বাংলাদেশত হিন্দুৰ কোনো বিপদ হোৱা নাই
দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে দিছে আৰ্থিক সাহায্য
বাংলাদেশৰ হিন্দু ইছলামিক উগ্ৰবাদীৰ অত্যাচাৰৰ চিকাৰ হোৱা বুলি প্ৰচাৰ কৰি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তন কৰিলে৷ কিন্তু সেইখন দেশত হিন্দুৱে মহা আড়ম্বৰেৰে শাৰদীয় উৎসৱ আয়োজন কৰিছে৷ পূৰ্বৰ তুলনাত বাংলাদেশত বৃদ্ধি পাইছে পূজা মণ্ডপৰ সংখ্যা৷ মণ্ডপ নিৰ্মাণৰ কামত নিয়োগ কৰা হৈছে মুছলমান শ্ৰমিকক৷ ধৰ্ম বেলেগ হ’লেও উৎসৱৰ আনন্দ উপভোগ কৰিবলৈ সমৱেত হৈছে লক্ষাধিক লোক৷ এইবাৰ বাংলাদেশত দুৰ্গাদেৱীৰ উপাসনাৰ বাবে নিৰ্মাণ কৰা হৈছে ৩৩,৮৫১ খন পূজা মণ্ডপ৷ ২০২৫ চনৰ ৩৩,৩৫৫ পূজামণ্ডপতকৈও এইবাৰ বাংলাদেশত বাঢ়িছে উছাহ৷ চৰকাৰৰ শক্তিশালী মন্ত্ৰী নিতাই ৰায়ৰ তত্ত্বাৱধানত পূজাৰ প্ৰস্তুতি চলি আছে৷ ভাৰতত হিন্দুত্ববাদী শক্তিয়ে অপপ্ৰচাৰ চলোৱাৰ সময়ত বাংলাদেশী হিন্দুৱে শাৰদীয় উৎসৱৰ বাবে চলাইছে অবিৰত আয়োজন৷ তেওঁলোকে পূজাৰ উপলক্ষত দোকান দিছে৷ বাংলাদেশী হিন্দুৱে উৎসৱৰ সময়ত নিৰাপত্তাৰ চিন্তা কৰা নাই৷ মুছলমানেও পূজা আয়োজনত সহায় কৰা বুলি প্ৰকাশ কৰিছে হিন্দুৱে৷ সংখ্যালঘু হ’লেও হিন্দুৱে পাইছে ধৰ্মীয় উৎসৱ আয়োজনৰ অধিকাৰ৷ কিন্তু দেশখনত হিন্দু নিৰাপত্তাহীন বুলি টেঁটুফালি চিঞৰিছে হিন্দুত্ববাদী সংগঠনে৷
এইবাৰ বাংলাদেশত আছে BNPৰ চৰকাৰ৷ তাৰিক ৰহমানৰ প্ৰধানমন্ত্ৰিত্বত দুৰ্গা পূজাৰ পাৰভঙা উছাহে বাংলাদেশ আলোড়িত কৰি তুলিছে৷ পূজা আয়োজনৰ বাবে বাংলাদেশী হিন্দুৱে চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচাৰিছিল৷ ভাৰতীয় অংকত পূজা কমিটীৰ যৌথ সংগঠনে দাবী কৰিছিল চাৰিকোটি টকা৷ কিন্তু আশ্বৰ্যকৰভাৱে প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে পূজাৰ আনন্দোৎসৱৰ বাবে ৫ কোটি টকা আদায় দিছে৷ উৎসৱ আয়োজনৰ বাবে বিচৰা পৰিমাণতকৈ অধিক ধন প্ৰদান কৰিছে কঠোৰপন্থী বুলিহে পৰিচিত প্ৰধানমন্ত্ৰীজনে৷ তেওঁ লগতে বাংলাদেশৰ প্ৰতিজন লোককে এই উৎসৱৰ অংশীদাৰ হোৱাৰ আহ্বান জনাইছে৷ তাৰিক ৰহমানে নিজেও দুৰ্গা পূজাত অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে৷ ধৰ্ম বেলেগ হ’লেও উৎসৱৰ আনন্দ উপভোগৰ বাবে তৎপৰ হৈ পৰিছে তাৰিক ৰহমান৷ তেওঁ সতীৰ্থ নিতাই ৰায়ক দিছে পূজা আয়োজনৰ দায়িত্ব৷ বাংলাদেশ চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী নিতাই ৰায়ে পূজাৰ প্ৰস্তুতিৰ নিৰীক্ষণ কৰিছে৷
তাৰোপৰি বাংলাদেশৰ কেবাজনো মুছলমান মন্ত্ৰীক তাৰিক ৰহমানে সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰাৰ নিৰ্দেশ দিছে৷ হিন্দু বাংলাদেশী যাতে কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে মুছলমান মন্ত্ৰীক নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ দায়িত্ব দিয়া হৈছে৷ সেই অনুসৰি কেবাখনো পূজা মণ্ডপত নিয়োগ কৰা হৈছে আৰক্ষী৷ ধৰ্মীয় চেতনাত আঘাত নোহোৱাকৈ সকলো হিন্দু নিৰাপত্তাৰক্ষীকে তাত নিয়োগ কৰা হৈছে৷ চৰকাৰী তত্ত্বাৱধানত পূৰ্বৰ তুলনাত অধিক হৈছে আনন্দোৎসৱ৷ হিন্দু জনতাই ভাৰতৰ পৰা নিছে পূজাৰী৷
আনহাতে প্ৰধানমন্ত্ৰীয়ে ঢাকাৰ হাই ছিকিউৰিটী জ’নতো পূজা আয়োজন কৰিবলৈ নিৰ্দেশ দিছে৷ মন্ত্ৰী নিতাই ৰায়ক দায়িত্ব দিয়া হৈছে পূজা আয়োজনৰ৷ হিন্দুৰ ধৰ্মীয় উৎসৱৰ সময়ত ৰাজধানীত আনন্দোৎসৱ পালন কৰি ধৰ্মনিৰপেক্ষতাৰ বাৰ্তা প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীজনে চেষ্টা চলাইছে৷ বাংলাদেশত পূজাৰ বজাৰত হৈছে ভিৰ৷ কাপোৰৰ বজাৰত কোটিটকাৰ লেনদেন হৈছে৷ চৰকাৰৰ আৰ্থিক সহায়ে বৃদ্ধি কৰিছে আনন্দ৷



