কোনে কয় অসমীয়া মানুহ দুখীয়া বুলি

কোনে কয় অসমীয়া মানুহ দুখীয়া বুলি
অসমীয়া মানুহৰ পইচা আছে, খৰচ কৰিবহে নাজানে
কথাটো আপুনি মানিবই লাগিব৷ নাই মনা যদি এই দৃশ্যটো চাওক৷ এইখন হৈছে ফাঁচীবজাৰ৷ এসপ্তাহৰ পৰা ফাঁচীবজাৰত ভৰি দিবলৈয়ো ঠাই নাই৷ কোনো বিহাৰী-মাৰোৱাৰীয়ে ফাঁচীবজাৰত ভিৰ কৰি কাপোৰ কিনিব যোৱা নাই৷ সকলো গ্ৰাহক হৈছে খাটী অসমীয়া৷ অনা-অসমীয়াই পূজাত ব্যৱসায়হে কৰিছে৷ পূজাৰ বজাৰত তেওঁলোক বিক্ৰেতা, ফাঁচীবজাৰত একমাত্ৰ ক্ৰেতা হৈছে অসমীয়া৷ গুৱাহাটীত থকাসকলো ফাঁচীবজাৰলৈ গৈছে, বাহিৰৰ গ্ৰাহকেও সস্তাত পোৱাৰ আশাত তাতে ভিৰ কৰিছে৷ ফলত ফাঁচীবজাৰত সোমোৱাৰ উপায় নোহোৱা হৈছে৷ পূজাৰ বতৰত ফাঁচীবজাৰৰ চালাক বেপাৰীয়ে ডিছকাউণ্টো দিছে৷ সেয়ে অসম তাতেই উবুৰি খাই পৰিছে৷ গতিকে অসমৰ মানুহৰ পইচা নাই বুলি ক’লে বিশ্বাস কৰিব নোৱাৰি৷ এই দৃশ্য দেখিলে অসম ধনী মানুহৰ ঠাই বুলি সকলোৱে বিশ্বাস কৰিব৷ যিদৰে অসমীয়াই ফাঁচীবজাৰত ধন খৰচ কৰিছে সেয়া অভাৱনীয়৷ মানিব লাগিব যে দুৰ্যোগেও অসমীয়াৰ একো হানি কৰিব পৰা নাই৷
যোৱাবেলি পূজাৰ সময়ত অসমৰ পৰিৱেশ গোমা আছিল৷ জুবিন গাৰ্গৰ প্ৰয়াণৰ দৰে অবিশ্বাস্য বাতৰিয়ে গধুৰ কৰি ৰাখিছিল অসমীয়াৰ মন৷ তথাপি যোৱাবাৰো পূজা বিশেষ নোহোৱাকৈ থকা নাছিল৷ শোকত কাতৰ হৈ থাকিলেও অসমীয়াই পূজাতো আনন্দ কৰিছিল৷ এইবাৰ পিছে উলাহে পাৰ ভাঙি গৈছে৷ ফাঁচী বজাৰৰ এজন মাৰোৱাৰী ব্যৱসায়ীয়ে প্ৰকাশ কৰা অনুসৰি পূজাৰ বজাৰত সৰ্বাধিক বিক্ৰী হৈছে শাড়ী৷ এইবাৰ তেৱেঁই অকলে চাৰিকোটি টকাৰ শাড়ী আনিছিল৷ পূজালৈ চাৰিদিন থাকোতেই ইমানবোৰ শাড়ী বিক্ৰী হৈছে৷ ষ্টক শেষ হোৱাত আকৌ কলকাতাৰ পৰা শাড়ী আনিছে মাৰোৱাৰী ব্যৱসায়ীজনে৷ পূজাৰ বজাৰত দ্বিতীয় সৰ্বাধিক চাহিদা হৈছে বাঙালী আৰ্হিৰ চাদৰ-মেখেলাৰ৷ আগতে অসমীয়া মহিলাই নিপিন্ধা ফুলাম বস্ত্ৰৰ প্ৰচলন বৃদ্ধি হৈছে৷ ট্ৰেণ্ডিং হোৱা বাঙালী আৰ্হিৰ ২১ কোটি টকাৰ কাপোৰ বিক্ৰী হৈছে৷
পুৰুষৰ কাপোৰৰ ব্যৱসায় পূৰ্বৰ দৰেই চলি আছে৷ জিনছৰ প্ৰচলন পূৰ্বৰ তুলনাত হ্ৰাস হোৱা বুলি প্ৰকাশ কৰিছে গুপ্তা উপাধিৰ ব্যৱসায়ীজনে৷ তেওঁ বিগত সময়ত দিল্লীৰ পৰা ৮ কোটি টকাৰ জিনছ আনিছিল৷ সেইবোৰ ইতিমধ্যে খটম হৈছে৷ ব্যৱসায়ীজনে নিজেও এইবাৰ অসমত ইমান কাপোৰ বিক্ৰী হ’ব বুলি ভবা নাছিল৷ বিশেষকৈ উজনি অসমৰ বানৰ বাবে বজাৰত প্ৰভাৱ পৰিব বুলি তেওঁ নিশ্চিত হৈ আছিল৷ ইমান ক্ষতিৰ পিছত অসমৰ গ্ৰাহকে ব্যয় সংকোচন কৰিব বুলি আশংকা কৰি পূজাৰ বজাৰলৈ কম পৰিমাণৰ সামগ্ৰী অনা হৈছিল৷ কিন্তু অসমৰ গ্ৰাহকক দুৰ্যোগে হানি কৰিব নোৱাৰিলে৷ বানে প্ৰলয়ৰ সৃষ্টি কৰিলে যদিও ছমাহৰ ভিতৰতে অসমীয়াই থিয়দঙা দিলে৷ চাবলৈ গ’লে অসমীয়াৰ একোৱেই অভাৱ নাই৷
সামগ্ৰিকভাৱে পূজা অৰ্থনীতিৰ পৰিমাণ ১০০ কোটি টকাৰো বেছি হ’ব বুলি মাৰোৱাৰী বণিয়াই প্ৰকাশ কৰিছে৷ কেৱল ফাঁচীবজাৰতে বিক্ৰী হৈছে ৫১ কোটি টকাৰ সামগ্ৰী৷ সমগ্ৰ অসমৰ বজাৰত তাতকৈ বেছি পৰিমাণৰ কাপোৰ আৰু আন প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী হোৱাটো খাটাং৷ অৰ্থাৎ পূজাৰ বজাৰৰ নামত অসমৰ পৰা ওলাই গৈছে ১০০ কোটিৰ বেছি টকা৷ মণ্ডপৰ দৰকাৰী সামগ্ৰীও কলকাতাৰ পৰাহে আহিছে৷