ঢোলটো বজালেও ইফালে সিফালে চাই ল’ব
যদি ঢোলৰ মাত শুনিব নোৱাৰা মানুহ আছে তেন্তে পিটন খাবও পাৰে
সঁচা কথা এইটোৱেই যে অসমত অসমীয়াৰ শক্তি প্ৰায় নোহোৱা হৈছে৷ সেয়ে ঢোল বজালেও অসমীয়াক পিটিব পৰা দুৰ্বৃত্তই অতপালি কৰিবলৈ ভয় কৰা নাই৷ গতিকে এতিয়াৰ পৰা আপুনি ঢোল বজালে ইফালে সিফালে চাই ল’ব৷ যদি ঢোলৰ মাত শুনিব নোৱাৰা অসমীয়া বিদ্বেষীক দেখে তেন্তে ঢোল নবজাব৷ অন্যথা ঢোল বজোৱাৰ অপৰাধত আপুনিও মাৰ খাব লাগিব৷ কিন্তু শ্ৰীভূমিৰ অসমীয়াক প্ৰহাৰৰ সৈতে আচৰিত বিষয় এটাও জড়িত হৈ আছে৷ এতিয়া প্ৰশ্ন উঠিছে যে লীনা দলেৰ কাৰ্যকালত কিয় বাৰম্বাৰ সংঘটিত হৈছে অপৰাধ? যিখন জিলালৈকে লীনা দলে ট্ৰেন্সফাৰ হৈছে, তাতেই ঘটিছে অঘটন৷ ইয়াৰ কেবাটাও উদাহৰণ দিব পাৰি৷ প্ৰথমটো উদাহৰণ হিচাপে নগাঁও জিলাৰ বটদ্ৰৱা কাণ্ডৰ কথাই ক’ব পাৰি৷ ২০২২ চনৰ ২১ মেত উত্তেজিত জনতাই বটদ্ৰৱা থানা জ্বলাই দিছিল। সেই সময়তো জিলাৰ SP আছিল এইগৰাকী লীনা দলে। তাৰ আগলৈকে তেওঁ বিশ্বনাথ জিলাৰ SP আছিল। লীনা দলেই নগাঁৱত যোগদানৰ এমাহৰ পিচতেই শালনাবাৰীৰ ছফিকুল ইছলাম নামৰ এজন মাছ ব্যৱসায়ীৰ ২০ মে’ত বটদ্ৰৱা আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল। পিছলৈ আৰক্ষীয়ে আক্ৰোশ পূৰণৰ নামত বুলডজাৰ চলাই মৃতকৰ পৰিয়ালসহ ৫টা পৰিয়ালৰ ঘৰ ভাঙি পেলাইছিল৷ কিন্তু আক্ৰোশে আৰক্ষীক পৰিস্থিতি নিয়ন্ত্ৰণত সফল কৰিব নোৱাৰিলে৷
পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে বুলডজাৰ অভিযানক বেআইনী আখ্যা দি ক্ষতিপূৰণৰ নিৰ্দেশ দিছিল৷ তাৰ পিছত সংঘটিত হৈছিল SI জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। ৰাজ্য তোলপাৰ লগোৱা সেই ঘটনাৰ তদন্তৰ ফলাফল শূন্য হ’ল৷ তাৰ পিছতহে SP দলেক হাইলাকান্দিলৈ বদলি কৰা হৈছিল৷ পিছলৈ হাইলাকান্দিৰ পৰা ধুবুৰী আৰু ধুবুৰীৰ পৰা শ্ৰীভূমিলৈ তেওঁৰ বদলি কৰা হ’ল৷ শেহতীয়াকৈ শ্ৰীভূমিৰ আইন-শৃংখলা নিয়ন্ত্ৰণতো লীনা দলে ব্যৰ্থ হোৱা বুলি পৰিস্থিতিয়ে প্ৰতিপন্ন কৰিলে৷ তেওঁ SP হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা সময়তে শ্ৰীভূমিত ঢোল বজোৱাৰ বাবে অসমীয়াই গৰুপিটন খাবলগীয়া পৰিস্থিতি হ’ল৷ কেৱল এয়াই নহয়৷ যোৱা বছৰ জুন মাহত তেওঁক হাইলাকান্দিৰ পৰা ধুবুৰী জিলালৈ বদলি কৰাৰ অন্তৰালতো এটা কাহিনী আছিল৷ জিলাখনৰ গোলকগঞ্জত জনজাতিকৰনৰ দাবীত আক্ৰাছুৰ নেতৃত্বত শান্তি পূৰ্ণ প্ৰতিবাদী সমদলক বাধা দিয়াৰ নামত আৰক্ষীয়ে লাঠীচালনা কৰিছিল৷ ফলত কেবাজনো প্ৰতিবাদী জখম হোৱাক লৈ পৰিস্থিতি অশান্ত হৈ পৰিছিল। সেইমৰ্মেই যোৱা বছৰ ছেপ্টেম্বৰত তেওঁক জিলাখনৰ পৰা শাস্তিমূলকভাবে বদলি কৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছিল। কিন্ত এমাহৰ পিচতে লীনা দলেক শ্ৰীভূমি জিলাৰ দায়িত্ব দিয়া হৈছিল৷ এইবাৰ তেওঁ কাৰ্যনিৰ্বাহ কৰি থকা জিলাখনত সংঘটিত হ’ল গুৰুতৰ আইন-শৃংখলাজনিত ঘটনা। এই ঘটনাটো মদাহীয়ে কৰা ভুল বুলিহে লীনা দলেই যুক্তি দিবলৈ চেষ্টা কৰিছে৷ কিন্তু শ্ৰীভূমিৰ ঘটনাই যে অসমত অনাগত সময়ত ভাষিক সংঘাতৰ বাট মুকলি কৰিলে সেইটো নিশ্চিত৷ লীনা দলেৰ কাৰ্যকালত হোৱা ঘটনাটোৰ ফলত ৰাজ্যত উমি উমি বিদ্বেষৰ জুই জ্বলি আছে৷ সম্প্ৰতি হোটেল বিলাস ইনৰ ঘটনাৰ বাবে শ্ৰীভূমিৰ চৰ্চা তল পৰিলেও কোনেও পাহৰিব পৰা নাই৷ সেয়ে লীনা দলেক লৈ গৃহ বিভাগে পৰিস্থিতি পৰ্যালোচনা কৰা উচিত৷ নহ’লে আকৌ ঘটিব নহ’বলগীয়া ঘটনা৷ জোনমণি ৰাভাৰ পৰা শ্ৰীভূমিপৰ্যন্ত সংঘটিত অঘটনে ইতিমধ্যে প্ৰতিপন্ন কৰিছে লীনা দলেৰ কাৰ্য দক্ষতা৷



