনৰ ভিতৰতে পানী বিষাক্ত হৈ পৰে৷ মাইক্ৰ’প্লাষ্টিক মিহলি পানীয়েই গ্ৰাহকে দাম ভৰি কিনি খায়৷ তেওঁলোকে পানী কিমান বিষাক্ত পদ্ধতিৰে বটলিং কৰে সেয়া এই দৃশ্যটো দেখিলেই আপুনি বুজি পাব৷ কোম্পানীটোৰ বিকল ফিল্টাৰটোৰ কাষতে আছে এটা বৃহৎ নৰ্দমা৷ সেইটো অনবৰতে ফেনেৰে ভৰ্তি হৈ থাকে৷ এজন কৰ্মচাৰীয়ে প্ৰকাশ কৰা অনুসৰি স্বাস্থ্যৰ বাবে হানিকাৰক মাত্ৰাত পানীত মিহলি কৰা হয় ক্ল’ৰিন৷ স্বাভাৱিকতে পানীৰ অনুজীৱ নষ্ট কৰিবলৈ এটা বিশেষ মাত্ৰাত ক্ল’ৰিন মিলাব পাৰি৷ কিন্তু ফেক্টৰীটোত ক্ল’ৰিন বেছিকৈ দিয়া হয়৷
সেইবাবে বটলৰ পানী প্ৰকৃততে খোৱাৰ অনুপযোগী হৈ পৰে৷ পানী বটলত ভৰোৱাৰ পূৰ্বে চৰকাৰী নিয়ম অনুসৰি অজ’নেশ্যন কৰিব লাগে৷ খাদ্য সুৰক্ষাৰ বিধি অনুযায়ী পানীত অজ’ন গেছ মিহলি কৰাৰ ফলত বীজাণুমুক্ত হয়৷ কিন্তু বিশেষ ফেক্টৰীটোৱে চৰকাৰী নিয়ম পালন নকৰে৷ পানী অজ’নেশ্যন কৰাৰ কোনো ব্যৱস্থা এই ফেক্টৰীটোত নাই৷ তেওঁলোকে পানী বীজাণুমুক্ত নকৰাকৈ বিক্ৰী কৰি আছে৷ সেয়ে বিক্ৰী হোৱা পৰ্যন্ত কোম্পানীটোৰ পেকেজড ৱাটাৰ বৰবিহত পৰিণত হয়৷ এইদৰে কোম্পানীটোৱে অসমৰ গ্ৰাহকৰ জীৱনৰ সৈতে খেলি আছে৷ সেই বিশেষ কোম্পানীটোৰ ফেক্টৰীত কোনোদিনেই খাদ্য সুৰক্ষাৰ বিষয়াই তালাচী চলোৱাৰ উদাহৰণ নাই৷ সেইবাবে তেওঁলোকে অসমৰ গ্ৰাহকক ৰামঠগন দিবলৈ সাহস পাইছে৷
কোম্পানীটোৱে ফেক্টৰীৰ পৰিসৰত কেমেৰা নিষিদ্ধ কৰিছে৷ তেওঁলোকৰ জালিয়াতি ধৰা পৰাৰ ভয়ত কোনো কৰ্মচাৰীকো কাৰখানাত ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ অনুমতি নিদিয়ে৷ কিন্তু স্পাই কেমেৰাত ধৰা পৰিছে তেওঁলোকৰ জালিয়াতি৷ তথ্য অনুসৰি কোম্পানীটোৱে আৰম্ভণিতে পানীত অজ’ন মিহলি কৰাৰ বাবে মেচিন স্থাপন কৰিছিল৷ কিন্তু কিছুদিনৰ ভিতৰতে মেচিন বেয়া হ’ল৷ ফলত তেওঁলোকে আজিপৰ্যন্ত পইচা খৰচ নকৰিলে৷ তাৰ সলনি অসমৰ গ্ৰাহকক বিষাক্ত পানীয়েই খুৱাই আছে৷ কোম্পানীটোৰ নৰ্দমাত ফেন দেখিলে যিকোনো লোকৰে ভয় লাগি যাব৷ তেওঁলোকে নিম্নমানৰ প্ৰযুক্তিৰে পানী শোধন নকৰাকৈ বটলত ভৰাই বিক্ৰী কৰি আছে৷ কোম্পানীটোৱে পানী ভৰোৱাৰ বাবে বটল উত্তৰ প্ৰদেশত তৈয়াৰ কৰে৷ সেই বটল হৈছে অপকাৰী প্লাষ্টিকৰ৷ বিশেষ কোম্পানীটোৰ বিষয়ে আমি প্ৰকাশ কৰিম পৰৱৰ্তী প্ৰতিবেদন৷



