কৰঙাৰ নামত সস্তীয়া দা-কুঠাৰ বিক্ৰী


কৰঙাৰ লো শিল্পৰ প্ৰতি আহিছে ভাবুকি
যোৰহাটৰ কৰঙাৰ অসমৰ অৰ্থনীতিৰ প্ৰতি আছে বৃহৎ অৱদান৷ এই অঞ্চলতে অসমৰ মুঠ চাহিদাৰ ৮০ শতাংশ দা-কটাৰী উৎপাদিত হয়৷ লোহাৰ সামগ্ৰী কৰঙাৰ পৰা বিদেশলৈয়ো ৰপ্তানি কৰা হয়৷ কমাৰ শিল্পৰ জৰিয়তে কৰঙাৰ বেছিভাগ লোক স্বাৱলম্বী হৈছে৷ কিন্তু বৰ্হিৰাজ্যৰ অঘৰী লোকৰ বাবে এই কোটিটকীয়া উদ্যোগৰ প্ৰতি ভাবুকিৰ সূচনা হৈছে৷ সম্প্ৰতি যোৰহাটৰ হাটে-বজাৰে বিক্ৰী হৈছে কেঁচা লোহাৰ দা-কটাৰী৷ সেইবোৰ কৰঙাৰ কমাৰে তৈয়াৰ কৰা বুলি অধিক দামত বিক্ৰী কৰা হৈছে৷ কিন্তু দৰাচলতে সেইবোৰ হৈছে বৰ্হিৰাজ্যৰ অঘৰী লোকে তৈয়াৰ কৰা৷ স্বাভাৱিকতে সেইবোৰৰ ক্ষমতাও কৰঙাৰ কমাৰে তৈয়াৰ কৰাৰ দৰে নহয়৷ সেয়ে কৰঙাৰ লো শিল্প অঘৰী লোকসকলৰ বাবে বদনামী হৈছে৷
কিছুদিনৰ পূৰ্বে যোৰহাটৰ বাটে-ঘাটে দেখা গৈছিল এটা অঘৰী সম্প্ৰদায়ক৷ অসমীয়া ক’ব নজনা লোকসকলে হঠাতে দা-কুঠাৰ তৈয়াৰ কৰিবলৈ ধৰিলে৷ তেওঁলোকে ৰাস্তাৰ কাষতে সস্তীয়া যন্ত্ৰ স্থাপন কৰি দা-কুঠাৰ বনাইছে৷ সেইবোৰ কিনি ঠগ খাইছে গ্ৰাহকে৷ কৰঙাৰ কমাৰৰ অভিযোগ অনুসৰি এচাম বিহাৰী বেপাৰীয়ে বিক্ৰী কৰিছে অঘৰী কাৰিকৰে সজা দা-কুঠাৰ৷ তেওঁলোকে তেনেই সস্তীয়া কেঁচালোহাৰে দা-কুঠাৰ তৈয়াৰ কৰে৷ সেয়ে কমদিনতে সামগ্ৰীবোৰ বেয়া হৈ যায়৷ কিন্তু কৰঙাৰ সামগ্ৰীৰ দৰে অঘৰীয়ে নিজৰ দা-কুঠাৰতো চিন দিবলৈ ধৰিছে৷ আনকি বৰ্হিৰাজ্যলৈয়ো প্ৰেৰণ কৰা হৈছে এই সস্তীয়া সামগ্ৰীবোৰ৷
বঞ্জাৰা জাতিৰ লোকসকলে নিজকে উত্তৰ প্ৰদেশৰ পৰা অহা বুলি পৰিচয় দিয়ে৷ তাৰে কিছুমানে নিজকে মধ্যপ্ৰদেশৰ বুলি চিনাকি দিয়ে৷ তেওঁলোকে পৰিচয়-পত্ৰ দেখুৱাব নোৱাৰে৷ ৰাস্তাৰ কাষতে তম্বু টানি বাস কৰা লোকসকলৰ মুনীহ-তিৰোতা সকলোৱে পুৱাৰ পৰা কাম আৰম্ভ কৰে৷ অঘৰী সম্প্ৰদায়ৰ মহিলায়ো জানে দা-কুঠাৰ নিৰ্মাণৰ কায়দা৷ তেওঁলোকে নিজৰ ঠাইত এইদৰে কাম কৰি পইচা উপাৰ্জন কৰিলে কাৰো একো ক’বলগীয়া নাছিল৷ কিন্তু সেইসকলে এতিয়া যিটো কাম কৰিছে তাৰ বাবে অসম বদনামী হৈছে৷ এনেদৰে চলি থাকিলে কৰঙাৰ লো শিল্পৰ প্ৰতি গ্ৰাহকৰ পিছলৈ মুঠেই আস্থা নোহোৱা হৈ পৰিব৷
বিষয়টো সন্দৰ্ভত কৰঙাৰ কমাৰে কেবাটাও জাতীয় সংগঠনক অৱগত কৰিছিল৷ কিন্তু কোনেও একো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অঘৰীয়ে ছল পাইছে৷ আনহাতে বৰ্তমান বজাৰত কৰঙাত উৎপাদিত যিবোৰ দা-কুঠাৰ বিক্ৰী হয় সেইবোৰৰ দাম আনৰ তুলনাত বেছি৷ কিয়নো কৰঙাৰ কমাৰে পকালোহাৰে ধাৰাল অস্ত্ৰ তৈয়াৰ কৰে৷ সেয়ে বিদেশতো কৰঙাত নিৰ্মিত সামগ্ৰীৰ চাহিদা আছে৷ কিন্তু যোৰহাটৰ অনা-অসমীয়া ব্যৱসায়ীয়ে অঘৰীবোৰে তৈয়াৰ কৰা দা-কুঠাৰ বেছিদামত বিক্ৰী কৰি কৰঙাক বদনামী কৰিছে৷
কৰঙাৰ লো শিল্পক চৰকাৰে একো গুৰুত্ব অৱশ্যেই দিয়া নাই৷ কিন্তু বিগত কেইবছৰমানৰ ভিতৰত এই এলেকাটোৰ ব্যৱসায় ঠন ধৰি উঠিছে৷ কৰঙাৰ দা-কুঠাৰৰ প্ৰতি আগ্ৰহী হৈ পৰিছে বৰ্হিৰাজ্যৰ গ্ৰাহক৷ তেনে সময়তে এই অঘৰীবোৰৰ হস্তক্ষেপে সম্ভাৱনাময় উদ্যোগৰ সৰ্বনাশ কৰিবলৈ ওলাইছে৷ যদি এতিয়াই এইবোৰক উৎখাত কৰা নহয় তেন্তে কৰঙাৰ উদ্যোগো শেষ হৈ যাব৷ দা-কুঠাৰ তৈয়াৰ কৰা অসমীয়াই অঘৰীৰ ওচৰত ছাৰেণ্ডাৰ কৰিব লাগিব৷ তাৰ বাবে যোৰহাটৰ বিহাৰী বেপাৰীকো দিব লাগিব ৱাৰ্নিং৷