ভক্তি নে ধনৰ লেনদেন
আধ্যাত্মিক গুৰু প্ৰেমানন্দ মহাৰাজৰ প্ৰতি ক্ৰিকেট তাৰকা বিৰাট কোহলিৰ শ্ৰদ্ধা সঁচানে?
অভিযোগ অনুসৰি সন্ত প্ৰেমানন্দ মহাৰাজৰ দৰ্শনৰ বাবে কোহলিয়ে হেনো লৈছিল নগদ ৫ কোটি টকা৷ শ্ৰীকৃষ্ণ জন্মভূমি সংগ্ৰহ ন্যাসৰ সভাপতি ফলাহাৰী মহাৰাজ ওৰফে দীনেশ শৰ্মাই উত্থাপন কৰা এই বিস্ফোৰক অভিযোগক কেন্দ্ৰ কৰি এতিয়া ক্ৰিকেট আৰু ধৰ্মীয় মহলত ব্যাপক তোলপাৰ লাগিছে৷
অৱশ্যে এই গুৰুতৰ অভিযোগক সম্পূৰ্ণ অসত্য, ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত বুলি কঠোৰ ভাষাত নাকচ কৰিছে বিৰাট কোহলিয়ে৷ আজি বিৰাট কোহলিৰ তৰফৰ পৰা এক আনুষ্ঠানিক বিবৃতি জাৰি কৰি স্পষ্ট কৰি দিয়ে যে, এই সকলো দাবী সম্পূৰ্ণৰূপে মিছা৷ কোহলিয়ে কোনো ধনৰ বিনিময়ত নহয়, বৰঞ্চ প্ৰেমানন্দ মহাৰাজৰ প্ৰতি থকা গভীৰ বিশ্বাস, আধ্যাত্মিক টান আৰু আন্তৰিক শ্ৰদ্ধাৰ বাবেই বৃন্দাবনলৈ গৈ মহাৰাজৰ আশীৰ্বাদ গ্ৰহণ কৰে৷
ফলাহাৰী মহাৰাজে এখন পত্ৰযোগে অভিযোগ তুলিছিল যে, আশ্ৰমৰ এটা বিশেষ বিল্ডাৰ গোটে প্ৰেমানন্দ মহাৰাজৰ দৰবাৰত জনসমাগম আৰু প্ৰচাৰ বৃদ্ধিৰ লক্ষ্যৰে ৫ কোটি টকা দি বিৰাট কোহিলক বৃন্দাবনলৈ মাতি আনিছিল৷ ইফালে, কোহলিৰ প্ৰতিক্ৰিয়াৰ পিছতেই বিষয়টো অধিক উত্তপ্ত হৈ পৰে৷
নিজৰ স্থিতিত অটল থাকি ফলাহাৰী বাবাই পুনৰ এটা ভিডিঅ’ বাৰ্তাযোগে দাবী কৰে যে, তেওঁৰ হাতত ৫ কোটি টকাৰ লেনদেনৰ স্পষ্ট তথ্য-প্ৰমাণ মজুত আছে৷ প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ তেওঁ কোহিলৰ সকলো বেংক একাউণ্টৰ নিৰপেক্ষ তদন্ত কৰিবলৈকো প্ৰত্যাহ্বান জনায়৷ কেৱল সেয়াই নহয়, সন্ত প্ৰেমানন্দৰ আশ্ৰমত কোহলিয়ে পিছলৈ ধন বিনিয়োগ কৰা বুলিও তেওঁ দাবী কৰে৷
বিৰাট কোহলি আৰু অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মা দীৰ্ঘদিন ধৰি সন্ত প্ৰেমানন্দ মহাৰাজৰ একান্ত ভক্ত৷ সুযোগ পালেই দুয়ো বৃন্দাবনলৈ ঢাপলি মেলে৷ বিগত ২২ জুলাইত গুৰু পূৰ্ণিমাৰ প্ৰাক্ক্ষণতো দুয়োগৰাকী তাৰকাক যমুনা বিহাৰ কুঞ্জ আশ্ৰমত অতি সাধাৰণভাৱে দেখা গৈছিল৷ বৰষুণৰ পিছত আশ্ৰমলৈ যোৱা বোকাৰে ভৰা পথত খোজ কাঢ়ি, মুখত মাস্ক পৰিধান কৰি আৰু খালি ভৰিৰে গৈ তেওঁলোকে মহাৰাজৰ দৰ্শন লাভ কৰিছিল৷



