১৯ ছেপ্টেম্বৰৰ পিছৰ কথাবোৰ মনত আছেনে
সেই যে কোনেও শ্যামকানু-সিদ্ধাৰ্থৰ হৈ ওকালতি নকৰে বুলি ঘোষণা কৰিছিল উকীল সন্থাই!
ছিংগাপুৰৰ সাগৰে জুবিন গাৰ্গৰ প্ৰাণকাঢ়ি নিয়াৰ পিছত উকীল সন্থাই সদম্ভে ঘোষণা কৰিছিল যে অসমৰ কোনো অধিবক্তাই ঘাতকৰ হৈ ওকালতি নকৰে৷ শ্যামকানু, সিদ্ধাৰ্থ অথবা অমৃতপ্ৰভাৰ হৈ যুক্তি প্ৰদৰ্শন কৰাৰ বাবে আদালতলৈ কোনো নাযায়৷ স্বৰূপাৰ্থতে সেই সিদ্ধান্ত আইনী দৃষ্টিভংগীৰে ভুল আছিল৷ তথাপি আৱেগৰ ঢলত উটি-ভাহি অসমৰ অধিবক্তাই জুবিন গাৰ্গৰ ঘাতকক বৰ্জন কৰিলে৷ কিছুদিন অসমৰ সকলো উকীল সেই সিদ্ধান্তত অটল আছিল৷ জনমানসত ভিলেইনত পৰিণত হ’ব বুলি আশংকা কৰিও কোনো মুধাফুটা অধিবক্তাই এইপৰ্যন্ত জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ এজনো সংগীৰ হৈ ওকালতি অৱশ্যে কৰা নাই৷ কিন্তু উকীল সন্থাই বৰ্জন কৰাৰ কিছুদিনৰ পিছত সিদ্ধাৰ্থ শৰ্মাৰ হৈ ওকালতি কৰাৰ বাবে আগবাঢ়ি আহিছিল গেব্ৰিয়েল ছাহু নামৰ উকীলজন৷ তাৰ পিছতে ঘাতকৰ সৈতে ওকালতি কৰিবলৈ উকীলৰ লাইন লাগিল৷ শেষত আনন্দ ভূঞা নামৰ উকীলজনে অধিবক্তাৰ উপৰি বডীগাৰ্ডৰ দায়িত্বও পালনহে কৰিলে৷
অমৃতপ্ৰভা মহন্ত নামৰ তেনেই আজলীতৰাৰ ভাও জোৰা যুৱতীগৰাকী আছিল জুবিন গাৰ্গৰ অন্তিম সময়ৰ সাক্ষী৷ তেওঁ যি দেখিছিল সেয়া বৰ্ণনা কৰিবও নজনা হৈ পৰিছিল৷ কিন্তু অমৃতপ্ৰভাই নিশা হোটেলত জুবিন গাৰ্গৰ গিলাচত সুৰা বাকি দিয়াৰ পৰা য়টত চিগাৰেট সেৱন কৰালৈকে সকলো ইতিমধ্যে ফাদিল হৈছিল৷ সেই অমৃতপ্ৰভাক খালাচ কৰাবলৈ সক্ষম হ’ল উকীল আনন্দ কুমাৰ ভূঞা৷ তেওঁ কেৱল উকীলৰে নহয়, মক্কেলৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বও পালন কৰিলে৷ অসম কঁপাই যোৱা ঘটনাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ ভাষ্য গ্ৰহণ কৰিবলৈ সাংবাদিকে চেষ্টা কৰোতে আঙুলি টোঁৱাই ধমক দিলে আনন্দ ভূঞাই৷ যিটো অসমৰ ইতিহাসত কেতিয়াও ঘটা নাছিল৷ অসম নালাগে দেশৰ ইতিহাসতে কাহানিও অধিবক্তাই মক্কেলক নিৰাপত্তা দিয়াৰ দৰে ঘটনা প্ৰথমবাৰলৈ ঘটিছে৷ য’ত অধিবক্তাই ধমক দি খেদিবলৈ ধৰিছে সাংবাদিকক৷
কিন্তু বৰ্তমানৰ পৰিস্থিতিত এটা কথা প্ৰমাণিত হৈ পৰিছে যে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী অসমবাসীৰ অলিক কল্পনা৷ হাজাৰ চিঞৰিলেও অসমৰ প্ৰিয় পুত্ৰই কেতিয়াও ন্যায় নাপায়৷ জীৱনকালত যিসকলে জুবিন গাৰ্গক খীৰতি গাইৰ দৰে ব্যৱহাৰ কৰিলে তেওঁলোক জে’লত ৰাজসুখতে আছিল৷ অমৃতপ্ৰভাই জে’লতো লাভ কৰিছিল চেলাউৰি থ্ৰেডিং কৰাৰ সুবিধা৷ মুখ ক্নিন-আপ কৰিবলৈয়ো অমৃতপ্ৰভাৰ বিশেষ মানুহ আছিল৷ গতিকে জে’লত থাকিবলৈ তেওঁলোকে ভয় নকৰে৷ এতিয়ালৈ দেখা নাই যদিও শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাও যে জে’লৰ পুষ্টিকৰ আহাৰ খাই নোদোকা হৈ পৰিছে সেয়া নিশ্চিত৷ গতিকে অসমৰ ৰাইজ চিঞৰি চিঞৰি ভাগৰি পৰিব৷ তথাপি জুবিন গাৰ্গৰ ঘাতকে কোনোদিনে শাস্তি নোপোৱাটো খাটাং৷
অৱশ্যে অসমৰ ৰাইজৰ ৰোষৰ বলি হ’ব বুলি অমৃতপ্ৰভা মহন্তই গম পাইছে৷ সেয়ে অমৃতপ্ৰভা ঘৰত থকা নাই৷ তেওঁৰ পৰিয়ালৰ নলবাৰী আৰু গুৱাহাটীৰ ঘৰত ওলমি আছে তলা৷ অমৃতপ্ৰভাক গোপন স্থানত ৰখা হৈছে৷ থাৰত উঠি হিৰ’ইনৰ দৰে জে’লৰ পৰা ওলাই অহা অমৃতপ্ৰভাই ছিংগাপুৰত জুবিন গাৰ্গৰ তেজ শুহি মাস্ক মাৰি থাকিবলগীয়া হৈছে৷ এই গৰমতো হুডি পিন্ধি আহি অমৃতপ্ৰভাই আজলীতৰাৰ ভাও জুৰিছে৷ হয়তো কিছুদিনৰ পিছতে অমৃতপ্ৰভা দোষমুক্ত হ’ব৷ তাৰ পিছতে তেৱোঁ হ’ব পডকাষ্টৰ অতিথি৷



