গাড়ী ভাল কৰিবলৈ যাওতে সাৱধান হ’ব

পূজাৰ আনন্দৰ বতৰতে এটা খবৰ দিবলৈ ওলাইছোঁ
আপুনি যদি গাড়ী চলাই তেন্তে খবৰটো বৰ গুৰুত্বপূৰ্ণ
এমাহৰ ভিতৰত গাড়ীৰ প্ৰতিটো যন্ত্ৰাংশৰ দাম কমেও ১০০ টকা বাঢ়িছে৷ গাড়ী-মটৰ চাইকেল বুলি একো কথা নাই৷ প্ৰতিখন বাহনৰ যন্ত্ৰাংশৰ দাম বাঢ়িছেই৷ আগতে চাৰিশ টকাত পোৱা বাইকৰ ব্ৰেক শ্বুৰ দাম এমাহৰ ভিতৰত ১২০ টকা বৃদ্ধি হৈছে৷ তাৰ সমানে বাঢ়িছে মেকানিকৰ খৰচ৷ গতিকে গাড়ী ভাল কৰাৰ বাবে আপুনিও পূৰ্বৰ তুলনাত অধিক ধন খৰচ কৰিব লাগিব৷ কেন্দ্ৰীয় চৰকাৰে UPI টেক্সৰ ব্যৱস্থা কৰাৰ পিছতে গাড়ীৰ পাৰ্টছৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে৷ যদি আপুনি এই কেইদিনৰ ভিতৰত গেৰেজলৈ গৈছে তেন্তে গম পাব পাৰ্টছৰ দাম বৃদ্ধিৰ সবিশেষ৷ মোদীয়ে ইটোৰ পিছত সিটো টেক্স আৰোপ কৰি দেশৰ অট’ ম’বাইল বজাৰখন বিধ্বস্ত কৰি পেলাইছে৷ ফলত সাধাৰণ উপভোক্তাই বাইকত নতুন হেডলাইট লগালেও কমেও ২ হাজাৰ টকা ভৰিবলগীয়া হৈছে৷ এই পৰিৱৰ্তন বেছিদিনৰ ভিতৰত হোৱা নাই৷ আনকি টেক্সৰ ফলত ম’বিলৰ দাম আকাশলংঘী হাৰত বৃদ্ধি হৈছে৷ পূৰ্বে ৪২০ টকাত বজাৰত বাইকৰ বাবে উৎকৃষ্ট ম’বিল পোৱা গৈছিল৷ এমাহৰ পিছত সেই ম’বিলৰে গেলনটোৰ দাম ৫৩০ টকা হ’লগৈ৷ মুঠতে মোদীয়ে কাকো এৰি দিয়া নাই৷ ব্ৰেক শ্বুৰ পৰা ম’বিলপৰ্যন্ত সকলোৰে দাম বৃদ্ধি কৰিহে পেট ভৰিছে মোদীৰ৷
টায়াৰ, ইঞ্জিন অইল আৰু বেটাৰীৰ দাম এমাহৰ ভিতৰত সলনি হৈছে৷ তিনিওবিধ সামগ্ৰীৰ দাম ৫ শতাংশ বৃদ্ধি কৰিছে উৎপাদনকাৰী কোম্পানীয়ে৷ তেওঁলোকৰ মতে নতুনকৈ উৎপাদন কৰা সকলো সামগ্ৰী BS-6 মডেলক অনুসৰণ কৰিব নিৰ্মাণ কৰিবলগীয়া হৈছে৷ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত সকলো সামগ্ৰীৰে উৎপাদন ব্যয় অধিক৷ গতিকে কোম্পানীয়ে গ্ৰাহকৰ মূৰতে ৰামটাঙোন শোধাইছে৷ সামগ্ৰিকভাৱে কেঁচা মালৰ দাম সাংঘাতিক মাত্ৰাত বাঢ়িছে৷ এলুমিনিয়াম, তাম, ৰবৰ, প্লাষ্টিক আদিৰ দাম ছমাহৰ ভিতৰত ৬০ শতাংশ বৃদ্ধি হৈছে৷ তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে গাড়ীৰ যন্ত্ৰাংশৰ বজাৰ৷ কিছুদিনৰ ভিতৰত দাম বঢ়া সামগ্ৰীৰ অন্যতম হৈছে অইল ফিল্টাৰ৷ এমাহতে বাইকৰ অইল ফিল্টাৰৰ দাম ডেৰশটকা বৃদ্ধি হৈছে৷
উৎপাদনকাৰী কোম্পানীৰ মতে তেওঁলোকে গাড়ীৰ কোনো যন্ত্ৰাংশৰে দাম হ্ৰাস কৰিব নোৱাৰে৷ কাৰণ আধুনিক বাহনৰ ছেন্সৰ আৰু ইলেকট্ৰনিক সামগ্ৰী বিদেশৰ পৰা আমদানি কৰা হয়৷ কেবাখনো দেশত যুদ্ধ চলি থকাত তেওঁলোকে দূৰণিবটীয়া বাটেৰে সামগ্ৰী আমদানি কৰিবলগা হৈছে৷ পৰিপ্ৰেক্ষিতত কোম্পানী অধিক ধন ব্যয় কৰিবলৈ বাধ্য হৈছে৷ তেওঁলোকে সেই ধন আদায় কৰিবলৈ প্ৰতিবিধ যন্ত্ৰাংশৰ দাম বঢ়াই দিছে৷ সামগ্ৰিকভাৱে চাৰিচকীয়াৰ প্ৰতিটো পাৰ্টছৰ দাম ১৫ শতাংশ বৃদ্ধি হৈছে৷ এইবোৰৰ দাম অনাগত সময়ত কমাৰ সম্ভাৱনা নাই৷ গতিকে গাড়ী ভাল কৰিবলৈ যাওতে আগৰ সমান পইচা লৈ গ’লে বিপদত পৰিব৷ এমাহৰ আগতে চাৰিহাজাৰত পোৱা টায়াৰৰ দাম চকুৰ পলকতে ২ হাজাৰ টকা বঢ়োৱা হৈছে৷
আপুনি ইমান দাম ভৰি গাড়ী ভাল নকৰোঁ বুলি ভাবিলেও উপায় নাই৷ মেকানিকো নিৰূপায়৷ তেওঁলোকে সামগ্ৰীৰ বৰ্ধিত দামৰ বাবে গ্ৰাহকৰ পৰা অধিকহাৰত ধন আদায় কৰিবলৈ বাধ্য হৈছে৷ মোদীয়ে জাপি দিয়া প্ৰতিটো টেক্সেই বজাৰত পোনপটীয়াকৈ প্ৰভাৱ পেলাইছে৷ তেলৰ বৰ্ধিত দামৰ বাবে যোগান শৃংখল বিশৃংখল হৈ পৰিছে৷ সামগ্ৰী সৰবৰাহৰ খৰচ অধিক হোৱাটোও যন্ত্ৰাংশৰ দাম বৃদ্ধিৰ অন্যতম কাৰণ৷