কোন এই মহাপ্ৰতাপী মৃদুল বাইলুং

108ৰ মৃত্যুঞ্জয় এম্বুলেন্স লৈ ফুৰিবলৈ যায় ড্ৰাইভাৰ
এম্বুলেন্সত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যায় কৰ্মচাৰী সন্থাৰ নেতা মৃদুল বাইলুং
আমি উল্লেখ কৰা মৃদুল বাইলুং হৈছে উজনি অসম মৃত্যুঞ্জয় কৰ্মচাৰী ইউনিয়নৰ যুটীয়া সম্পাদক৷ পিছে সংগঠনত তেওঁৰ প্ৰভাৱ সভাপতিৰ তুলনাতো বেছি৷ মৃদুল বাইলুঙে ইচ্ছা কৰিলে উজনি অসমত বন্ধ কৰি দিব পাৰে মৃত্যুঞ্জয় সেৱা৷ তেওঁ 108 এম্বুলেন্সক ব্যক্তিগত বাহনৰ দৰে ব্যৱহাৰ কৰে৷ পৰিয়ালৰ প্ৰয়োজন থাকিলেও এম্বুলেন্স ব্যৱহাৰ কৰে মৃদুল বাইলুঙে৷ তেওঁ দৰকাৰ হ’লে এম্বুলেন্স লৈ ফুৰিব যায়৷ এইজন মৃদুল বাইলুঙেই শেহতীয়াকৈ দিছপুৰত এজন পথচাৰীক খুন্দিয়াই মাৰিবলৈ উদ্যত হৈছিল৷ তেওঁ এম্বুলেন্স লৈ গুৱাহাটীত অৱসৰ বিনোদন কৰি থাকোতে সন্মুখত পৰিছিল এজন পথচাৰী৷ সেই লোকজনক দেখিও মৃদুল বাইলুঙে ব্ৰেক নধৰিলে৷ লোকজন গাড়ীৰ বনেটত উঠিবলৈ বাধ্য হৈ পৰিল৷ তেতিয়া মৃদুল বাইলুঙে সদম্ভে এম্বুলেন্সখন চলাই নিয়াৰ চেষ্টা কৰিলে৷ ৰোগীৰ প্ৰাণৰক্ষাৰ বাবে ব্যৱহৃত এম্বুলেন্সৰে তেওঁ এজন সাধাৰণ লোকক প্ৰাণে মাৰিবলৈয়েই চেষ্টা চলালে৷ এইজন মৃদুল বাইলুং হৈছে 108 মৃত্যুঞ্জয়ৰৰ কৰ্মচাৰীৰ স্বয়ম্ভূ ত্ৰাণকৰ্তা৷ তেওঁ দিছপুৰত নিজৰ অখণ্ড প্ৰতাপ আছে বুলি দাবী কৰে৷ সেয়ে কোনো চৰকাৰী একশ্যনলৈ ভয় নকৰে মৃদুল বাইলুঙে৷ তেওঁ প্ৰায়ে এম্বুলেন্সবোৰ ব্যক্তিগত গাড়ীৰ দৰে ব্যৱহাৰ কৰে৷ আমি লাভ কৰা অভিযোগ অনুসৰি এম্বুলেন্সতে পৰিয়ালসহ ফুৰিবলৈ যায় মৃদুল বাইলুং৷ তেওঁ নিজা গাড়ী নিয়াৰ সলনি এম্বুলেন্স লৈ গুৱাহাটীতো ভ্ৰমণ কৰিবলৈ যায়৷ এইজন মৃদুল বাইলুঙৰ বাবে ডিব্ৰুগড়ৰ ৰোগী 108ৰ সেৱা লাভৰ পৰা বঞ্চিত হয়৷ তেওঁ নিজা বাহনৰ দৰে এম্বুলেন্স লৈ পাৰ্টী কৰি ফুৰাৰ ফলত সাধাৰণ ৰোগীয়ে বিচাৰিলেও গাড়ী নাপায়৷ কিন্তু প্ৰতাপী মৃদুল বাইলুঙক কোনেও একো কৰিব নোৱাৰে৷
কৰ্মচাৰী সন্থাৰ যুটীয়া সম্পাদক মৃদুল বাইলুং শেহতীয়াকৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী গৈছিল৷ তেওঁ কিন্তু উৰাজাহাজ নতুবা নাইট ছুপাৰত গুৱাহাটীলৈ যোৱা নাছিল৷ মৃদুল বাইলুঙে গুৱাহাটী ভ্ৰমণ কৰিছিল এখন এম্বুলেন্সত৷ ডিব্ৰুগড়ৰ ৰোগীক বঞ্চিত কৰি তেওঁ এম্বুলেন্স লৈ গুৱাহাটী গৈছিল৷ তাতে তেওঁ কৰিলে চৰম উদ্ভণ্ডালি৷ গুৱাহাটীত এম্বুলেন্সখন ব্যক্তিগত বাহনৰ দৰে ব্যৱহাৰ কৰি ভ্ৰমণ কৰি থকা সময়তে এজন লোকক খুন্দিয়াই দিয়াৰ চেষ্টা কৰিলে বাইলুঙে৷ তেওঁৰ বাবে ইফালে ডিব্ৰুগড়ত এম্বুলেন্স বিচাৰি হাহাকাৰ কৰিবলগা হ’ল ৰোগীয়ে৷ কিন্তু সেইবোৰলৈ কেৰেপেই নকৰিলে প্ৰতাপী মৃদুলে৷ তেওঁ এম্বুলেন্স দৌৰাই সৃষ্টি কৰিলে উপদ্ৰৱ৷ ৰাজনৈতিক ক্ষমতাৰে বলিয়ান হৈ পৰা মৃদুল বাইলুঙে খুন্দিয়াই দিব ধৰিলে পথচাৰীক৷
মৃত্যুঞ্জয় কৰ্মচাৰী ইউনিয়নৰ সূত্ৰই সদৰী কৰা অনুসৰি এইজন মৃদুল বাইলুং হৈছে কেবাজনো ৰাজনৈতিক নেতাৰ আশিসপুষ্ট৷ তেওঁ সাধাৰণ ড্ৰাইভাৰ অথবা টেকনিচিয়ানৰ আন্দোলনৰ বিৰোধিতা কৰে৷ মৃত্যুঞ্জয় সেৱাৰ ড্ৰাইভাৰে প্ৰাপ্য বিচাৰি আন্দোলন কৰিলে ধমকি দিয়ে মৃদুল বাইলুঙে৷ কিন্তু তেওঁ ঠিকেই আদায় কৰি থাকে লাভ৷ তেওঁ এম্বুলেন্সক ব্যক্তিগত বাহনৰ দৰে ব্যৱহাৰ কৰাৰ বিষয়ে সাধাৰণ ড্ৰাইভাৰ উচ্চ পদস্থ বিষয়াকো অভিযোগ দিছে৷ কৰ্মচাৰী সন্থাৰ যুটীয়া সম্পাদক হোৱাৰ হেতুকে কোনেও মৃদুল বাইলুঙক একো কৰিব নোৱাৰে৷ তেওঁ সকলোকে নাকত ধৰি চাকত ঘূৰাইছে৷ ৰজাৰ দৰে হৈ পৰিছে মৃদুল বাইলুং৷