কাকো গুৰুত্বই নিদিয়ে তানজিনাৰ স্বামী মনুৱে

নিৰ্বাচন নোহোৱাকৈ একেৰাহে ২০ বছ সমবায় সমিতিৰ সভাপতি পদত নেকিবুৰ
ঝাওডাঙা সমবায় সমিতিৰ মালিকৰ ৰূপত নেকিবুৰ ওৰফে মনু খান
পত্নীৰ ৰাজনৈতিক ক্ষমতাৰে সমবায় দখল মনু খানৰ
২০ বছৰে পতা নাই সমবায় সমিতিৰ নিৰ্বাচন৷ এজন লোকেই মানকাচৰৰ ঝাওডাঙা সমবায় সমিতিৰ সভাপতিৰ আসন দখল কৰি আছে৷ গতিকে গুৰুতৰ অভিযোগ উত্থাপন কৰি ঝাওডাঙা সমবায় সমিতিৰ অংশীদাৰে সমবায়ৰ কাৰ্যালয় উদ্ধাৰ অভিযান আৰম্ভ কৰিছে৷
অভিযোগ অনুসৰি ২০ বছৰ ধৰি ঝাউডাঙা সমবায় সমিতিত কোনো নিৰ্বাচন হোৱা নাই৷ কেৱল এটা পৰিয়ালে সমবায় চলাই আছে৷ এটা পৰিয়ালেই চেয়াৰমেনৰ দায়িত্ব দখল কৰি আছে৷
নেকিবুৰ জামান খান ওৰফে মনু খান নামৰ লোকজনে ঝাউডাঙা সমবায় সমিতিত একনায়কত্ব চলাই আছে৷ তেৱেঁই ২০ বছৰজুৰি চেয়াৰমেনৰ দায়িত্বত নিয়োজিত হৈ থকাৰ অভিযোগ উথাপন সমবায় সমিতিৰ অংশীদাৰ আৰু স্থানীয় ৰাইজে।
দুৰ্নীতিৰ বিৰুদ্ধে জিলা প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰা হৈছিল। ইমান বছৰ ধৰি চলাই অহা এই দুৰ্নীতিৰ বিৰুদ্ধে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবনে নকৰে সেয়া সম্প্ৰতি গুৰুত্বপূৰ্ণ প্ৰশ্ন৷
আনহাতে এই মনু খানৰ আছে ৰাজনৈতিক ক্ষমতা৷ তেওঁ হৈছে ৰাজনৈতিক নেত্ৰীৰ স্বামী৷ লগতে উত্তৰ কাছাৰৰ হাজাৰ কোটিটকীয়া কেলেংকাৰীৰ মূল অভিযুক্ত RS খানৰ ভাতৃ হৈছে মনু খান৷ তেওঁ দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ সভানেত্ৰী তানজিনা খানৰ স্বামী৷
পৰৱৰ্তী সময়ত আমি ফাদিল কৰিম নেকিবুৰ জামান ওৰফে মনু খানৰ দুৰ্নীতিৰ ক’লা অধ্যায় । তেওঁ সমবায়ৰ নামত চলাই থকা দুৰ্নীতিৰ বিষয়ে আমি এক্সক্লুছিভ তথ্য লাভ কৰিছোঁ৷ সেই বিষয়ে পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম বিস্তাৰিত তথ্য৷