এইবাৰ মোদীক নিদিয়ে প্ৰচাৰৰ দায়িত্ব

ক্ৰমশ: শক্তিহীন হৈ পৰিছে মোদী ঢৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিৰে বিজেপিয়ে আকৌ নিৰ্বাচনত বিজয় অৰ্জন কৰিব নোৱাৰে৷ সেয়ে সাজু কৰা হৈছে দ্বিতীয় শাৰীৰ নেতা৷ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৱে ষ্টাৰ কেম্পেইনাৰ সাজু কৰিছে৷ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে হিন্দুত্ববাদী কট্টৰপন্থীক দুয়োখন ৰাজ্যতে অগ্ৰাধিকাৰ দিয়াৰ প্ৰস্তুতিক সমৰ্থন কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো তদানুসৰি দুয়োখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ নিৰ্বাচনী যুঁজত দলীয় প্ৰচাৰ আৰু কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ তেওঁৰ সহযোগী হিচাপে থাকিব উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী। অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে দুয়োখন ৰাজ্যৰ প্ৰচাৰাভিযানত মূল ভূমিকা পালন নকৰে ২০১৭ চনত ৰাজ্যখনৰ ৪০৩ বিধানসভা আসনৰ ভিতৰত এনডিএই ৩ শতাধিক দখল কৰিছিল৷কিন্তু এইবাৰ ৰাম মন্দিৰৰ চান্দাচুৰিৰ অভিযোগে যোগীৰ হিন্দুত্ববাদক প্ৰভাৱিত কৰিছে৷ লগতে ২০২৪ৰ লোকসভা নিৰ্বাচনতো কমিছে বিজেপিৰ ভোট৷ প ৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে কৌশলী প্ৰস্তুতি চলাইছে কট্টৰ হিন্দুত্বৰ শ্ল’গান দিয়াৰ লক্ষ্যৰে বিজেপিয়ে যোগী আদিত্যনাথক দিছে প্ৰচাৰৰ মূল দায়িত্ব৷একেদৰে উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে অধিক কঠোৰপন্থী হৈ পৰিছে পুষ্কৰ সিং ধামী৷ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভট্টৰ সৈতে মিলি তেওঁ সংহত কাৰ্যপন্থা তৈয়াৰ কৰিছে। উত্তৰাখণ্ডতো সক্ৰিয় হৈ আছে যোগী আদিত্যনাথ এই দুয়োখন ৰাজ্যৰ নিৰ্বাচন বিজেপিৰ বাবে ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ। তাৰোপৰি উত্তৰ প্ৰদেশত ক্ষমতা বাহাল ৰাখিব পাৰিলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোগী অধিক শক্তিশালী হৈ পৰিব৷ গতিকে তেওঁ মূৰ পাতি লৈছে গুৰু দায়িত্ব৷