গ্ৰাহকৰ সন্মুখতে গাই খীৰাই গাখীৰ বিক্ৰী কৰে, বিশুদ্ধ গাখীৰৰ বাবে দিব লাগে অধিক দাম
গুৱাহাটীৰ কেবাজনো গাখীৰ বিক্ৰেতাই এইটো পদ্ধতি সম্প্ৰতি অৱলম্বন কৰিছে৷ পানী মিহলোৱা ভেজাল গাখীৰ বিক্ৰী কৰা বুলি যাতে কোনেও ক’ব নোৱাৰে তাৰ বাবে তেওঁলোকে গ্ৰাহকৰ সন্মুখতে গাই খীৰায়৷ গ্ৰাহকেও সন্তুষ্ট হৈ বিশুদ্ধ গাখীৰ পোৱা বুলি বিক্ৰেতাক বেছিকৈ দাম দিবলৈ কুণ্ঠাবোধ নকৰে৷ কিন্তু চকুৰ সন্মুখতে খীৰোৱা হ’লেও গাখীৰ বিশুদ্ধ বুলি নাভাবিব৷ এইদৰে গাখীৰ বিক্ৰী কৰা বেপাৰীয়ে গাইক আগতেই ইনজেকশ্যন দি থয়৷ পিটুইটেৰী গ্লেণ্ডৰ ইনজেকশ্যন দিয়া বাবে গায়ে বেছিকৈ গাখীৰ উৎপাদন কৰিব পাৰে৷ সেয়ে গ্ৰাহকৰ সন্মুখতে গাখীৰ খীৰাই বিক্ৰী কৰাৰ টেকনিক কৰিছে বেপাৰীয়ে৷
গোশালাত গ্ৰাহকৰ সন্মুখতে খীৰোৱা গাখীৰ ভেজাল গাখীৰতকৈয়ো ক্ষতিকাৰক৷ প্ৰাকৃতিকভাৱে গাইগৰুৰ মগজুত থকা পিটুইটেৰী গ্লেণ্ডৰ পৰা অক্সিট’চিন আৰু প্ৰ’লেক্টিন নামৰ হৰম’ন নিঃসৰণ হয়। অক্সিট’চিনে ওহাৰৰ পৰা গাখীৰ ওলাই অহাত সহায় কৰে৷ সেইদৰে প্ৰ’লেক্টিনে গাখীৰ তৈয়াৰ হোৱাত সহায় কৰে। গৰুৰ শৰীৰত এইবোৰ হৰম’নৰ নি:সৰণ খৰতকীয়া কৰিবলৈ ব’ভাইন ছ’মাট’ট্ৰ’পিন ইনজেকশ্যন দিয়া হয়৷ সেই ইনজেকশ্যনে পিটুইটেৰী গ্লেণ্ডক প্ৰভাৱিত কৰি গাইগৰুৰ ওহাৰত অধিক গাখীৰ উৎপন্ন কৰে৷
এইদৰে বেজী দি গাখীৰ উৎপাদন কৰাটো দেশত আইনীভাৱেও নিষিদ্ধ৷ এতিয়া মূল কথাটো হৈছে যে এনেদৰে খীৰোৱা গাখীৰ খাওতাৰ বাবে বিপজ্জনক৷ ইনজেকশ্যনযুক্ত গাখীৰত হৰম’নৰ অৱশিষ্ট অংশ থাকি যায়। এনে গাখীৰ খোৱাৰ ফলত সৰু ল’ৰা-ছোৱালীৰ শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা হয়। বিশেষকৈ কন্যাশিশু সময়তকৈ আগতেই ডাঙৰ হয়৷ ইনজেকশ্যন দিয়া গৰুৰ গাখীৰ সদায় খোৱা কন্যাশিশুৰ শৰীৰ কম বয়সতে অধিক মেদবহুল হৈ পৰে৷ তাৰ ফলত আগতীয়াকৈ পুষ্পিতা হোৱাৰ দৰে বিসংগতি হয়৷
ডাঙৰ মানুহৰো এনে হৰম’নযুক্ত সাংঘাতিক ক্ষতি কৰে৷ এই গাখীৰ খোৱা মহিলাৰ থাইৰয়ডৰ সমস্যা হয়৷ PCOD, অনিয়মীয়া মাহেকীয়া আৰু সন্তানহীনতা বা গৰ্ভধাৰণত জটিলতা আদিৰ অন্যতম কাৰণ বিষাক্ত গাখীৰ৷ পুৰুষৰ শৰীৰত বিষাক্ত গাখীৰে টেষ্ট’ষ্টেৰন হৰম’ন শুকুৱাই পেলায়৷ সেয়ে প্ৰজনন ক্ষমতা হ্ৰাস পোৱাৰ আশংকা জন্মে। কৃত্ৰিমভাৱে শক্তি বৃদ্ধি কৰি উৎপাদন কৰা গাখীৰত IGF-1ৰ পৰিমাণ বঢ়াই দিয়া হয়। শৰীৰত অতিৰিক্ত IGF-1 প্ৰৱেশ কৰিলে স্তন কেন্সাৰ, প্ৰ’ষ্টেট কেন্সাৰ আৰু বৃহদন্ত্ৰৰ কেন্সাৰৰ দৰে জটিল ৰোগৰ আশংকা ক্ৰমান্বয়ে বৃদ্ধি পায়। সেয়ে খাওতাৰ বাবেও এই গাখীৰবোৰ বিপজ্জনক৷
গাখীৰ খিৰোৱাৰ আগতে পালকে গৰুক অক্সিট’চিন ইনজেকশ্যনো দিয়ে৷ কিন্তু সেই বেজীটোৱে গৰুজনীৰ সাংঘাতিক ক্ষতি কৰে৷ ইনজেকশ্যনটো সদায় প্ৰয়োগ কৰাৰ ফলত গৰুৰ ওহাৰৰ ক্ষতি হয়৷ ওহাৰৰ প্ৰাকৃতিক পেশী দুৰ্বল হৈ পৰে আৰু পিছলৈ ইনজেকশ্যন নিদিলে গৰুজনীয়ে গাখীৰ একেবাৰে নিদিয়া হয়। অক্সিট’চিন ইনজেকশ্যন দি গাখীৰ খীৰোৱা গৰুৰ প্ৰজনন ক্ষমতা হ্ৰাস পায়৷ অতিৰিক্ত হৰম’নৰ ফলত গৰুজনীৰ গৰ্ভধাৰণ ক্ষমতা ক্ৰমান্বয়ে কমি যায় আৰু অকালতে পোৱালি দিব নোৱাৰা অৱস্থা পায়গৈ।



