বিজেপিৰ মতে নিৰ্বাচন আয়োগত হোৱা নাই গণ্ডগোল
কিন্তু নিৰ্বাচন বিষয়া পদত অধিষ্ঠিত হৈ আছে বিজেপি নেতা
শুনিবলৈ আচৰিত যেন লাগিলেও কথাটো সত্য৷ নিৰ্বাচন বিষয়াৰ দৰে সাংবিধানিক পদত অধিষ্ঠিত হৈ সম্প্ৰতি বিজেপি নেতাই ভোটযুদ্ধ পৰিচালনা কৰি আছে৷ দেশৰ সবাতোকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচন বিষয়া হিচাপে নিয়োজিত হৈ আছে নৱদ্বীপ ৰিনৱা৷ তেওঁ চৰকাৰী বিষয়া হিচাপে সেই পদ লাভ কৰিছে৷ কিন্তু নৱদ্বীপৰ পৰিয়ালৰ কাহিনী শুনিলে আপুনি আচৰিত হৈ পৰিব৷ উত্তৰ প্ৰদেশৰ প্ৰশাসনীয় বিষয়া নৱদ্বীপ হৈছে বিজেপিৰ প্ৰদেশ কমিটীৰ সভাপতিৰ পুত্ৰ৷ তেওঁৰ পিতৃ ব্ৰীজলাল ৰিনৱা হৈছে পঞ্জাব বিজেপিৰ সভাপতি৷ পূৰ্বে ব্ৰীজলাল ৰিনৱাই বিধায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি পুত্ৰ নৱদ্বীপ ৰিনৱাক চাকৰি দিয়া বুলিও অভিযোগ উত্থাপিত হৈছিল৷ সেই নৱদ্বীপ ৰিনৱাই হৈছে উত্তৰ প্ৰদেশ নিৰ্বাচন আয়োগৰ হৰ্তা-কৰ্তা বিধাতা৷ কেৱল সেয়াই নহয়, নৱদ্বীপৰ মাতৃও ৰাজনৈতিক নেত্ৰী৷ তেওঁৰ মাতৃ সৰস্বতী ৰিনৱা হৈছে বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি৷ পঞ্জাব বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে সৰস্বতী ৰিনৱাই কাৰ্যনিৰ্বাহ কৰি আছে৷ ৰ’ব, কাহিনীৰ ইয়াতে অন্ত পৰা নাই৷ নৱদ্বীপ ৰিনৱাৰ সহোদৰ ভাতৃ সন্দীপ ৰিনৱা হৈছে বিজেপিৰ প্ৰভাৱশালী নেতা৷ তেওঁ পঞ্জাবত সক্ৰিয়ভাৱে ৰাজনীতি কৰি আছে৷ নৱদ্বীপ ৰিনৱাই নিৰ্বাচন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত পৰিয়ালৰ আনসকল সদস্যই বিজেপিৰ হৈ ভাষণ দি ফুৰিছে৷ আনহাতে নৱদ্বীপ ৰিনৱা পূৰ্বে আন চৰকাৰী পদত নিয়োজিত আছিল৷ কিন্তু তেওঁক ততালিকে যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ নিৰ্বাচন বিষয়া পাতিলে৷ ইয়াৰ আঁৰতো আছে এটা বিশেষ কাৰণ৷ যাৰ বাবে নৱদ্বীপ ৰিনৱাই লাভ কৰিলে পদোন্নতি৷
কিছুদিন আগলৈকে উত্তৰ প্ৰদেশত আন বিষয়াই নিৰ্বাচন পৰিচালনা কৰি আছিল৷ কিন্তু ততালিকে তেওঁক নিৰ্বাচন বিষয়া হিচাপে বদলি কৰাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জোৰ দিলে৷ নৱদ্বীপ ৰিনৱা মুখ্য নিৰ্বাচন বিষয়া পদত অধিষ্ঠিত হ’লে বিজেপি লাভৱান হ’ব বুলি অনুমান কৰিলে যোগীয়ে৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচন অহা বছৰলৈ অনুষ্ঠিত হ’ব৷ ৰাজ্যখনত বিজয়ী হ’লে দেশৰ ৰাজনীতিত প্ৰায় অপ্ৰতিৰোধ্য হৈ পৰিব বিজেপি৷ সেয়ে যোগী আদিত্যনাথে ৰাজ্যখনত বিজয় অৰ্জন কৰাটো অপৰিহাৰ্য৷ গতিকে সাম দাম দণ্ড ভেদ সকলো নীতি প্ৰয়োগ কৰি আদিত্যনাথে নৱদ্বীপ ৰিনৱাক আসনত বহুৱালে৷
মুখ্য নিৰ্বাচন বিষয়াৰ পদত অধিষ্ঠিত হোৱাৰ লগে লগে গুৰু গোসাঁই নমনাকৈ কাম কৰিবলৈ ধৰিছে বিজেপি নেতাৰ পুত্ৰই৷ তেওঁৰ সকলো সিদ্ধান্ত হৈছে শাসকীয় দলৰ সপক্ষে৷ বিজেপিয়ে দাবী কৰাৰ পিছতে সমাজবাদী পাৰ্টীৰ বেংক একাউণ্ট তেওঁ বন্ধ কৰি দিছে৷ মুঠতে নৱদ্বীপ ৰিনৱা হৈ পৰিছে উত্তৰ প্ৰদেশত বিজেপিৰ পুনৰ বিজয়ৰ বাবে নিয়োগ কৰা এজেণ্ট৷ তেওঁ যিকোনো প্ৰকাৰে বিজেপিক আকৌ এবাৰ জিকাবলৈ চেষ্টা কৰিছে৷ যোগী আদিত্যনাথে বিচৰা প্ৰতিটো কামেই কৰিছে নৱদ্বীপ ৰিনৱাই৷ তেওঁৰ জৰিয়তে সমাজবাদী পাৰ্টীৰ কেবাজনো নেতাক গ্ৰেপ্তাৰ কৰাইছে যোগী আদিত্যনাথে৷ এফালে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলি আছে অবিৰত আন্দোলন৷ তাৰ মাজতে নৱদ্বীপ ৰিনৱাই বিজেপিৰ এজেণ্ট হিচাপে উত্তৰ প্ৰদেশত হাহাকাৰৰ সূচনা কৰিছে৷ নৱদ্বীপৰ জৰিয়তে বিজেপিয়ে কোটি কোটি লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিছে৷ তেওঁৰ উদ্যোগতে মুছলমান ভোটাৰে হেৰুৱাইছে ভোটাধিকাৰ৷



