আৰু নদৌৰে নেকি হিমা দাসে

ক’ত হেৰাল ধিং এক্সপ্ৰেছ হিমা দাস
সমাপ্ত হ’ল নেকি দৌৰৰাণী হিমা দাসৰ কেৰিয়াৰৰ সোণালী অধ্যায়
লাভলিনাই অলিম্পিকত স্বৰ্ণজয় কৰাৰ পিছৰ কথা৷ গুৱাহাটীত লাভলীনাক লৈ পাৰভঙা উছাহৰ সময়ত হিমা দাসে কৈছিল- মাৰ্কেটত আকৌ আহি আছোঁ৷ কিন্তু হিমা দাস মাৰ্কেটলৈ আহিব নোৱাৰিলে৷ অসম পুলিচৰ ইউনিফৰ্ম পিন্ধাৰ পিছতে হিমা দাস হেৰাই গ’ল৷ ৪০০ মিটাৰ দৌৰত বিশ্বজয় কৰা হিমা দাস সম্প্ৰতি ক’ত আছে সেয়াও কোনেও নাজানে৷ হিমা দাসেও প্ৰশিক্ষণ অথবা প্ৰতিযোগিতাৰ বিষয়ে কোনো খবৰ নিদিয়ে৷ বহুতৰে মতে হিমা দাসে লুধিয়ানাস্থিত ট্ৰেইনিং চেণ্টাৰত কঠোৰ অনুশীলন কৰি আছে৷ কিন্তু এই প্ৰশিক্ষণৰ ফলাফল কি সেয়া হিমা দাসে নকয়৷ এছিয়ান গেমছত অংশগ্ৰহণৰ বাবেও হিমা দাসে যোগ্যতা অৰ্জনেই কৰিব নোৱাৰিলে৷ অথচ হিমাৰ জৰিয়তে অসমবাসীয়ে অলিম্পিক পদকৰ সপোন দেখিছিল৷ সেইগৰাকী হিমা দাস অন্তৰ্ধান হৈ গ’ল৷ কান্ধুলীমাৰীৰ ছোৱালীজনীৰ খবৰেই নোহোৱা হ’ল৷
ISSFত স্বৰ্ণপদক অৰ্জনৰ পিছত হিমা দাসৰ যি উত্থান ঘটিছিল সেয়া ৰূপকথাতকৈ কম নাছিল৷ দৌৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত হিমা আছিল তেনেই নি:কিন৷ কিন্তু স্বৰ্ণজয় কৰি যেতিয়া উভতি আহিছিল তেতিয়া হিমাৰ মুখত সনা আছিল এগালমান গ্লেমাৰ৷ হিমাৰ জনপ্ৰিয়তা কোনো তাৰকাতকৈ কম নাছিল৷ ধিঙৰ কান্ধুলীমাৰীৰ পৰা ওলাই যোৱা অষ্টাদশী হিমা দাসক উছেইন ব’ল্টৰ সৈতে অনুৰাগীয়ে তুলনা কৰিবলৈ আৰম্ভ কৰিছিল৷ অসমৰ অপূৰ্ণ আশা হিমা দাসেই পূৰণ কৰিব বুলি অনুৰাগী পতিয়ন গৈছিল৷ হিমা দাসেও কঠোৰ অনুশীলন কৰি ক্ৰমে হ্ৰাস কৰিছিল দৌৰৰ সময়৷ টাইমিং উন্নত কৰি হিমাই অলিম্পিকৰ স্বপ্ন পূৰণৰ দিশে ধাৱমান হৈছিল৷ কিন্তু আদবাটতে দৌৰৰাণী হিমা দাস দিকভ্ৰান্ত হৈ পৰিল৷
