এতিয়াও মানুহৰ দুৰ্গতিৰ শেষ নাই

তিৰাশীৰ আন্দোলনৰ পিছৰ দৰে অসমত হ’ব দুৰ্যোগ
বলিয়া বানৰ পিছত উজনিত হৈছে সৰ্বনাশ
চৰকাৰে একো গুৰুত্ব দিয়া নাই৷ সাহায্য প্ৰদানৰ পিছতে দায়িত্ব শেষ হোৱা বুলি প্ৰশাসনেও মূৰ পোলোকা মাৰিছে৷ কিন্তু অনাগত সময়ত যে কি বিভীষিকা হ’ব সেইটো সাপেখাতীৰ টাইৰাই গাঁৱলৈ লক্ষ্য কৰিলেই ক’ব পাৰি। এই গাঁৱখনৰ একেবাৰে কাষেৰে টীয়ক নদী বৈ গৈছে। এইবাৰ বানে গাঁৱখনৰ একমাত্ৰ পথটোৰ আধাখিনি খহাই পেলাইছিল৷ প্ৰলয়ৰ সময়ত প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে কাম কৰা সকাহ দিছিল গাঁৱবাসীক৷ কিন্তু পানী শুকুওৱাৰ পিছত প্ৰশাসন আৰু লোকনিৰ্মাণ বিভাগে একো নকৰা হ’ল৷
বৰ্তমান পথটোৰ অৱশিষ্ট অংশ ধৰি ৰাখিবলৈ গাঁৱৰ ৰাইজে আপ্ৰাণ চেষ্টা কৰিছে৷ কিন্তু চৰকাৰী বিভাগে কেইটামান বস্তা দিয়েই দায়িত্ব সামৰিলে। স্পাৰৰ দৰে সাজি পথটো মজবুত কৰাৰ বাবে গাঁৱৰ ৰাইজে দাবী জনাইছিল৷ কিন্তু প্ৰশাসনে একো নকৰিলে৷ ৰাইজক আভুৱা ভাৰি পথটোৰ কাষত কেইডালমান বাঁহ পুতি বস্তা পাৰি দিলে৷ ফলত পথটো ক্ৰমে খহি খহি গৈ আছে৷ যদি সেই ৰাস্তাটো একেবাৰে নোহোৱা হৈ যায় তেন্তে গাঁৱখন জনবিচ্ছিন্ন হৈ পৰিব৷ কাৰো সৈতে যোগাযোগ নোহোৱা হ’ব টাইৰাই গাঁৱৰ জনতাৰ৷
এই যিটো পৰিস্থিতি, তেনেকুৱা বিগত সময়তো অসমত হৈছিল৷ তিৰাশীৰ অসম আন্দোলনৰ সময়ত উন্মত্ত লোকে জ্বলাই দিছিল ৰাজ্যৰ কেবাখনো দলং৷ যাৰ ফলত অসম কমেও ২০ বছৰ পিছুৱাই যাবলগীয়া হৈছিল৷ পথ যাতায়াত তেতিয়া ব্যাহত হৈ পৰাৰ পৰিণাম অসমে এতিয়াও ভোগ কৰিয়েই থাকিবলগীয়া হৈছে৷ অসম আন্দোলনৰ সময়ত বাট-পথ ভাঙি পেলোৱাৰ ফলত যাতায়াত ব্যৱস্থা মষিমূৰ হৈ গৈছিল৷ সেইবাবে ৰাজ্যৰ গ্ৰামাঞ্চলত পথ নিৰ্মাণৰ নামতো পিছলৈ কোটি টকা খৰচ কৰিবলগা হৈছিল৷
এইবাৰ বলিয়া বানেও ৰাজ্যৰ অশেষ ক্ষতি কৰিলে৷ ৰাজ্যবাসীয়ে সময়মতে খাদ্যদ্ৰব্য যোগান ধৰি বানপীড়িতৰ প্ৰাণ ৰক্ষা কৰিলে ঠিকেই, কিন্তু তাৰ পিছৰ প্ৰয়োজন পূৰণ কৰিবলৈ চৰকাৰে পৰ্যাপ্ত পুঁজি মুকলি কৰা নাই৷ প্ৰশাসনেও ক্ষিপ্ৰতাৰে সমাধান কৰা নাই সমস্যা৷ তাৰে উদাহৰণ হৈছে টাইৰাই গাঁৱৰ পথটো৷ যদি চৰকাৰে যদি ব্যৱস্থা নলয় তেন্তে পথটোৰ বাকী থকা অংশও এইবছৰতে শেষ হ’ব। গাওঁখন তেতিয়া তিনিটুকুৰা হ’ব৷ তাৰোপৰি পাহাৰত বৰষুন দিলেই পানীও হুৰহুৰাই সোমাই হয়তো দ্বিতীয় নেপালীখুটি হ’ব টাইৰাই। ইমান আশংকাৰ পিছতো প্ৰশাসনে একো সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা নাই৷
আমি কোৱা টাইৰাই গাঁও হৈছে উদাহৰণহে৷ সাপেখাতিতে কেবাখনো গাঁও বিধ্বস্ত হৈয়েই আছে৷ পানী শুকাল যদিও গাঁৱবাসীৰ দুৰ্যোগৰ অন্ত পৰা নাই৷ পথটোৰ এফালৰ পৰা ভাঙি গৈছে৷ সাঁচিগছৰ খেতিও পানী শুকুওৱাৰ পিছত ধ্বংস হৈছে৷ খেতি কৰিবলৈ পথাৰবোৰ উপযোগী হৈ থকা নাই৷ নগা পাহাৰৰ পৰা নামি অহা পলসে পুতি পেলোৱা পথাৰত ধান খেতি কৰিব নোৱাৰা হৈ পৰিছে৷ এই বিষয়টোত চৰকাৰে গুৰুত্ব নিদিলে পৰিণাম ভয়ংকৰ হ’ব৷ অসম আন্দোলনৰ পিছৰ দৰে আকৌ হৈ পৰিব অসম৷