অসম চৰকাৰে সন্মানাৰ্থে হিমা দাসক যাচিলে DSP পদ৷ অসম পুলিচৰ ইউনিফৰ্মৰ উপৰি হিমা দাসে কিমান যে সন্মান লাভ কৰিলে তাৰ হিচাপেই নাই৷ চৰকাৰী আৱাসৰ পৰা নাৰ্ছিংহোমৰ ফ্ৰী হেলথ চেক-আপৰ অফাৰপৰ্যন্ত সকলো হিমালৈ আগবঢ়োৱা হ’ল৷ কিন্তু সেই গ্লেমাৰ হিমাই চম্ভালিব নোৱাৰিলে৷ মাজতে ড’পিং বিতৰ্কতো সাঙোৰ খালে হিমাৰ নাম৷ লুধিয়ানাৰ ট্ৰেইনিং চেণ্টাৰত ৰাছিয়ান প্ৰশিক্ষক এলিনাৰ সৈতে কাজিয়া কৰিও হিমাই নিজৰ ক্ষতি কৰিলে৷ লাহে লাহে হিমা দাস দিকভ্ৰান্ত হৈ পৰিল৷ তেওঁ গ্লেমাৰৰ বোজা চম্ভালিব নোৱাৰা হ’ল৷ কম বয়সতে লাভ কৰা খ্যাতিয়ে হিমাৰ উন্নতি নকৰিলে৷ তাৰ সলনি ধিং এক্সপ্ৰেছৰ গতি হ্ৰাস কৰিলে৷ আশাৰ বোজা কঢ়িয়াই ক্ৰমে ৰৈ যাবলগীয়া হ’ল হিমা দাস৷
সম্প্ৰতি এছিয়াডৰ স্বৰ্ণজয়ৰ পিছত অসমবাসী লাভলীনাক লৈ ব্যস্ত৷ কিন্তু প্ৰশ্ন হয় যে হিমা দাস বৰ্তমান আছে ক’ত? তেওঁ কি কৰি আছে? যদি লুধিয়ানাৰ প্ৰশিক্ষণ শিবিৰতে হিমাই দৌৰি আছে তেন্তে তেওঁ অসমৰ অনুৰাগীক কিয় একো খবৰ দিয়া নাই৷ অনুৰাগী হিমাৰ বিষয়ে জানিবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে৷ গতিকে হিমা দাসে স্পষ্টীকৰণ দিয়া উচিত৷ যদি তেওঁৰ খেলৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈছে তেন্তে হিমাই সেইটোও অনুৰাগীক জনাব লাগে৷ কাৰণ হাজাৰ হ’লেও হিমা অসমৰ সম্পদ৷ যিসময়ত ৰাজ্যত আন্ত:ৰাষ্ট্ৰীয় মানৰ ক্ৰীড়াবিদ নোহোৱা হৈছিল তেতিয়া হিমা দাসেই সেই খালি ঠাই পূৰণ কৰিছিলহি৷ কিন্তু হিমা দাস নিশ্চুপ হৈ আছে৷ লুধিয়ানাৰ প্ৰশিক্ষণ শিবিৰত হিমা আছেনে নাই সেয়াও কোনেও গম নাপায়৷
আনহাতে মাজে-সময়ে গুৱাহাটীলৈ আহি থাকে হিমা দাস৷ অৱশ্যেই কোনো ক্ৰীড়া সংক্ৰান্তীয় কাম হিমা নাহে৷ তেওঁৰ ভ্ৰমণৰ মূল উদ্দেশ্য হয় ব্ৰেণ্ডৰ প্ৰম’শ্যন৷ কিছুমান প্ৰতিষ্ঠানে হিমা দাসক দোকান-পোহাৰ উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ জনায়৷ সেই খুচুৰা কামবোৰতে হিমা দাস ব্যস্ত হৈ থাকে৷ এডিডাছৰ জোতাত নিজৰ নাম লিখি লোৱাৰ পিছত এডিডাছৰ ব্ৰেণ্ড এম্বেছাডৰ হোৱালৈ হিমা দাসে অশেষ কষ্ট স্বীকাৰ কৰিছিল৷ সেইগৰাকী দৌৰবিদেই গ্লেমাৰ চম্ভালিব নোৱাৰি নি:শেষ হৈ গ’ল৷ এই কথাটো অসমবাসীৰ বাবেও কম বেদনাদায়ক নহয়৷ গতি কমি যোৱা ধিং এক্সপ্ৰেছে অন্তত: জনাওক তেওঁ বৰ্তমানৰ অৱস্থা৷